অসমীয়া সাধাৰণ জ্ঞান~কুইজ- ২২ জুলাই ২০২১

©Admin
0
১. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উঃ গোপীনাথ বৰদলৈ।
২.অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উঃ ১৮২৩ ।
৩.অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?
উঃ শিৱসাগৰ।
৪.'টেলিফোন 'আৰু 'টেলিগ্ৰাফ' সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল?
উঃ ১৮৬৬ চনত।
৫.অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ কিমান চনত বলৱৎ কৰা হৈছিল?
উঃ ১৯৭৯চনত।
৬.আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল?
উঃ ১৬৮১চনত ইটাখুলি নামৰ ঠাইত।
৭.প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?
উঃ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।
৮.অসমৰ 'কুমাৰ ৰজা' বুলি পৰিচিত ব্যক্তিগৰাকী কোন?
উঃ ভাস্কৰ বৰ্মন।
৯.' অসম ছাত্ৰ সন্মিলনী' কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?
উঃ ১৯১৬ চনত।সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।
১০.অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উঃ খ্ৰীষ্টীয় নৱম-দশম শতিকাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)