মথাউৰিৰ জীয়া ছবি-জ্ক পাই

অসমীয়া সাহিত্যৰ চানেকি
0
(১)

এই বাটেৰে নেযাবি।
মথাউৰিৰ ওপৰত কঁৰাল মৰা এটি দুখ।
বানেৰে খহাব নোৱাৰা এটি দুখ, 
ওলমি ৰৈছে চিগা মথাউৰিটোত।

(২)

ফৰিঙৰ দৰে জপিয়াই জপিয়াই দৌৰি ফুৰিছে।
কেতিয়াবা যদি চাঙৰ ওপৰত,
কেতিয়াবা আকৌ নাৱৰ ওপৰত।
দুখটোৰ গোন্ধই পানীলৈকে শিপাইছে।

(৩)

লাজ নলগাবোৰৰ নাকত গোন্ধটো লাগিছে,
সপোনদেখা মানুহবোৰৰ চকুত চকুপানী গজিছে।
হালধীয়া সৰিয়হডৰা আজি এলবামৰ একোণত,
খোজত ধূলি উৰা ৰাস্তা আজি এবুকু পানীৰ তলত। 

(৪)

মেটেকা ফুলৰ সুৱাসত হাঁহিবলৈ শিকা মানুহখিনিয়ে, 
শেলুকৰ ভৰসাত আকৌ সপোন দেখিছে। 
কাৰোবাৰ বাবে যদি এটি উজাগৰী হুমুনিয়াহ, 
কাৰোবাৰ আকৌ অঘৰী ঠিকনা। 

              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)