গাঁৱলীয়া-চুমি আহোম

কেঁচা মাটিৰ গোন্ধ লৈ
সেউজী সপোন ৰচা মই গাঁৱলীয়া ।।
বাৰিষাৰ বানপানী 
খৰাঙত দেখা পিতাইৰ চকুপানী,
মাঘত যদি ভোগালী, 
কাতিত আকৌ কঙালী,
সকলো সামৰি 
ব'হাগত কৰো ৰং ধেমালি, 
কাৰণ আমি গাঁৱলীয়া।
সপোন আমাৰ সেউজীয়া। 

জেঠত সিঁচি সপোনৰ কঠিয়া 
শাওনত কৰোঁ খেতি, 
ভাদৰ বানে যদি নামাৰে 
আঘোণত বুটলিম হেঁপাহৰ সোণগুটি , 
মাটিতেই সপোন ৰচি
জীৱন জীয়াই থকাৰ সপোন দেখা,
মই সহজ সৰল
গাঁৱলীয়া।। 
মই গাঁৱলীয়া।। 


✍️চুমি আহোম
     মৰাণ মহিলা মহাবিদ্যালয়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send