ধৰা বন্ধা ছন্দ -ৰীতিত
কবিয়ে কবিতা লিখোঁতে লিখোঁতে
লাগিলে আমনি
জটিল চিন্তাধাৰা
আধুনিক কবিতাৰ পটভূমি ।
জয়ন্তী যুগতে সূচনা হয়
অসমীয়া সাহিত্যত
আধুনিক কবিতা , তাইৰ ।
ধৰা বন্ধা কোনো ৰীতি নাই
তাইৰ ভঙ্গীমাত।
আধুনিকতাৰ ৰূপত
মুক্তক ছন্দত , অসমীয়া সাহিত্যত
চৰ্চিত তাই ।
তাইক চৰ্চা কৰিবলৈ
ছন্দ -ৰীতি জানিব নালাগে
অভিধানো পঢ়িব নালাগে
হৃদয়ৰ ভঙ্গীমাত
মুক্তক ছন্দেহে তাই গতি কৰে।
সত্য , প্ৰেম আৰু মানৱতা
তাইয়ো মানি চলে
জাতি, সমাজ , দেশকো
তাই গঢ়িব বিচাৰে ।
মানৱতাৰ আলোক ছটিয়াবলৈ
সত্যৰ অনুসন্ধান কৰিবলৈ
সত্য কথাৰে জগত জিনিবলৈ
আধুনিক কবিতা , তাই
খুব কম সময়ৰ ভিতৰত মিলি গ'ল
মাটিয়ে-পানীয়ে,
আকাশে-বতাহে
মানুহৰ হৃদয়ে -হৃদয়ে
এতিয়া তাই নিৰৱধি ধাৰা হৈ আছে।
✍️চুলতান হুছেইন
চৌধুৰী বজাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ