সপোনটিৰ ঠিকনা বিচৰাই নহ'ল,
সময়বোৰ বাগৰি গৈছে লাহে লাহে
পূবৰ বেলিটি পশ্চিমলৈ গতি কৰিছে।
চৰাই জাকেও চোন কিৰিলি পাৰিছে,
এজোপা গছৰ আঁৰত বহি মই
সপোনটিৰ ঠিকনা ক'ত ভাবি ৰৈ আছো ।
তেনেতে এছাটি বতাহে মোক জোকাৰি নিলে
সেই আবেলিৰ পৰত,
মই মোৰ সপোনৰ বাট বিচাৰি আগবাঢ়িলোঁ
কিন্তু সেইদিনাও বিচাৰি নাপালোঁ ।
ক'ত যে হেৰাই গ'ল সেই সপোনৰ বাট
উভতি আহিব জানো আকৌ,
সেই ভাল লগা মধুৰ স্মৃতিৰ
ৰসাল সপোনটি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ