অহৰ্নিশে আপুনি
পেটত কঢ়িয়াই ফুৰিছে নেকি
শামুক ??
তেন্তে আপুনি হেৰুৱাইছে
দৃষ্টি , শ্রৱণ শক্তি
চিন্তা শক্তি ||
আপোনাৰ হৃদয়খন এখন
শুকান মৰুভূমি ||
শামুকে তিল তিল কৈ
খাইছে আপোনাক
আৰু আপুনি হেৰুৱাইছে সৰ্বস্ব ||
শামুকবোৰ ওকলিয়াই
দলিয়াই দিয়ক
পানীলৈ ||
অন্যথা
আপোনাৰ শোণিত
কলিজা , যকৃত
উশাহ যন্ত্ৰ হেৰুৱাই
আপুনি হৈ পৰিব এটা
প্রকাণ্ড জেলিফিচ ||
✍️হেমেন হাজৰিকা
মিৰ্জা