ফুলশয্যা নিশা খণ্ড ১-তীৰ্থ পিন্টু বৰা

Unknown
0
মমৰ ক্ষীণ পোহৰত নানা ৰঙীন ফুলেৰে সজোৱা বিচনাখনত লাজ লাজ কৈ বহি আছে মনালিছা, সজীৱ ফুলবোৰৰ পৰা নিগৰি আহিছে মন মতলীয়া সুবাস, আজি তাইৰ যুগ্মজীৱনৰ প্ৰথম নিশা, দুচকুত অযুত সপোন ..., আৰু এবুকু সেউজীয়া আশা..., কথাবোৰ ভাবি থাকোতেই ৰক্তিম দুৱাৰখন খুলি সোমাই আহিল, লাইতটো অন কৰি পাতৰ কুৰটা পাইজামাযোৰ সলাই ল'লে,
লাইটতো অফ কৰি সি বিচনাত বহিল, তেনেতে কোনোবাই দুৱাৰত টুকুৰীয়ালে..... দাদা দুৱাৰখন খোলাচোন....,
: বৌ গাখীৰ গিলাচ খাই লওক, দাদা এইগিলাচ তোৰ...., all the best দা, 
: তোৰ উৎপাত বেচি হৈছে ভন্টী মাৰ খাবি..., মনালিছা তুমি বেয়া নাপাবা, এই বৰ ধেমেলীয়া, 
      উৰনিৰ তলেৰে মনাই ৰক্তিমক লাজ লাজ কৰি এবাৰ চালে, তাৰ চকুৱে মুখে সুখৰ ৰেখা বিৰিঙি আছিল....

: মনালিছা...., আজি আমাৰ প্ৰথম নিশা, আজিৰ পৰাই আৰম্ভ হব আমাৰ যুগ্মজীৱন, পৱিত্ৰ অগ্নিক সাক্ষী কৰি তোমাক মই অৰ্ধাংগিনী কৰিছোঁ, আজি এই মধুৰ ক্ষণত মাত্ৰ এটাই অনুৰোধ কৰিম, মোক অলপ মৰম দিয়া, নিৰ্ভেজাল মৰম..., হয়টো মোক বুজি পাবলৈ তোমাৰ কিছু সময় লাগিব, ময়ো তোমাক বুজি পাব লাগিব, তেতিয়াহে আমাৰ সংসাৰখন সুখৰ হৈ উঠিব...., অ'...! পাহৰিছিলোঁৱেই, চাওঁ উৰণীখন আঁতৰাই দিয়া, আসঃ... কি অপূৰ্ব....! তোমাৰ জোন যেন মুখখনত সেন্দুৰৰ দগমগীয়া ফোঁটটো পূৰ্ণিমাৰ ভৰা জোনটিৰ দৰে জিলিকি উঠিছে , মনালিছা
হিয়াৰ ফুলনিত জিলিকি থকা তুমি এপাহ ৰঙা গোলাপ মোৰ প্ৰেমৰ জলন্ত প্ৰতীক , 
: ধন্যবাদ, মোৰ প্ৰশংসা কৰাৰ বাবে, আপোনাক এটা কথা কওঁ বেয়া পাব নেকি...?
: কোৱা. ..! কিয় বেয়া পাম।
: আপুনি মোক মনা বুলিয়ে মাতিব,
: ঠিক আছে বাৰু, কিন্ত তুমিও মোক আপুনি বুলি নকবা , তুমি বুলিয়ে কবা, মোৰ ভাল লাগিব, আৰু তুমিও সহজ হব পাৰিবা,
: দেউতা ৰাতিপুৱা সোনকালে উঠে নেকি..!
: ৬-৩০মানত উঠে, তুমি চিন্তা কৰিব নালাগে, দেউতাই তোমাক নিজৰ ছোৱালীৰ দৰেই মৰম কৰিব... , 
                 মনালিছাৰ হাতখন খামুচি ধৰি ৰক্তিমে তাইক বুকুৰ মাজলৈ টানি নিছিল, চক খাই উঠিছিল মনা..., ভয় কৰিছা ..! মই কোনো শত্ৰু নহয় তোমাৰ স্বামী...., হা: হা:, তোমাৰ এই অৱস্থা দেখি এটা কবিতা মনত পৰিছে..... " প্ৰথম নিশাৰ অপৰিচিতা পত্নীৰ দৰে থৰে থৰে পৃথিৱী কপিছে.."
: তুমি বৰ ৰোমান্টিক, মই কল্পনাই কৰিব পৰা নাছিলোঁ, 
               কপালত মিঠা চুমা এটা আঁকি দুচকুত দুচকু থৈ নয়নভৰি চাইছিল মনাক, তোমাৰ সাগৰ নীলা দুচকুত প্ৰেমৰ যোৱাৰ উঠিছে মনা, মোৰ দেহৰ শিৰাই শিৰাই বোৱাই দিয়া তোমাৰ প্ৰেমৰ জ্বলন্ত শিখা...., 

: মনা....! দুদিন পিছত মই যাবগৈ লাগিব কৰ্মস্থলীলৈ, যত আশা আকাংক্ষাৰ কোনো মূল্য নাই, আনকি জীৱনৰো ভৰসা নাই..,
: কৰ্মই জীৱন, কৰ্মহীন জীৱন মৃত্যুৰ দৰেই , 
: অলপ বেলেগ কথা পাতো নেকি..! আজি আমাৰ ফুলশয্যা নিশা..., 
: মানুহৰ জীৱনটো কচুপাতৰ পানীৰ দৰে আজি আছো কাইলৈ নাই, সেয়ে সময় থাকোতেই মনৰ কথাবোৰ প্ৰকাশ কৰিব লাগে, কিজানি মনৰ আশাবোৰ বাস্তৱায়িত হয়েই, মই কি ভাবো জানা ভৱিষ্যত চিন্তা কৰাতকৈ বৰ্তমানক লৈ সুখী হ'ব বিচাৰো, আজি এই মধুৰ সময়খিনি আৰু ৰঙীন কৰি তুলিব বিচাৰোঁ....,
: আৰু এটা কথা তোমাক কবলৈ পাহৰিছিলোঁৱেই, মানে বিয়াৰ আগত মই নীহা নামৰ ছোৱালী এজনীৰ প্ৰেমত পৰিছিলো..., বহুত ভাল পাইছিলোঁ তাইক কিন্তু মা দেউতাই তোমাক পছন্দ কৰাৰ বাবে তোমাক বিয়া কৰালোঁ, চিন্তা কৰিব নালাগে , এতিয়া তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই..., ....... বহু সময় মনা নীৰৱে আছিল..., কি উত্তৰ দিব ভাবিব পৰা নাছিল, 

: একো নকলা যে...?
: নাই...! এনেয়ে..., কি কমনো ! মানুহৰ জীৱনত প্ৰেম ভালপোৱা থাকেই , কিন্তু ভালপোৱা জনৰ সংসাৰ কৰাৰ সৌভাগ্য সকলোৱে নাথাকে...
:: তাৰমানে.. তোমাৰো..?
: মোৰ কোনো নাই , মই সদায় নিজক আৰু ঘৰখনক লৈ ব্যস্ত আছিলোঁ, মাৰ ঔষধ ভাইটিৰ পঢ়াৰ খৰচ এইবোৰ চিন্তাই মোক প্ৰেম ভালপোৱাৰ পৰা বহু দূৰত ৰাখিছিল, আজিৰ পৰা তোমাকেই ভালপাবলৈ শিকিম ..., মৰম ভালপোৱাই উপচাই দিম প্ৰতিটো পল...,
 
          হঠাৎ ৰক্তিমৰ মোবাইল ফোনৰ স্ক্ৰীণত জিলিকি উঠিল এটা নতুন নাম্বাৰ...., ভয়ে ভয়ে ৰক্তিমে ফোনটো ৰিচিভ কৰিলে....

: হেল্ল: , মই ৰক্তিমে কৈছোঁ...., কাক বিচাৰিছে আপুনি...?
: মই তোমাকেই বিচাৰিছোঁ সোণ........ হেল্ল....! হেল্ল....!

 : তুমি অলপ অপেক্ষা কৰা মনা,  মই কথা পাতি লও জৰুৰী কথা আছে কৈছে ! ...... দুৱাৰখন খুলি ৰক্তিম বেলকনিলৈ ওলাই গৈছিল...

: হেল্ল...., হেল্ল... নীহা ! কিয় ফোন কৰিছা মোক , মই এতিয়া বিবাহিত , আজি ফুলশয্যাৰ নিশা,
: তুমি পাহৰি গলা নেকি সোণ , মোক দিয়া প্ৰতিশ্ৰুতিবোৰৰ কথা , হোটেলত কটোৱা ৰঙীণ নিশাবোৰৰ কথা , হা:..., হা:....
: বন্ধ কৰা তোমাৰ বলিয়ালী, সেয়া মোৰ অতীত আছিল , এতিয়া মই সেই সকলোবোৰ পাহৰি গৈছোঁ, প্লিজ তুমি আতঁৰহৈ যোৱা মোৰ জীৱনৰ পৰা, 
: তোমাৰ অতীত.... এতিয়া মোৰ ভৱিষ্যত ৰক্তিম ৰঞ্জন দুৱৰা ।
: মই ঠিক বুজা নাই , অলপ খুলি কোৱাচোন...
: মই তোমাৰ সন্তানৰ মাক হবলৈ ওলাইছোঁ..., 
: তুমি এইবোৰ কি কৈছা...! ই কেনেকৈ সম্ভৱ....?
: অসম্ভৱো কেতিয়াবা সম্ভৱ হৈ উঠে..., ৰাতিপুৱা কেনেড পার্কত এবাৰ লগ কৰিবা , বহুত কথা তোমাক কব লগা আছে... good night

              ফোনটো কাটি দিছিল নিহাই.., কথাবোৰ শুনি ৰক্তিমৰ মুখৰ ৰঙ সলনি হৈ গৈছিল..., টং... টং ... কৰি দেৱালঘড়ীটোৱে দুই বজাৰ সংকেত দিলে, দুৱাৰখন ঠেলি আকৌ সোমাই আহিল ৰক্তিম,

: অফিচৰ পৰা ফোন কৰিছিল নেকি..!
: নহয়. .! মোৰ লগৰ এজনে ফোন কৰিছিল, মাকৰ অসুখ, I.C.U.ত আছে।
: তুমি ইমান ঘামিছা কিয় ? মোৰ পৰা কিবা লুকুৱাই ৰাখিবলৈ যত্ন কৰা নাইটো..!
: তোমাৰ পৰা আৰু কি লুকুৱাই ৰাখিম.. ৰাতিপুৱা কম দিয়া, এতিয়া বহুত ৰাতি হল শুই যোৱা..
শুভৰাত্রি... মমডাল ফুমাৰি নোমুৱাই দিলে ৰক্তিমে, সুকোমল দলিচাটো মনাই শান্তিৰে টোপনি যাব পৰা নাই, ৰক্তিমৰ কথাবোৰে তাইৰ মন মগজু দোলা দি যাব ধৰিলে.....💐💐💐

ক্ৰমশঃ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)