প্রাতঃ ভ্রমণত পাঁচ কিঃ মিঃ
খোজ কাঢ়ে
প্রতিদিনে।।
দুই কম
ন'টা দশক জুৰি
আপুনি ছুচি ৰান্ধিছে
আটাইতকৈ
শ্রেষ্ঠতম কৰিবলৈ
আপ্রান চেষ্টা।
কোনো শীতাৰ্ত ৰাতি
কিম্বা
জহৰ দিনৰ ৰৌদ্ৰজল দুপৰীয়াত
কোনো শোকাৰ্ত বন্ধু
অথবা
সুখৰ বন্যাত ডুবা কোনো
সুহৃদৰ কাষত
দান কৰিছে সময়
বাৰ্তালাপত।
সেই আন্তৰিক সুখানুভূতিত
আপুনি সুখী নিজেই
কি যে প্রশান্তি।।
✍️হেমেন হাজৰিকা