অসুস্থ সময়খিনিৰে সৰকি,
মোৰ হাতত সৰি পৰিল এটি দীৰ্ঘম্যাদী কাহিনী।
সেই কাহিনীৰ আঁত ধৰিয়েই,
মই আঁকিবলৈ বহিছোঁ.. ।
'মোৰ স্বকীয়তাৰ গোন্ধ থকা আকাশখনিৰ ছবি'।
সেই আকাশ মোৰ..।
সেই আকাশ মোৰ উশাহখিনিৰে সৈতে বৰ গধুৰ।।
সেই আকাশৰ তলতেই...
প্ৰাচীনত্বৰ কোলাত অহৰহ উচুপি থাকে এটি চুটি গান।
"উশাহৰ হেঁপাহত শব্দৰ শ্ল'গান " ।।
এতিয়া মাথোঁ মই বিচাৰো...!
ৰুগ্ন ক্ষণৰ কোৰ্হালৰ মাজতেই নিৰ্জনতাৰ এটা ডাঙৰ কোব আৰু
এমুঠন শীতৰ সাধুকথাৰ সুখ।
কিন্তু...!
মই নাজানো কোন বাটে গ'লে
কবিতাৰ গৰ্ভত এমুঠি শীত পাম..?
অলপ 'প্ৰাপ্তিৰ'
অলপ 'অপ্ৰাপ্তিৰ' ..!
আৰু অলপ ৰ'দৰ স'তে উৰি যোৱা অসুস্থ সুৰখিনিৰ শেষত ,
এচাটি 'সুখৰ' শীত ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ