আড্ডা মানে হাতত গিলাছ ধৰি
মদিৰাৰ ৰসত মাতাল যুৱক নহয়।
আড্ডা হৈছে সেই এনাজৰী... য'ত বান্ধ খাই থাকে
বন্ধুত্ব, বিশ্বাস আৰু আন্তৰিকতাৰ!!
আড্ডাতেইটো প্ৰতিফলিত হয়
শিক্ষিত নিবনুৱা জীৱনৰ জীয়া প্ৰতিচ্ছবি!!
দক্ষতা-যোগ্যতা থাকিও বাৰে বাৰে বঞ্চিত সেই নিবনুৱাৰ
মন, মগজু আৰু সমাজৰ দ্বন্দ্ব ??
সম-অধিকাৰ থকাৰ পিছতো
বাৰে বাৰে অৱহেলিত সিহঁতৰ আৰ্তনাদ কোনে শুনিব ?
কোনে বুজিব
সিহঁতৰ ভগ্ন হৃদয়ৰ অবুজ গাঁথা??
কিন্তু... ???
সিহঁত থমকি ৰোৱা নাই;
সিহঁতে অহৰহ যুঁজ দিছে ।
যদিও হতাশা আহি বাট ভেটিছে
তথাপি খোজ দিছে এটা আনটোৰ সাহস হৈ !!
কালান্ধাৰে আৱৰিলেও হেলাৰঙে পাৰ হয়
এটা আনটোৰ বিশ্বাস হৈ।
আড্ডাৰ থলীতে ঠন ধৰি উঠে সিহঁতৰ সপোনে
আড্ডাৰ জীপাল সময়ে সাৰ- পানী হৈ পোখা মেলে
সেই সপোন।
তেজৰ সম্পৰ্ক নাথাকিলেও সুখ-দুখৰ
সঙ্গী
বন্ধু সিহঁত...!
নাভবিব সকলো আড্ডাই উদণ্ড বুলি....
আড্ডাৰ অন্তৰালত লুকাই থাকে
পাই হেৰুওৱাৰ অযুত বেদনা....!!!!
✍️অঞ্জনা শইকীয়া
টীয়ক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ