জোনাকী পথৰ শুকুলা ৰথ-শ্যামল বৰা

                     (১)
মইতো নহয় কোনো মুখাৰ আঁৰৰ মুখ
সপোন এটি খেদি ফুৰা মই এটা গাঁৱলীয়া সুখ...
তুমিটো জানাই,
জোনে বাট হেৰুওৱা দিশহাৰা নিশাৰ
মই যেন এক জীয়া কলিজাৰ দুখ...

                            (২)
কাঁচিজোনৰ চকুলোৰে নিতিতে দূবৰি
জোনাক নবয় মানে,
দুপৰ নিশাৰ সপোন ভাঙে
বিৰহী পক্ষীৰ গানে...
( নিশা কিমান গভীৰ আকাশে জানো জানে? )

                         (৩)
দীঘলঠেঙীয়া আবেলিৰ ৰঙচুৱা নৈ
ৰংমন কাই বাৰীৰ ঢাপত ৰদে পকা কৰদৈ,
শুকুলা মেঘে কান্দিলেনো কি হ'ব?
পছোৱা বলিছে যেতিয়া
দেচোন নাৱৰীয়া মেলি দে পানচৈ...

                         (৪)
ফুটপাথেই আমাৰ জীৱন আৰু জীৱিকা
প্ৰেম, যৌৱন, জীয়াই থকাৰ আহিলা,
হাজাৰটা উজাগৰী নিশাৰ  অজান নীৰৱতা...
তথাপি আপোনাৰ দৰে আমি নাপাওঁ বিচাৰি
সৌ নীলিম আকাশৰ মাদকতা।


✍️শ্যামল বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send