অমূল্য সম্পদ,
গ্ৰন্থ পাঠক,লেখক
মহান মানৱ।
গ্ৰন্থই ৰচনা কৰে
মানসিক সেতুবন্ধন,
জ্ঞানৰ সৈতে সৃষ্টি কৰে
সাধনাৰ প্ৰতিবন্ধন।
মানুহৰ জীৱনত
গ্ৰন্থৰ প্ৰভাৱ অপৰিসীম,
গ্ৰন্থ হওঁক লাগে
নবীন বা আদিম।
গ্ৰন্থ হৈছে লেখক,পাঠক
আৰু প্ৰকাশকৰ মিলন সন্ধি,
গ্ৰন্থই সমাজত দিয়ে
জ্ঞানৰ সুগন্ধি।
গ্ৰন্থতে উজ্জ্বলি থাকে
শিক্ষাৰ ৰেঙণি,
মানৱী দেহত দিয়ে
জ্ঞানৰ জ্যোতি।।
✍️লক্ষীন্দ্ৰ গগৈ
ঢকুৱাখনা, লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ