এচেৰেঙা ৰ'দ-অপৰাজিতা বুঢ়া গোহাঁই

অসমীয়া সাহিত্যৰ চানেকি
1
 ঘৰখনত এক উৎসৱ মুখৰ পৰিৱেশ।ৰিয়াৰ মাকৰ গাত তৎ নাইকিয়া হৈছে।কালি-পৰহিৰ পৰা ভিন্ন ধৰণৰ খোৱা বস্তুৰ যোগাৰ কৰিছে।ফোনত মাকে তাইক দহাই দহাই কৈছিল-অনুষ্ঠানটো দুপৰীয়া বাৰ বজাৰ আগতে শেষ কৰিব পাৰিলে ভাল হয়।প্ৰায় দহমান বজাত ৰিয়াহঁত ঘৰত সোমাইছে।ঘৰখনত সোমায়ে ৰিয়াৰ মনটো ভাল লাগি গ'ল।জোনটি পেহী, সোণপাহী মাহী,কনকা খুৰী-আটাইবোৰ প্ৰিয় মানুহক লগ পাই মনটো ভৰি পৰিল।প্ৰত্যেকেই  তাইক দিহা -পৰামৰ্শ দিছে-

:প্ৰথম বাৰৰ বাবে মা হ'বলৈ উলাইছ,নীতি নিয়ম কিছুমান মানি চলিবি।

:পুৱা-গধূলি গোঁসাই ঘৰত সোমাবি।

:খোৱা-বোৱা বোৰ ভালদৰে কৰিছনে?

:গধুৰ বস্তুবোৰ যে একেবাৰে নাদাঙিবি।মুনৰ ছোৱালীজনী দেখিছ নহয়, কম ধুনীয়া ছোৱালী আছিল!কিন্তু তাই গাত থাকোতে যে মাকজনী বাৰ্থৰূমত পৰিছিল, ছোৱালীজনী মুখখন অলপ বেকা নিছিনা হ'ল।

:তহঁতি পঢ়া-শুনা কৰা ছোৱালী, সকলোবোৰতো জানই।তাৰ ভিতৰতো চাই-চিতি চলিবি

:শাহুৱে কাম-বনবোৰত সহায় কৰি দিয়েনে?কাম কৰা ছোৱালী এজনী ল'বি,এনেও পিছত লাগিব।
আটাইবোৰ মানুহে তাইক দিহা পৰামৰ্শ দিছে-আশীৰ্বাদ দিছে-এটি সুন্দৰ নবাগতক আদৰণী জনাবৰ বাবে।ৰিয়াৰ মাকে ঘিঁউ,মৌ,গাখীৰ, দৈ,গুৰেৰে কাঁহৰ বাতি দুটাত সজাই আনিছে।মালভোগ কল,ভাত পিঠা আৰু বহুত কিবা -কিবি।জোনটি পেহীয়ে কৈছিল-সকলোবোৰ শেষ কৰি খাবি,এৰিব নাপায়।

      হেঁপাহ, আন্তৰিকতাৰে নতুন অতিথি জনক পৃথিৱীলৈ আমন্ত্ৰণ জনাইছে সকলোৱে।ৰিয়াই বহুত বেছি নীতি-নিয়ম পালন কৰিবলৈ ইচ্ছুক নহয় যদিও মানুহকেইগৰাকীয়ে ইমান আন্তৰিকতাৰে কামবোৰ কৰিছে তায়ো বিমুখ নকৰি সকলো নিয়ম পালন কৰি গৈছে-একমাত্র আহিবলগা দেৱশিশুটিৰ বাবে।
      
           ( দুই)

হঠাৎ পৃথিৱীৰ অধিকাংশ ঠাইয়ে স্থবিৰ হৈ পৰিছে।বিভিন্ন প্ৰান্তৰত কেৱল যন্ত্ৰণা আৰু যন্ত্ৰণা।মানুহৰ জীৱন যাত্ৰাত সাংঘাতিক ধৰণেৰে ব্যাঘাত জন্মিছে।ব্যস্ততা বাঢ়িছে-ডাক্তৰ-নাৰ্চ,চিকিৎসা কৰ্মী,পুলিচ প্ৰশাসন,সাংবাদিক আৰু জৰুৰী সেৱাৰ বিভাগ সমূহ।বাকীবোৰ মানুহ ঘৰৰ ভিতৰত আৱদ্ধ।ব্যস্ততাৰ বাবে ঘৰখনক সময় দিব নোৱৰা বহুতে গৃহসুখী হৈছে।ল'ৰা-ছোৱালীক সময় দিছে।কিন্তু আৰ্তজন?বহুতে সহায়ৰ হাত আগবঢ়াইছে।ভয়,শংকা চেপা উত্তেজনাৰ মাজত পাৰ কৰিছে সময়।

       ৰিয়াৰ কণমানিটো বাঢ়িছে।লৰচৰ হৈছে।,তাইক গুৰিয়াইছে।অৰ্ণৱে ৰিয়াৰ পেটত কাণ থৈ ,হাত দি চাই তাৰ উমান লয়।অৰ্ণৱৰ ব্যস্ততা বাঢ়িছে।ৰিয়াক যিমান পাৰি সি সহায় কৰি দিছে।ফোনতে ডাক্তৰৰ পৰামৰ্শ লৈ আছে।টেবলেটবোৰ নিয়মীয়া কৈ খাই আছে ৰিয়াই।

                    (তিনি)

    আজি তাইক ৰয়েল ট্ৰিট হস্পিতেলত ভৰ্তি কৰোৱা হৈছে। মাথোঁ তাই আৰু অৰ্ণৱ আহিছে।ৰিয়াৰ মাক আহিবলৈ বিচাৰিছিল যদিওঁ তেওঁক অনা নাই, বয়সীয়াল মানুহ এই সময়ত ঘৰৰ বাহিৰলৈ ওলোৱাটো বৰ ভাল নহয়।

      চেতন-অৱচেতনভাৱে ৰিয়া অপাৰেচন থিয়েটাৰত এনাচ্ থেছিয়াৰ বেজিটো-- তাৰ পিছত ককালৰ তলৰ অংশ অৱশ।ডাক্তৰ-নাৰ্চৰ কথাবোৰ তাই শুনি আছে।ল'ৰা এটা হৈছে।তাইৰ মনটো ভাল লাগি গ'ল।অৰ্ণৱে  ল'ৰা এটা আশা কৰিছিল। যদিওঁ তাই ছোৱালী এজনী হোৱা হ'লে বেছি ভাল পালেহেতেন।কান্দিছে.. কণমানিটোৱে কান্দিছে... ৰিয়াৰ মুখত হাঁহি এটিয়ে ঢৌ খেলি পাৰ হৈ যায়।

    প্ৰথম বাৰৰ বাবে তাই বুকুৰ পিয়াহ পিবলৈ দিলে কণমানিটোক।অকণমানি- অকণমানি হাত ভৰি কেইটা ইমান মৰম লগা!সি পিয়াহ চুপিছে।ৰিয়াৰ ককালৰ অৱচেতন অংশবোৰে ক্ৰমাৎ চেতনা পাবলৈ ধৰিছে।বিষ... তীব্ৰ বিষতো মাদকতা আছে।কণমানিটোৰ মুখখন,ৰঙা ৰঙা ওঁঠ যুৰিলৈ চালে যন্ত্ৰণাবোৰ নিমিষতে শেষ হয়।

     কি নাম ৰাখিব তাৰ?ছোৱালী হোৱা হ'লে "প্ৰাপ্তি" ৰাখিলহেতন।ল'ৰাৰ বাবে নাম এটা ভাবি থোৱা নাছিল তাই।অৰ্ণৱে  বা কি ভাবি থৈছে !

:কি নাম ৰাখিবা কলিজাটোক?

-তাই সুধিলে অৰ্ণৱক।অ,মোৰ সোণগুটি টো-অৰ্ণৱে  মাতিছিল তেনেদৰে।দুটা দিনতে কেইবাটাও নাম হ'ল-বাখৰ, কলিজা,সোণগুটি।তথাপি 'ভাল' নাম এটাটো লাগিব।ফোন কৰি খবৰ লোৱা,শুভকামনা জনোৱা সকলোকে কোৱা হৈছে ভাল নাম এটা চাবৰ বাবে ।লগৰ এজনীয়ে তাইক গালিয়েই পাৰিলে -ইমান দিনে নাম এটাকে ভাবি নথলি!
বহুত নাম আহিল সোণগুটিৰ-সৌন্দৰ্য, অম্লান, সেউজ, অভিনৱ.....।ৰিয়াই ৰ'দ ৰাখিব বিচাৰিছে বুকুৰ আমঠুটিক-অৰ্ণৱেও ভাল পালে ৰ'দ নামটো ।

       ৰ'দ ,ৰ'দ ,ৰ'দ-দুটা দিন হৈছে ৰ'দৰ পৃথিৱীত।ডাক্তৰে শ্বাৱ লৈছে ৰিয়া, অৰ্ণৱ, ৰ'দৰ।হে প্ৰভু নিগেটিভ হওঁক আটাইৰে-তাই মনে প্ৰাৰ্থনা কৰিলে।প্ৰায় পোন্ধৰ-বিশ মিনিটৰ পিছত ৰিজাল্ট আহিল-কভিড19 পজিটিভ -তিনিওটাৰে।

   ৰিয়াৰ মূৰত সৰগখন ভাগি পৰিল।ককালৰ তলৰ বিষবোৰ জিন্ জিননী  হ'ল।নাই নাই ভাল হ'ব।সাহসেই আদি মূল।

   ৰ'দক আ.চি.ইউ ত ভৰ্ত্তি কৰোৱা হ'ল।ৰিয়াৰ বুকুৰ গাখীৰে কাপোৰ তিয়াইছে-বুকুখন         টন্ টনাইছে ।ৰ'দে উশাহ লোৱাত কষ্ট পাইছে,,তাৰ কণমানি শৰীৰটোৱে কষ্ট পাইছে, বৰ কষ্ট,,, বৰ কষ্ট,,,,

     ৰ'দ এচেৰেঙা আছিল।এতিয়া ৰিয়া আৰু অৰ্ণৱ বৰষুণত তিতি আছে-মুষলধাৰ বৰষুণ...
ৰ'দ লাগে দুয়োকে মাথো ৰ'দ লাগে।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ হৈছে । বৰ দুখ লগাকৈ উপস্থাপন কৰিলে ।

    ReplyDelete
Post a Comment