কুৰুৱাৰ প্ৰথম শিক্ষয়ত্ৰী গৰাকীৰ আত্ম কথা : মোৰ গাঁও মোৰ মানুহ ~আমাৰ গাঁও আমাৰ চহৰ- চুমিন্দ্ৰ চৌধুৰী

©Admin
0
এডাল পেঞ্চিলৰ বদলি দুটা বগৰী অথবা এচিৰা তেতেলী পোৱাৰ দিনৰ কথা ৷ মোৰ একমাত্ৰ খুড়াই এহাতে এঠোক পকা কল আৰু আনহাতে মোক হাতত ধৰি জীৱনৰ প্ৰথম পঢ়াশালি কুৰুৱা এম ভি স্কুলত নাম লগাবলৈ লৈ যোৱা দিনটোৰ কথা আজিও জলজল পট্পটকৈ মনত আছে ৷ স্কুলখনৰ শিক্ষকসকলৰ কাৰ্যালয় আৰু পঞ্চম শ্ৰেণীটোৰ বাদে গোটেই কেইটাই শ্ৰেণীকোঠাৰ ইটাৰ বেৰ এখনো নাছিল ৷ মাত্র খিৰিকী নথকা কোঠাবোৰৰ কাঠৰ বাতামবোৰৰ ওপৰত দুই এখন মাটিৰে লেপা বেৰ ওলমি আছিল ৷ প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে ল'ৰা-ছোৱালী সকলোৱেই মাটিত ঢাৰি, কঠ অথবা বস্তা পাৰি বহিছিল ৷ কিন্ত আমাৰ লগৰ এজনে ( নামটো পাহৰিলোঁ) ছাগলীৰ ছাল এখন পাৰি বহিছিল ৷ অৱশ্যে চতুৰ্থ শ্ৰেণীত আমি ল'ৰা-ছোৱালীবোৰ একলগ হৈ বাঁহেৰে সজা ডেক্স - বেঞ্চত বহিছিলোঁ ৷
স্কুলখনৰ পিছফালে থকা পুখুৰীটোৰ পাৰত নাতি দূৰৈত বেল এডালৰ তলত এটা চালি নথকা ইটাৰে গাঁথা জৰাজীৰ্ণ প্ৰস্বাৱ ঘৰ আছিল ৷ আমি অৱশ্যে তালৈ নগৈ সকলোৱেই মিলি কলপাতেৰে বনোৱা প্ৰস্বাৱ ঘৰটোৱেই ব্যৱহাৰ কৰিছিলোঁ ৷ প্ৰত্যেক শনিবাৰে অৰ্ধ চুটীৰ পাছত ছাত্ৰ - ছাত্ৰীসকলোৱে একবদ্ধ হৈ নিজৰ নিজৰ শ্ৰেণীকোঠা সমূহ গোৱৰ পানীৰে মচিছিলোঁ আৰু শুকান কলচোঁচনী আনি প্ৰস্বাৱ ঘৰটো মেৰামতি কৰি লৈছিলোঁ ৷ পুৰণি স্কুলখনৰ কাষত থকা এডাল বুঢ়া আহঁত গছ আৰু আন এডাল পাকৰি গছে স্কুলখনৰ পৰিৱেশটো বেচ গম্ভীৰ কৰি ৰাখিছিল ৷ সেই দুডাল বুঢ়া গছ আমাৰ কাৰণে অকল গছেই নাছিল ৷ ককাদেউতাকে মৰমৰ নাতিয়েক কোছত বহুৱাই কুঁহিপাত পঢ়োৱাৰ দৰে আমিও সেই বুঢ়া গছ দুডালৰ ছাঁত বহি চিঞৰি চিঞৰি প্ৰাৰ্থনা গোৱা, নেওঁতা পঢ়া, যুক্তাক্ষৰ পঢ়া আৰু মৌখিকৰ পিৰিয়ড কৰা স্মৃতিৰাজি আজিও মোৰ মনৰ মাজত জীপাল হৈয়ে আছে ৷ শ্ৰেণীত পিৰিয়ড চলি থকাৰ সময়ত গছ দুডালৰ ধোন্দত সোমাই চিঞৰি থকা কেকোসাঁপ কেইডালৰ কথা মনৰ মণিকোঠাত আজিও সজীব হৈয়েই আছে ৷
  স্কুলৰ বাৰান্দাত চকীদাৰ বাবুল দাদাই ৰাতিপুৱাই ধুতিখনৰ এটা লোচ ককালত খোচমাৰি লৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সৰু ড্ৰামটোত পানী ভৰাই প্ৰাৰ্থনাৰ বাবে বজাই দিয়া ঘন্টাৰ শব্দৰ প্ৰতিধ্বনি আজিও কানত গুঞ্জৰিত হৈয়েই আছে ৷ প্ৰধান শিক্ষক স্বৰগীয় খৰ্গেশ্বৰ দাস চাৰ, গণিতৰ শিক্ষক মোৰ শৈশৱৰ দ্ৰোণাচাৰ্য্য ডম্বৰুধৰ দাস চাৰ, অসমীয়াৰ শিক্ষক স্বৰ্গীয় এধানি দাস চাৰ, ভূ-গোলৰ শিক্ষক স্বৰ্গীয় তিলক চহৰীয়া চাৰ আৰু বিজ্ঞানৰ শিক্ষক স্বৰ্গীয় ললিত দাস আদি নমস্য গুৰু সকলৰ মাজত শিক্ষয়ত্ৰী স্বৰ্গীয়া গৌৰীপ্ৰভা দাস বাইদেউ ওৰফে মাষ্টৰণী বাইদেউ আছিল অন্যতম শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ প্ৰতীক ৷ বাইদেৱেই আছিল কুৰুৱাৰ প্ৰথমজনী শিক্ষয়ত্ৰী ৷ সদায়েই গুণা লগোৱা ঢকঢকীয়া বগা মেখেলা চাদৰ পৰিহিত হাতত পিন্ধি অহা কলা ফিতা লগোৱা ঘড়ীটোৰে কৃষ্ণবৰ্ণা গৌৰী বাইদেউ আছিল আমাৰ বাবে মাতৃ স্বৰূপিনী ৷ খুড়াই স্কুলখনত নামভৰ্ত্তি কৰি অহাৰ পাছতেই স্কুলখন আৰু মাষ্টৰণী বাইদেউ মোৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছিল ৷ মোৰ এতিয়াও মনত আছে প্ৰথম শ্ৰেণীত বাইদেৱে এটা ডাঙৰ গোল আৰু এটা সৰু গোল আঁকি কেনেদৰে অ , আ লিখিব শিকাইছিল ৷ হাতৰ আখৰ ভাল কৰিবলৈ কাঠ পেঞ্চিলেৰে কলপাতত লিখিবও বাইদেৱে শিকাইছিল ৷ লাহে লাহে পঢ়াশুনাত একাগ্ৰতাৰ বাবে মই বাইদেউৰ প্ৰিয় ছাত্র হ'বলৈ ধৰিলোঁ ৷ বাইদেউৰ একান্ত অনুগামী হৈ উঠাৰ বাবে নিজকে গৌৰৱবোধ কৰিবও ধৰিছিলোঁ ৷ অৱশ্যে বাইদেৱে সকলো ল'ৰা-ছোৱালীকে সমানে আগুৱাই নিবলৈ যত্পৰোনাস্তি চেষ্টা কৰিছিল ৷ সদায়েই পঢ়া শুনাত দূৰ্বল ল'ৰা-ছোৱালীবোৰক আগত বহুৱাই দিছিল ৷ 
   আমি দ্বিতীয় শ্ৰেণীত পঢ়ি থকা দিনৰ কাহিনী ৷ মাষ্টৰণী বাইদেৱে আনদিনাৰ দৰে 
   আমাক বুঢ়া আহঁত জোপাৰ তলত বহুৱাই শ্ৰুতলিপি লেখাই আছিল ৷ সেইদিনাখন পুৱাতেই মোৰ, ৰজনী, কুমেশ্বৰ আৰু মানিকৰ লগৰ কেইজনী মান ছোৱালী পবিত্রী, ববী, গীতা আৰু সাবিত্ৰীৰ লগত কিবা কাজিয়া লাগিছিল ( কাৰণটো পাহৰিলোঁ ) ৷ শ্ৰুতলিপি সমূহ চাই মাষ্টৰণী বাইদেৱে ভুল কৰা ল'ৰা-ছোৱালী বোৰক এফালে ঠিয় কৰাই স্কেলেৰ হাতত শাস্তি বিহিছিল ৷ শাস্তি খাব লগীয়া সেই ল'ৰা-ছোৱালীবোৰৰ মাজত ৰাতিপুৱাই আমাৰ লগত কাজিয়া কৰা আটাইকেইজনী ছোৱালীক দেখি মনত ৰঙ পাই আমি প্ৰতিশোধ লোৱাৰ সেইয়াই উত্তম সময় বুলি ধৰি লৈছিলোঁ ৷ বাইদেৱে সিহঁতক শাস্তি বিহাৰ সময়ত আমি সিহঁতৰ বিষয়ে হোৱাই নোহোৱাই পঢ়া - শুনা নকৰি খেলি থাকে বুলি কৈ মাৰ খুৱাব বিছাৰিলোঁ ৷ আমাৰ কথাত বাইদেৱে তাহাঁতক এচাত বেছিকৈ দিব বুলি আমি বাইদেউৰ কাণত পৰাকৈ তাহাঁতক অপবাদ দি যাব ধৰিলোঁ ৷ বেচেৰীহঁতে অধিক মাৰ খোৱাৰ ভয়ত মুখেৰে একো নেমাতি শাস্তি খাই থাকোতে পেটে পেটে আমি খুব মজা পাইছিলোঁ ৷ পাছে তাহাঁতক শাস্তি বিহাৰ পাছত হঠাত মাষ্টৰণী বাইদেউ খঙত টিঙিৰি তুলা হৈ মোক,মানিক আৰু কুমেশ্বৰক ঠিয় কৰাই লৈ সকলো ল'ৰা-ছোৱালীৰ আগতে এচাত দি কৈছিল যে লগৰ সহপাঠীয়ে কিবা নোৱাৰিলে সেই কথাটোক লৈ ফূৰ্তি কৰিব নাপায় ৷ নিজৰ সহপাঠীয়ে নুবুজা কথাবোৰ বুজাই দি সমানে আগুৱাই যোৱাত সহায়হে কৰিব লাগে ৷ বিদ্যাধন যিমানে ভগাবি সিমানেই বাঢ়িব ৷ বিশ্বাস কৰক সেই দিন ধৰি মই সহপাঠীৰ প্ৰতি শ্ৰদ্ধা আৰু স্নেহ অকণো কাৰ্পণ্য নকৰাকৈ প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলোঁ ৷ 
   পৰৱৰ্তী শিক্ষা আৰু কৰ্ম জীৱনত মই বহুতো শীত - তাপ নিয়ন্ত্ৰিত কোঠাত বহি বহু নামী দামী প্ৰতিষ্ঠানত পঢ়াৰ লগতে প্ৰশিক্ষণ ল'বলৈ গ'লো কিন্ত বেৰকোৰ নোহোৱা কুৰুৱাৰ এম ভি স্কুলৰ মাষ্টৰণী বাইদেউৰ দৰে অকপট মৰম আৰু অনুশাসনৰ আদিপাঠ ক'তো নাপালোঁ ৷ শিক্ষা জীৱনৰ পাছৰ সময়চোৱাত বিদ্যাধন ভগাই দিলে যে সচাঁই বাঢ়ি যায় তাক বাৰুকৈয়েই উপলব্ধি কৰিছিলোঁ ৷ 
    শ্ৰদ্ধাৰ আৰু মৰমৰ গৌৰীপ্ৰভা দাস বাইদেউ আজি আমাৰ মাজত নাই ৷ তেওঁৰ আত্মা য'তেই নাথাকক কিয় আমাক যেন সদায়েই আশীৰ্বাদ কৰি থাকে ৷ বাইদেউৰ স্বৰ্গগামী আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।
    মোৰ গাঁৱৰ অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাই তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ ৷

✍️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)