যাযাবৰী ৰাতি - আব্দুল হানিফ খান

নিঃশব্দ সাগৰত ওপঙে
সৰীসৃপ

সজাই আকাশ
অৱচেতনাক বাষ্পীভূত কৰি

কথা কয়
কাহিনীৰ খহি পৰা আকাশৰ
বুকুত কম্পমান কজলা ধোঁৱাৰ
দুভৰিৰ প্ৰলয়ৰ

সকলো জানে
সকলো কব পাৰে

এক বেশ্যাৰ দৰে নাঙঠ কৰে
মুহূৰ্ততে

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send