: প্রেম অমৃতৰ নদী।
২. অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম কেতিয়া ক'ত হৈছিল ?
: ১৮৮৮ চনৰ ২৫ আগষ্ট, কলিকতাত।
৩. অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্রধান সম্পাদক কোন?
: শৰৎ চন্দ্র গােস্বামী।
৪. ভাৰত ৰত্ন উপাধি লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি ?
: গােপীনাথ বৰদলৈ (১৯৯৯ চনত)।
৫. অসম সাহিত্য সভাৰ প্রতীকটো কোনে আঁকিছিল ?
: যুগল দাস।
৬. ‘চিৰচেনেহী মােৰ ভাষা জননী' এই গীতটো কোনে ৰচনা কৰিছিল ?
: সাহিত্যাচার্য মিত্ৰদেৱ মহন্তই।
৭. পৃথিৱীৰ অসুখ’ নামৰ গল্প পুথিখন কোনে লিখিছিল?
: যােগেশ দাসে (সাহিত্য অকাডেমী বঁটাৰে পুৰস্কৃত)
৮. ড° ভবেন্দ্রনাথ শইকীয়াৰ সাহিত্য অকাডেমী বঁটা পােৱা পুথিখনৰ নাম কি?
: শৃংখল’ (১৯৭৬)।
৯. ‘সােণৰ খাৰু নালাগে মােক’ নামৰ উপন্যাসখনৰ লেখক কোন?
: ধীৰেন বৰুৱা।
১০. ‘অনুৰাধাৰ দেশ’ উপন্যাসখন কাৰ ৰচনা?
: ফণীন্দ্র কুমাৰ দেৱচৌধুৰীৰ।
১১. “ৰং মিলিৰ হাঁহি’ উপন্যাসখন কোনে লিখিছিল ?
: ৰং বং টেৰাঙে। (সাহিত্য অকাডেমী পুৰস্কাৰ প্রাপ্ত)।
১২. লক্ষ্যধৰ চৌধাৰীৰ কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
: 'মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।
১৩. ‘সাহিত্য অকাডেমী’ৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখন কি ?
: সৌৰভ চলিহাৰ ‘গােলাম'।
১৪. অসম সাহিত্যসভাৰ কনিষ্ঠতম সভাপতি কোন?
: কৃষ্ণকান্ত সন্দিকৈ (৩৯ বছৰ বয়সত)।
১৫. ২০০৮ চনৰ সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন?
: ৰীতা চৌধুৰী (গ্রন্থ: দেওলাংখুই)।
১৬. অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলােচনীখনৰ নাম কি?
: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত 'নৱযুগ'।
১৭. ‘জোনাকীৰ প্রথম সম্পাদক কোন আছিল?
: চন্দ্ৰকুমাৰ আগৰৱালা।
১৮. ‘বাঁহীৰ প্রথম সম্পাদক কোন আছিল ?
: লক্ষ্মীনাথ বেজবৰুৱা।
১৯. আৱাহনৰ প্রথম সম্পাদক কোন আছিল?
: দীননাথ শর্মা।
২০. ৰামধেনুৰ সম্পাদক কোন আছিল ?
: ইন্দ্ৰকমল বেজবৰুৱা।
২১. অসমীয়া ভাষা-সাহিত্যৰ জনককোন?
: শ্ৰীমন্ত শংকৰদেৱ।।
২২. অসমীয়া নাট্য-সাহিত্যৰ জনক কোন ? তেওঁৰ প্রথম নাটকখনৰ নাম কি?
: শ্ৰীমন্ত শংকৰদেৱ। তেওঁৰ প্রথম নাটকখনৰ নাম আছিল– “চিহ্নযাত্রা।
২৩. প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি ?
: লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা'।
২৪. কাক অসমীয়া ব্যাস বুলি কোৱা হয়?
: ৰাম সৰস্বতীক।
২৫. ভাষা আন্দোলনৰ প্রথম শহীদ কোন?
: ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪ জুলাই)
২৬. সংবিধান স্বীকৃত সকলাে ভাৰতীয় ভাষাতে প্রকাশ পাবলগীয়া ভবেন্দ্ৰ নাথ শইকীয়াৰ গ্রন্থ দুখনৰ নাম কি কি ?
: আকাশ আৰু মৰমৰ দেউতা
২৭. ড° মামণি ৰয়চম গােস্বামীয়ে সাহিত্য অকাডেমী বঁটা পােৱা গ্ৰন্থখনৰ নাম কি?
: মামৰে ধৰা তৰােৱাল (১৯৮২ চন)
২৮. শীলভদ্র কাৰ ছদ্মনাম?
: শ্ৰীৰেৱতী মােহন দত্ত চৌধুৰীৰ।
২৯. চৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
: ধন্য নৰ তনু ভাল
৩০. অসমৰ প্রথম মহিলা এ.চি.এছ (A.C.S) কোন?
: শুচিব্ৰতা ৰায়চৌধুৰী
৩১. অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি ?
: তিনিটা-
(১) প্রাথমিক (2) মাধ্যমিক আৰু (৩) উচ্চ শিক্ষা
৩২. সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড়’ পুথিখনৰ লেখক কোন?
: নৱকান্ত বৰুৱা।
৩৩. অসমীয়া ৰােমাণ্টিক সাহিত্যৰ মূল গুৰি ধৰােতা কোন?
: চন্দ্ৰকুমাৰ আগৰৱালা
৩৪. 'কোন অসমীয়াক কলাগুৰু’ বােলা হয় ?
: বিষ্ণুপ্ৰসাদ ৰাভাক ।
৩৫. কোন অসমীয়াক ৰূপকোৱৰ বােলা হয়
: জ্যোতিপ্ৰসাদ আগৰৱালাক
৩৬. কোন অসমীয়া লােকপ্রিয়’ নামেৰে খ্যাত?
: ভাৰতৰত্ন গােপীনাথ বৰদলৈ
৩৭.কোন অসমীয়া কর্মবীৰ নামেৰে খ্যাত?
: নবীন চন্দ্র বৰদলৈ
৩৮. কোন অসমীয়াক ‘দেশভক্ত’ বােলা হয় ?
: তৰুণৰাম ফুকন
৩৯. ‘নটসূৰ্য’ নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন?
: ফণী শর্মা।
৪০. অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ’ নামে কোন জনাজাত?
: আনন্দ চন্দ্ৰ আগৰৱালা
৪১. ‘বিহগী কবি' বুলিলে কোন অসমীয়া কবিক বুজায় ?
: ৰঘুনাথ চৌধাৰীক
৪২. অসমীয়া চুটিগল্পৰ জনক কোন?
: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
৪৩. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ?
: পদ্মনাথ গােহাঞি বৰুৱাৰ ‘ভানুমতী'।
৪৪. অসম সাহিত্য সভাৰ প্রথম সভাপতিজনৰ নাম, ঠাই আৰু কিমান চনত হৈছিল?
: পদ্মনাথ গােহাঞি বৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।
৪৫. বড়াে সাহিত্য সভা কেতিয়া গঠন হয় ?
: ১৯৫৫ চনৰ ১৬ নৱেম্বৰত
৪৬. বড়াে সাহিত্য সভাৰ প্রথমজন সভাপতিৰ নাম কি?
: জয়ভদ্ৰ হাগজেৰ
৪৭. অসম সাহিত্য সভাই প্রকাশ কৰা অভিধানখনৰ নাম কি ?
: 'চন্দ্রকান্ত অভিধান (১৯৩৩ চন)
৪৮. অসমৰ ৰাজ্যিক ভাষা কি?
: অসমীয়া
৪৯. অসমৰ প্রথম আই, চি. এছ. (I.C.S) কোন?
: আনন্দৰাম বৰুৱা
৫০. অসমৰ প্রথম স্নাতক কোন?
: আনন্দৰাম বৰুৱা
৫১. অসমৰ প্রথম মহিলা স্নাতক কোন?
: সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।
৫২. অসমৰ প্ৰথম ভাষাতত্ত্বৰ ডক্টৰেট কোন?
: ড° বাণীকান্ত কাকতি
৫৩. অসমৰ প্রথম ডক্টৰেট/পি এইচ ডি লাভ কৰোঁতা কোন?
: ময়িদুল ইছলাম বৰা
৫৪. অসমৰ প্রথম মহিলা ডক্টৰেটপি এইচ ডি লাভ কৰোঁতা কোন?
: ডাঃ কমলা ৰায়, তিলােত্তমা গগৈ।
৫৫. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম ব্যক্তিজন কোন?
: হেমচন্দ্ৰ বৰুৱা
৫৬. ৰাষ্ট্ৰপতিৰ মেন অব দি নেচন’ সন্মান পােৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন?
: অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া।
৫৭. অসমৰ প্রথম মহিলা আই. এ. এছ. (I.A.S.) কোন?
: পাৰুল দাস (১৯৭৪ চন)।
৫৮. অসমৰ প্রথম মহিলা এ.চি.এছ (A.C.S) কোন ?
: শুচিত্ৰতা ৰায়চৌধুৰী
৫৯. প্রথম অসমীয়া গল্প সংকলনৰ নাম কি?
: লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি, ১৯০৯
৬০. প্রথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি?
: বীণ-বৰাগী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ