অন্ধবিশ্বাস-মাধুৰ্য্য বৰা

অন্ধবিশ্বাস মানেই হ’ল অন্ধ ভাৱে মানে চকু মুদি কৰা বিশ্বাস । 
বৰ্তমান জগতত জ্ঞানৰ পোহৰ উদয় হোৱা পাছতো আমাৰ সমাজৰ পৰা কিছুমান   অন্ধবিশ্বাস আৰু কু-প্ৰথা আতঁৰি যোৱা নাই ৷ 
আমি সচাঁ অৰ্থত শিক্ষিত নে ? 
যি খন সমাজত দাইনীৰ সন্দেহত এগৰাকী নাৰীক শাস্তি দিয়া হয় ৷ এনেকুৱাও এচাম লোক আছে যিয়ে নিজৰ নাৰী সন্তানক ৰাস্তাৰ কাষত পেলাই
থৈ যায় ৷ তেতিয়া হ’লে কেনেকৈ ক’ম আমি শিক্ষিত বুলি ?
কোনো চৰকাৰে ইয়াক সম্পূৰ্ণ ৰূপে বন্ধ কৰিব নোৱাৰে যেতিয়ালৈকে আমি সজাগ নহওঁ আমাৰ চিন্তা চৰ্চা বোৰ উন্নত নকৰো ।
মুখত ইংৰাজী মাত , দামী কাপোৰ কিন্তু আমাৰ চিন্তা চৰ্চাবোৰহে উন্নত হোৱা নাই ৷
ঘূনে ধৰা আওপুৰণি কু-সংস্কাৰ এৰিব হ’ল ।
বাৰ-মাহে তেৰখন মহিলাক দেৱী ৰূপে পূজা কৰা হয় কিন্তু সেইখন সমাজতে মহিলাৰ সুৰক্ষাৰ কথা কোৱা হয় ৷ 
বাৰমাহে তেৰখন পূজা আমি পাতিছোঁ কিন্তু উন্নতিৰ জখলা বগাইছে জাপান , আমেৰিকা, চীন আদি দেশে ৷
অন্ধবিশ্বাস আতৰ নকৰালৈকে সমাজখন সুস্হ নহয় ৷
বৰ্তমান সমাজখন আগুৱাই যোৱা ক্ষেত্ৰত অন্ধবিশ্বাসে হেঙাৰ ৰূপে থিয় দিছে ৷
অলপ দিনৰ আগত অন্ধবিশ্বাসৰ বলি হৈ কাৰ্বিআংলঙত সোপা ধৰা সন্ধেহত দুটি প্ৰতিভা নিলোৎপল আৰু অভিজিতক 
আসুৰিক ভাৱে হত্যা কৰা হয় । 
কিন্তু সেইলোক সকলক আমি অশিক্ষিত বুলি ক’ব নোৱাৰোঁ। কাৰন, সেই অঞ্চলত ফেচবুক আৰু হোৱাৰ্টৱাপৰ প্ৰচলন আছিল ৷ মানে তেওঁলোক শিক্ষিত ৷ 
তাৰ পাছতো এনেকুৱা কাণ্ড৷ 
ইতিহাসে কেতিয়াও ক্ষমা নকৰে ৷ সেই ঘটনাৰ প্ৰভাৱত সেই অঞ্চলটো বদনামী হ’ল ইয়াৰ বাবে দায়ী কোন? 
আমাৰ মনৰ মাজত থকা কিছুমান ঘূনে ধৰা চিন্তা নহয় জানোঁ? 
এইবোৰ অন্ধবিশ্বাস এৰিব হ’ল। যি দৰে আমি সতীদাস প্ৰথা ত্যাগ কৰিলোঁ । 
বাকীবোৰ অন্ধবিশ্বাসও আমি এৰিব লাগে ৷ 
অন্ধবিশ্বাসৰ ফলত কাৰো উপকাৰ নহয় অকল অপকাৰহে হয়। 
আহক আমি একেলগে অন্ধবিশ্বাস ত্যাগ কৰি নতুন সমাজ গঢ়োঁ। 
নতুন সূৰ্য্যৰ উদয় হওঁক। জ্ঞানৰ দিপালীয়ে উজ্বলিব জগত  ৷ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send