অশ্রুসিক্ত নয়নেৰে ভৰা,
সংসাৰৰ মায়া-মোহত বন্দী।
ক'ত উল্লাস উদ্দীপনা
সেই তাহানিৰ মাজ নিশাৰ তৰা ভৰা আকাশখনে সোঁৱৰাই দিয়ে
জানোঁছা মোৰ দুখৰ কাহিনী।
এতিয়া মোৰ হৃদয়ে কথা পাতে,
কেতিয়াবা কৈ যায়।
প্ৰাৰম্ভিক সময়ৰ বহু কথা
তাৰ মাজতেই ভাঁহি উঠে,
তাহানিৰ হাতে হাত ধৰি
তোমাৰ সৈতে ওমলাৰ প্ৰতিচ্ছৱি।
ধুই নিব খোজে!
অন্তৰত সজীৱ হৈ থকা,
তোমাৰ হাতৰ পৰশযুক্ত
সুমধুৰ স্মৃতিৰে ভৰা
ভিন্ন ৰঙীণ আঁক-বাক অকথিত তৰ্ক-বিতৰ্ক বোৰ।
নিবিচাৰো মই বুজিব আৰু সংসাৰত
বেদনাসিক্ত অশ্ৰুৰ ভাষা,
নোৱাৰোঁ সহিব অযুত যান্ত্রনা।
অনুতপ্ত চকুলোৰ ভৰ,
তথাপিও অপেক্ষা
নিয়ৰসিক্ত দুবৰিত জিলিকি থকা,
তোমাৰ স্বচ্ছতা ভৰা
নান্দনিক চকুলোৰ অশ্রুতলৰ বেদনা।
নুবুজিলা কেতিয়াওঁ, মোৰ হৃদয়ৰ গোপন মৰম
সময়ৰ গ্ৰাসত বুজিবা এদিন,
অনাকাংক্ষিত আকলুৱা মৰমৰ সংযতধ্বনি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ