অশ্ৰু অঞ্জলি- প্ৰহেলিকা কৌশিক

এটা কবিতা, এখন উপন্যাস, এটা গল্প
এটা সমালোচনা নে তত্ত্বগধুৰ এক প্রবন্ধ
কাৰ মৃত্যু হ'ল ?
আজন্ম প্রহৰী কলমৰ লগৰী
কোন বাটে ভটিয়াই গ'ল!
যাৰ প্রখৰ স্মৃতি বলুকাত                            
অহৰহ বিচৰণ কৰে
জ্ঞান মালিতাৰ ধাৰ,
যি সমালোচনাই ৰুধিব পাৰে
অবাটে যোৱাৰ বাট ৷
যাৰ দৃঢ়তাই জনতালৈ আনে পোহৰৰ গান
আজি ৰুদ্ধ হ'ল বীণ খনিৰ প্রাণ ৷৷
সেই উপন্যাসৰ শেষ পৃষ্ঠা থমকিলে
গল্প কবিতাৰ খঁৰা হ'ল হাত ভৰি,
সমালোচনাৰ তীক্ষ্ণতা হৰিল,
মননশীল প্রবন্ধই কাৰ সমাধিত          
সাৰ পাই বাট চাব আপোন হাত ?
এটা জীয়া সপোন হৈ ৰ'ব
প্রজন্মৰ পৰা প্রজন্মলৈ নৈ হৈ ব'ব
কলং সাক্ষী হ'ব
চাৰিকৰিয়া সাৰে ৰ'ব
দুহাত ভৰাই যাচো অশ্রু অঞ্জলি,
তোমাৰ সৃষ্টিৰাজিৰে কৰোঁ প্রজ্ঞাৰ সোঁৱৰণী ।।



Post a Comment

Previous Post Next Post