বিনিদ্ৰ ৰজনী পাৰ কৰে সিহঁতে
বিনিময়ত লয়
কোনোবাই ডাষ্টবিনত পেলাই যোৱা
জুঠা আহাৰ ।
গেলা পচা দুৰ্গন্ধময়...
আধা-পেটী হৈয়েই চলাই যায় জীৱন যুদ্ধ
তথাপি সিহঁতৰ লোভ নাই
কেঁচা যৌৱনৰ নাইবা শিশু - বৃদ্ধৰ নিষ্পাপ শৰীৰৰ
এক কথাত কবলৈ হ'লে
ইমানদাৰ-ৱফাদাৰ সিহঁত
এন্ধাৰত যদি তুমি পাৰ হোৱা
সিহঁতৰ ওচৰেৰে
হয়তো ভুকিব পাৰে সিহঁতে
চোৰ , ডকাইত নাইবা দেশদ্ৰোহী বুলি
কিন্তু তোমাৰ সতীত্ব নাশৰ বাবে হাত নেমেলে
মানৱতা নাথাকিলেও সিহঁত
এন্ধাৰৰ সুযোগত হৈ নপৰে দানৱ
কুকুৰ বুলি গালি নিদিবা
আঘাত লাগিব পাৰে সিহঁতৰ
মানুহৰূপী কুকুৰতকৈ বহুত উচ্চত সিহঁত
নিশাৰ প্ৰহৰী সিহঁত
হেজাৰ বিনিদ্ৰ ৰজনী পাৰ কৰে সিহঁতে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ