মৃত্যু যে এটা শিল্প
কঠিন শিলত কটা ভাস্কৰ্য্য,
তুমিতো আকাশত জিলিকি থকা ভোটাতৰা
সকলোৰে অন্তৰত শিপাৰ পৰা পাতলৈ লিখিলা
মাথোঁ বিভিন্ন দিনৰ কবিতা, কেইটামান গান ।
মোৰ হৃদয়ৰ মণিকোঠাত
আঁউসীৰ জোনাক হৈ সৃষ্টিৰ সুগন্ধি বিলাই
শইচৰ পথাৰত সিচিলা জ্ঞানৰ বীজ ।
সুগন্ধি পখিলাৰ পম খেদি
ভালপোৱাৰ দিকচৌ বাটেৰে
খৰিকাজাঁইৰ সুবাস বিলাই
তুমি উভতি নহা বাটেৰে গ'লা তৰাৰ দেশলৈ ।
আজি আইৰ জীপাল দুচকুত
মন গহ্বৰত ভাঁহি আহে
কেৱল কবিতাৰ ৰ'দ-বৰষুণ, শব্দৰ গৰ্জন ।
হে শইচৰ পথাৰৰ মানুহ !
কিতাপৰ পাতত সোণালী আখৰৰে
তুমি জিলিকাই তুলিলা,
তোমাৰ সেই বোকা মাটিৰ গোন্ধ থকা
কামিজৰ চিলাই ছিগা
এমুঠি প্ৰেমৰ কবিতা ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ