মিউজিয়াম-প্ৰজ্ঞা প্রিয়া গোস্বামী

পংখী মৰাণ
0
মিউজিয়াম হৈছে বিভিন্নধৰণৰ  সাংস্কৃতিক ,ঐতিহাসিক,কলাসন্মত,বৈজ্ঞানিক, বিৰল প্ৰাকৃতিক সম্পদৰ লগতে আপুৰুগীয়া সামগ্ৰীৰ সংগ্ৰহস্থল।মিউজিয়াম শব্দটোৰ অসমীয়া প্রতিশব্দ ৰূপে যদিও সংগ্ৰহালয়,যাদুঘৰ, চিত্ৰশালা,প্ৰদৰ্শনশালা আদি শব্দসমূহৰ ব্যৱহাৰ কৰা হয়,কিন্তু এইশব্দসমূহে মিউজিয়ামৰ সঠিককৈ অৰ্থ বহন নকৰে বুলি কিছুসংখ্যক পণ্ডিতে মতপোষণ কৰিছে। 'Museum' শব্দতো গ্ৰীকভাষাৰ শব্দ 'Mouseion' ৰ পৰা উৎপত্তি হৈছে। এই গ্ৰীক শব্দতোৰ ইংৰাজী অর্থ - 'Seat Of Muses' অর্থাৎ,এনেকুৱা এখন ঠাই য'ৰ পৰা মানুহে আকাংক্ষিত বস্তুৰ সম্ভেদ পোৱাৰ হেতুকে প্ৰেৰণা লাভ কৰে। ক'বলৈ গ'লে মিউজিয়াম কেৱল এটা বস্তুৰ সংগ্রহ কৰা স্থানেই নহয়,এখন ঠাইৰ জনজীৱনৰ সৈতে ওতঃপ্ৰোত  ভাবে জড়িত এটা প্ৰতিষ্ঠান।

      পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন সামগ্ৰী সংগৃহীত মিউজিয়াম আছে যদিও ফ্ৰান্সৰ 'লুভৰ'(Louvre) মিউজিয়ামকে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মিউজিয়াম হিচাপে স্বীকৃতি দিয়া হৈছে।এই মিউজিয়ামটো বাৰশ(১২শ) শতিকাৰ পৰা তেৰশ(১৩শ) শতিকাৰ ভিতৰত সেইসময়ৰ ফ্ৰান্সৰ ৰজা দ্বিতীয় ফিলিপে নিৰ্মান কৰিছিল।'লুভৰ' মিউজিয়ামটো 'মনালিছাৰ ঘৰ' বুলিও খ্যাত।কিয়নো ইয়াতে পৃথিৱীবিখ্যাত 'লিঅ'-নাৰ্ড'-দ্যা-ভিঞ্চিৰ' দ্বাৰা সৃষ্ট 'মনালিছা' চিত্ৰখন সংগৃহীত হৈ আছে।তাৰোপৰি অসমীয়া শিপিনীসকলৰ হস্তকলাৰ এক উৎকৃষ্ট নিদৰ্শন 'বৃন্দাবনী বস্ত্ৰ' খনো এই মিউজিয়ামতে সংৰক্ষিত হৈ আছে।
               ভাৰতৰো 'National Museum','Indian Museum','Red Carpet Museum' আদিসমূহ অতি বিখ্যাত মিউজিয়াম।
        মিউজিয়াম হৈছে জ্ঞানৰ ভঁৰাল।যিসমূহ আপুৰুগীয়া সামগ্ৰী হয়তো আমি আমাৰ সম্পূর্ণ জীৱনকালতো দেখিবলৈ নাপালোঁহেঁতেন,সেই সমগ্ৰীসমূহ মিউজিয়ামত সংৰক্ষণ কৰি থোৱাৰ ফলত আমি সেই সামগ্ৰী সমূহ স্ব-চক্ষুৰে দেখি আনন্দ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সমগ্ৰীসমূহৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ কৰি সেই সমূহৰ অধ্যয়ন কৰিবলৈও সক্ষম হওঁ।তাৰোপৰি মিউজিয়ামে আমাক মানসিক খোৰাক যোগাবলৈও সম্পূৰ্ণৰূপে সক্ষম।মিউজিয়াম হৈছে অতীতৰ সভ্যতা-সংস্কৃতি, সাহিত্য,কলা,ভাস্কৰ্য্য-স্থাপত্যৰ বাহকস্বৰূপ।সকলো প্ৰকাৰৰ লুপ্তপ্ৰায় জাতি-জনজাতি, জীৱ-জন্তু আৰু অন্যান্য মানৱ জীৱনৰ সামগ্ৰিক দিশৰ অধ্যয়নৰ বাবে মিউজিয়ামেই হৈছে একমাত্র  সম্বল।তাৰোপৰি সূক্ষ্মাতিসূক্ষ্ম বিষয়ৰ গৱেষণাৰ বাবে মিউজিয়াম হৈছে এক প্ৰধান উৎস।যাদুঘৰৰ এনে এটা শক্তি আছে যিয়ে আমাক বিজ্ঞানৰ প্ৰতিও আকৃষ্ট কৰে।মানৱ সভ্যতাৰ বিকাশত মিউজিয়ামে যুগে-যুগে প্ৰভাৱ পেলাই আহিছে।সেয়েহে কোৱা হয়-"A civilization without Museum is like a library without books"..বিজ্ঞানৰ যাদুঘৰে যিদৰে আমাক বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰে,ঠিক সেইদৰেই সাহিত্য আৰু শিল্প-সংস্কৃতিৰ ভিত্তিত গঢ়ি উঠা মিউজিয়াম সমূহে আমাক আমাৰ নিজৰ সাহিত্য-সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ প্ৰতি আগ্ৰহী কৰি তোলে।
             অসমৰ বিভিন্ন ঠাই সমূহতো ভিন-ভিন যাদুঘৰ দেখিবলৈ পোৱা যায় যদিও অসমৰ শিৱসাগৰৰ জয়দৌল, শিৱদৌল,কাৰেংঘৰ,তলাতল ঘৰ আদিৰ উপৰিও অসমৰ সত্ৰসমূহ আৰু পুৰণি মঠ-মন্দিৰ সমূহো মিউজিয়ামৰ একো একোটা উৎকৃষ্ট নিদৰ্শন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)