লিমাৰিক~প্ৰবন্ধ-প্ৰতিম শইকীয়া

©Admin
0
ব্যক্তিনিষ্ঠ কবিতাৰ এটি অন্যতম ভাগ হ’ল “ লিমাৰিক। "নিজস্ব এক গঠনৰীতিৰে ৰচিত এই শ্ৰেণীৰ কবিতাক অসমীয়াত " আপদীয়া কবিতা ” বুলি কোৱা হয় ৷এই কবিতাবোৰত লঘু হাস্যৰস বা ধেমেলীয়া কথা সন্নিৱিষ্ট হৈ থাকে বাবে কোনো কোনোৱে ইয়াক “ ধেমেলীয়া কবিতা ” বুলিও ক’ব বিচাৰে ৷বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰে এই শ্ৰেণীৰ কবিতাক “ খাপছাড়া ” নাম দিছিল৷অসমীয়া সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱে এই শ্ৰেণীৰ কবিতাৰ নাম দিছিল -“ পদ-ধেমালি ”৷ কোনো কোনোৱে “ পঞ্চপদী ” আৰু “ উপপদ্য ” নামেৰেও অসমীয়া সাহিত্যত লিমাৰিকক নামকৰণ কৰিছিল ৷

প্ৰধানতঃ হাস্যৰস আৰু ধেমেলীয়া কথাক আশ্ৰয় কৰি লিখা ইংৰাজী 'Limerick' হৈছে পাঁচটা শাৰী বা পাঁচটা চৰণত ৰচিত এক শ্ৰেণীৰ কবিতা ৷এক নিদিষ্ট ছন্দৰীতি অনুসৰণ কৰি লিমাৰিক লিখা হয় ৷এই ছন্দৰীতি মিত্ৰাক্ষৰ ছন্দৰ ৷ক-ক-খ-খ-ক এই ছন্দৰীতিত লিমাৰিক লিখা হয় ৷ইয়াৰ ছন্দৰ ৰীতি জাপানী “ হাইকু ” কবিতাৰ পৰা লোৱা বুলি অনুমান কৰা হয় ৷পাঁচটা শাৰীৰ প্ৰথম,দ্বিতীয় আৰু পঞ্চম শাৰীৰ ছন্দ একে আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল ৰখা হয় ৷প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰী সমপৰিমাণৰ দীঘলীয়া হয় আৰু তৃতীয় আৰু চতুৰ্থ শাৰী বাকী তিনিশাৰীৰ তুলনাত চুটি ৷ উদাহৰণস্বৰূপে-

ভুল কৰি কাশীধাম নামি দেখে নৈনী
হাওৰাত থাকি গ’ল সৰুজনী ঘৈণী
মচি উঠি জ্বৰ ঘাম
ল’লে তেওঁ ৰাম নাম
মুটিয়াই সুধিলেহি লাগেনেকি খৈনী ৷ (মহেন্দ্ৰ বৰা )

ক’ৰোনাৰ বাবে দেশ হৈ আছে লক্‌ ডাউন
বজাৰ পাতি শেষ হ’ল যাব লাগে টাউন
নগ’লে নভৰে যে পেট
পুলিচে দিবনেকি ভেঁট
ভাবি ভাবি সাজু হ’লোঁ পিন্ধি লৈ গাউন ৷(স্বৰচিত )

পশ্চিমত জন্মলাভ কৰা লিমাৰিক কবিতাৰ ধাৰাটোক জনপ্ৰিয় কৰিছিল এডৱাৰ্ড লিয়েৰে উনবিংশ শতিকাত৷১৮৪৫ চনত লিয়েৰে তেওঁৰ “ A Book of Nonsense ” নামৰ প্ৰথমখন লিমাৰিকৰ সংকলন প্ৰকাশ কৰে ৷ঊনবিংশ শতিকাৰ পৰা লিমাৰিকে জনপ্ৰিয়তা লাভ কৰিলেও ইয়াৰ উৎপত্তি বহু বছৰৰ আগতেই হয় ৷ লিমাৰিকৰ উৎপত্তি লৈ ভিন্ন মত পোৱা যায় ৷ কোনো কোনো পশ্চিমীয়া সাহিত্য-সমালোচকৰ মতে সোতৰশ খ্ৰীষ্টাব্দত আয়াৰলেণ্ডৰ “ লিমাৰিক ” চহৰত লিমাৰিকৰ জন্ম হৈছিল ৷““ আইৰিচ সৈন্যবিলাকে ১৭০০ খ্ৰীষ্টাব্দত ফৰাছী যুদ্ধৰ পৰা লিমাৰিক চহৰলৈ ঘূৰি আহোঁতে “Will you come up to Limerick ” বুলি গোৱা গীতটোৰ পৰাই পিছৰ কালত ৰচিত চুটি ধেমেলীয়া কবিতাক লিমাৰিক নামেৰে নামকৰণ কৰা হয় বুলি অনুমান কৰা হয় ৷”

আন কিছুমান ব্যক্তিৰ মতে আয়াৰলেণ্ডৰ সৰু সৰু ল’ৰা ছোৱালীৰ ওমলা ঘৰৰ পৰা লিমাৰিকৰ জন্ম হয় ৷ওমলা ঘৰত ল’ৰা ছোৱালীক নিচুকাবলৈ গোৱা গীতৰ শেষত বুঢ়ী আইতা সকলে এফাঁকি ঘোষা জুৰিছিল__

 “ We'll all come up
   Come up to limerick.” আৰু ইয়াৰ পৰাই লিমাৰিকৰ জন্ম ৷

কোনো কোনোৰ মতে অতীতৰ ইংলেণ্ডৰ ক্লাব সমূহত সময় কটোৱাৰ সময়ত এজনে কিছুমান গীত গাইছিল আৰু বাকী সকলে পদ জুৰিছিল আৰু ইয়াৰ পৰাই পৰবৰ্তী সময়ত ৰচিত লিমাৰিকৰ উৎপত্তি ৷ আকৌ আন কিছুৰ মতে অষ্টাদশ শতিকাত আয়াৰলেণ্ড “মিআগ্‌” (Maigue) কবি সকলে লিমাৰিক নামৰ খুহুতীয়া কবিতাবোৰৰ সৃষ্টি কৰিছিল ৷

লিমাৰিকৰ উৎপত্তি সম্পৰ্কে নানান মত পোৱা গ’লেও এটা কথা ঠিক যে আয়াৰলেণ্ডতে ইয়াৰ উৎপত্তি আৰু পৰবৰ্তী সময়ত ইয়াৰ প্ৰসাৰতা বিশ্বসাহিত্যলৈ হয় ৷ আমাৰ অসমীয়া সাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে মহেন্দ্ৰ বৰাদেৱ আছিল প্ৰথম অসমীয়া লিমাৰিকৰ স্ৰষ্টা৷তেওঁৰ ১৯৭০ চনত প্ৰকাশিত কবিতা পুথি “এই নদীয়েদি” ত পোন প্ৰথমবাৰলৈ লিমাৰিকৰ সংযোগ কৰি অসমৰ মানুহক পশ্চিমীয়া লিমাৰিকৰ সোৱাদ দিছিল ৷ প্ৰধানত হাস্যৰস আৰু খুহুতীয়া ধেমেলীয়া কথাক লৈ ৰচিত লিমাৰিকত বৰ্তমান সময়ত ব্যংগাত্মক ৰূপতো উপস্থাপন কৰা দেখা যায় ৷

মহেন্দ্ৰ বৰা ছাৰে অসমীয়াত লিমাৰিক ৰচনা কৰোঁতে প্ৰথম ,দ্বিতীয় আৰু পঞ্চম শাৰীত ১৪টা আখৰ তৃতীয় আৰু চতুৰ্থ শাৰীত ৮ টা আখৰত লিমাৰিক লিখিছিল ৷ কিন্তু পৰবৰ্তী লিমাৰিক ৰচনাকাৰ সকলে ১৪ ১৪ ৮ ৮ আৰু ১৪ টা আখৰৰ ৰীতি মনা নাছিল ৷উদাহৰণস্বৰূপে নৱকান্ত বৰুৱাৰ কথাই কব পাৰি ৷ তেখেতৰ এটা লিমাৰিকৰ উদাহৰণ তলত উল্লেখ কৰিলোঁ ৷

কবি আনন্দ চন্দ্ৰ
শাৰদ মেঘৰ মন্ত্ৰ
নিজেই সুৰা নিজেই চাকি
নিজেই নিজক দিয়েহি বাকি
বকুল বনত তৰাৰ সতে কটায় ৰাতি অতন্দ্ৰ ৷ (নৱকান্ত বৰুৱা)

ঠিক সেইদৰে এড’ৱাৰ্ড লিয়েৰে ৰচনা কৰা লিমাৰিকবৰৰ মাজতো আখৰৰ সংখ্যা নিদিষ্ট কৰা দেখা নাযায় ৷ যেনে-

There was an old Man with a beard
Who said, “It is just as l feared
Two Owls and a Hen
Four Larks and a wren
Have all built their nests in my beard .

ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হয় যে ১৪ ১৪ ৮ ৮ ১৪ আখৰৰ সংখ্যা নিমিলাইও লিমাৰিক লিখিব পৰা যায় ৷ অসমীয়াত প্ৰথমে লিমাৰিক লিখা মহেন্দ্ৰ বৰা ছাৰৰ ৰীতিটোকে বহুজনে মানি লৈ এই ৰীতিত লিমাৰিক লিখিব লাগে বুলি দাবী কৰিব বিচাৰে ৷পশ্চিমীয়া লিমাৰিকবোৰত আখৰৰ সংখ্যা সম্পৰ্কত কৈছে যে প্ৰথম দ্বিতীয় আৰু পঞ্চম শাৰীত ১০ আৰু তৃতীয় চতুৰ্থ শাৰীত পাঁচৰ পৰা সাতটা আখৰ থাকিব লাগে ৷

(তথ্যৰ উৎস অসমীয়া লিমাৰিক সম্পৰ্কে লিখা প্ৰবন্ধ আৰু ইন্টাৰনেটৰ সহায় লৈ)

✍️প্ৰতিম শইকীয়া
গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)