তেওঁ মূৰ দুপিয়াই হাঁহি এটা মাৰি , ভাল বুলি কৈ পাৰহৈ গ'ল ।
তেওঁ মুখ ফুটাই নোকোৱা বহু কথা মুখৰ অভিব্যক্তি পঢ়ি তেওঁক বুজিলোঁ ।তেওঁৰ মাজতে মোৰ প্ৰতিবিম্ব দেখা পালোঁ । মোৰো যে একেই সংলাপ । সংক্ষিপ্ত ভালতেই সোমাই থাকে নেদেখা নোকোৱা জীৱনৰ বহুতো খবৰ ।
আমি পৰিস্থিতিৰ দাস । মুখেৰে ব্যক্ত নোহোৱা কথা বুজো ইজনে সিজনক অনুভৱী হৃদয়ৰ পোহৰেৰে । যি খবৰে আনক দিব নিবিচাৰে অশান্তি -আঘাত ।