মোৰ মৃত্যু দিনা-অসীম বৰা

আঁঠুত থুতৰি থৈ
            মোৰ চিতাৰ কাষত! 
আউলি বাউলি হৈ নাকান্দিবা তুমি! 
          মৰম আৰু নাই এই নিষ্ঠুৰ সত্যটো মানিবলৈ তোমাৰ বহুতেই টান হ'ব। 
কিন্তু, এইয়াই যে প্ৰকৃতিৰ নিয়ম।
    এদিন তুমিও হ'বাগৈ কোনোবা অজান দেশৰ অতিথি। 
সেইয়া মাঁথো দুই-এদিনৰহে ব্যৱধান। 
তুমি মই পুনৰ এক হ'ম কোনোবা অজান দেশত, সাৰ পাই উঠিব আমাৰ মৰহি যোৱা মৰমবোৰ, উন্মুক্ত প্রেমৰ সুবাস আৰু যে ক'ত কি? 
সাজিম সপোনৰ কাৰেং
      যত থাকিম তুমি মই আৰু আমাৰ নিস্বাৰ্থ মৰমবোৰ। 
অপেক্ষা মাথোঁ সময়ৰ।

Post a Comment

Previous Post Next Post