তোমাৰ অভ্যন্তৰত - মৌচম হাজৰিকা

হাঁহি বিৰিঙিছে 
হালি-জালি থকা 
ধানৰ কুমলীয়া থোকবোৰত 

হাঁহি বিৰিঙিছে 
থোপা-থোপে ওলমি থকা
সোণাৰু গছৰ ফুলবোৰত 

হাঁহি বিৰিঙিছে
সলাজ মৰম অঁকা
তোমাৰ মিঠা ওঁঠযুৰীত 

তথাপিও
কিয় তোমাৰ বুকুত 
লুকাই থাকে
কৰুণ শোকৰ সম্ভাৰ 

যাক তুমি
বহন কৰা নিৰৱে 
নিমাতে 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send