অৰুন্ধতী?
বিলাসী জীৱনে
দিব পাৰিছেনে তোমাক
সেই তেতিয়াৰ দৰেই
তোমাৰ গোলাপী ওঁঠত
সোণাৰুফুলিয়া হাঁহি।
তুমিতো নাজানা অৰুন্ধতী
তুমি অবিহনে যে
তোমাৰ বেকাৰ প্ৰেমিকৰ
উশাহবোৰো আজি চুটি চুটি।
তুমি অবিহনে মোৰ
প্ৰতিটো বসন্তই উৰুঙা
শৰতৰ আকাশখনো
দেখোন আজি গোমা গোমা
অৰুন্ধতী
তুমি আজিও আহিছা
মোৰ সোৱনি কোঠাত
এবুকু স্মৃতি হৈ
জ্বলাবলৈ মোৰ দুখৰ চাকি
অৰুন্ধতী
তুমি বৰষুণ ভাল পোৱা বাবেই
মোৰ মনাকাশৰ পৰা
নিতৌ সৰে
প্ৰতিটো উজাগৰী ৰাতি
চকুলোৰ টোপ টোপ বৰষুণ।
তুমি সাগৰ ভালপোৱা বাবেই
মই দিকবিদিক নোহোৱা
হেজাৰতা ঢৌ।
মোৰ চুটি চুলিত বিষাদৰ এলান্ধু।
জানা অৰুন্ধতী
তুমি কোৱাৰ দৰেই
সলনি নহলো মই।
আৰু সলনি নহলা তুমিও।
মোৰ শৃংখলিত জীৱনৰ
প্ৰতিটো পথতেই
দিয়া হৈছে সান্ধ্যআইন।
এইয়া চোৱা,
তোমাৰ সন্মুখতে
জ্বলাইছোঁ চিগাৰেট
কুণ্ডলী পকাই
ওপৰলৈ উৰুৱাইছোঁ
বিষাদৰ ধোঁৱা।
তুমি নুবুজিবা অৰুন্ধতী
এতিয়া যে স্মৃতিৰ বিষাদবোৰ
চিগাৰেটৰ ধোঁৱা হৈ উৰে
প্ৰতিটো জয়াল ৰাতি।
ডায়েৰীৰ উকা পৃষ্ঠা ভৰাই পেলাওঁ
কেঁচা তেজৰ চিয়াঁহীৰে
লিখি লিখি তোমাৰেই স্মৃতি।
✍️কঙ্কণ শৰ্মা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ