শৈশৱ ৰোমন্থন আৰম্ভণিৰ সেই দিনবোৰ (খণ্ড-৩)-মিন্টু হাজৰিকা

অসমীয়া সাহিত্যৰ চানেকি
0
সেইদিনবোৰত সকলোতকৈ বেছি ৰেখাপাত কৰা এটা স্মৃতি মোৰ মন-মগজু আৰু স্মৃতিত আজিও সজীৱ হৈ আছে।সেই দিনবোৰত পাকঘৰৰ জুহালত ভাত ৰান্ধি থাকোতে এটা জ্বলন্তু চাঁকিৰ অনুজ্বল পোহৰত মা আৰু মই দুয়োয়ে দুখন পৃথিৱীত বিচৰণ কৰাৰ সৌভাগ্য পাইছিলোঁ। চাকিৰ ঢিমিক ঢামাক পোহৰত মাৰ মুখখন দেখাত তেনেই সেঁতা পৰা আছিল। জীৱন যুদ্ধত যুঁজ কৰি বহুক্ষেত্ৰত ভাগৰি পৰি ঘামৰ মাজত বুৰ খাই থকা মায়ে অলেখ চিন্তাৰে ভাৰাক্ৰান্ত হৈ বিষাদে আৱৰি থকাৰ মাজতে ন-ন সপোন দেখি চিন্তাত বিচৰণ কৰা দেখিছিলোঁ। সেই ঘামেৰে আবৃত্ত  মাৰ  তামবৰণীয়া মুখখন আজিও মোৰ মানসপটত সজীৱ হৈ আছে।কেঁচা খৰিৰে জুই ধৰি ঘনাই ঘনাই নুমাই যোৱা জুইকুৰাত ফু-চুঙা হাতত লৈ মুখেৰে ফুৱাই ফুৱাই চকুত ধোৱা লাগি তাৰ বিদ্ৰোহ আৰু অত্যাচাৰত সহ্য কৰিব নোৱাৰি চকুহাল জাপ খাই চকুলোৰে ভৰি পৰিছিল। তাৰ মাজতেই নাকেৰে সোত-সোতাই উটলি থকা বতুৱাৰ গৰম পানীত চাউল বঢ়োৱা, ভাতৰ মাৰ কঢ়া আদিবোৰ কৰাৰ লগতে বাৰীৰ অ'ৰ-ত'ৰ পৰা চিকুতি-বাকুহি অনা সাৰ প্ৰয়োগ নকৰা সেউজীয়া শাক বোৰ ৰন্ধাৰ বাবে কাটি যো-যা কৰে। সেইবোৰ কৰি উঠি দলঙা-হুকুমা চাব গৈ তাত লগা জীয়া জীয়া নাৰ, বাত্‌,  বৰালী মাছবোৰ মৰনৈৰ পৰা আনি কাতি-ভাজি তৈয়াৰ কৰাত ডাঙৰ ডাঙৰ সিদ্ধ মাছৰ টুকুৰা বোৰে পেটৰ ক্ষুধা বঢ়াই তোলে। অৱশ্যে সেই আঞ্জাত আজিৰ দৰে মছলা আৰু তেলৰ পয়োভৰ নাছিল বুলিলেও ভুল কোৱা নহয়। সেইবোৰ কৰি থাকোঁতে মাক কোনো দিন অৱস হৈ পৰা দেখা নাছিলোঁ। সেই উদ্যম মাৰ গাত আজিও আছে। আনহাতে চাকীৰ আনটো দিশত  থৈলা বস্তাৰ ওপৰত বঢ়ি আনুস্থানিক শিক্ষাৰ আদি পাঠৰ পূৰ্ব আখৰা বোৰ সেই কমাৰ শাল সদৃশ ঠাইতে মোৰ অঙ্কুৰিত হৈছিল। মাৰ হাততে হাত ধৰি স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ বোৰে প্ৰাণ পাই মানস পটত সজিৱ হৈ স্থায়ীত্ব লাভ কৰিছিল। মায়ে আগ্ৰহেৰে কষ্ট কৰি শিকাই দিয়াৰ ফলত মই কম সময়তে বৰ্ণবোৰ আয়ত্ব কৰি লোৱা কথাবোৰে মাক বৰ আনন্দ দিছিল। সমভাৱে ময়ো এখন নতুন বৌদ্ধিক মহল চিনাকি হোৱাৰ বাটৰ সন্ধানৰ বাবে প্ৰথম বাটকাতি মাৰ কৃপাতে আখৰ জোতনি শিকিছিলোঁ। হয়তো তেখেতৰ চিন্তাৰ মাজত দূৰ ভৱিষ্যতে আন্ধাৰ নাসি দিগন্তৰ সন্ধান কৰিব পৰা বাট এটা মায়ে মোৰ মাজতে দেখি প্ৰাপ্তিত মন ভৰি উঠিছিল। আৰ্থিক ভাৱে অতিকৈ বাধাগ্ৰস্ত হৈ পৰা ঘৰখনৰ গিৰিহতনীয়ে আমাৰ মাজত নিৰাষাৰ মাজতে আশাৰ ৰেঙনি দেখিছিল। ইয়াৰ মাজতে আন এটা আমোদ জনক পৰিৱেশে মাজে  মাজে মোৰ স্মৃতিত দোলা দিয়েহি। দিনৰ দিনটো সমনীয়াৰ লগত খেলি অৱস হৈ পৰা শৰীৰটোলৈ পঢ়ি থকাৰ  মাজতে মোৰ কেতিয়াবা কেতিয়াবা নিদ্ৰা দেৱীয়ে ভুমুকি মাৰেহি। বৰশীত মাছে খোতাদি টোপনীয়ে ঘনাই খুটিলে পঢ়ি থকা অৱস্থাতে সন্মুখত প্ৰজ্ঝলিত চাকিটোয়ে মোৰ মুৰৰ চুলি কোচাক মৰম কৰাৰ হেঁপাহ জাগি উঠে। সেই হেঁপাহতে মোৰ মুৰৰ চুলি কোচাক চেলেকী দিয়ে। মুহুৰ্ততে পক্ষীৰ পাখি পোৰা গোন্ধ এটা  বিয়পি পৰে। সেই গোন্ধ নাকত লাগিলেহি পুনৰ সাৰপাই চাকীৰ শিখাৰ মৰমৰ বুকুৰ পৰা উচাৎ মাৰি ওলাই আহোঁ। কৃষ্ণবৰণীয়া চিধা কেশবোৰত চেলেকি অত্যাধিককৈ কৰা শিখাৰ মৰমত চুলিৰ আগ অংশবোৰ পাকখাই তামবৰণীয়া হৈ সৰু সৰু জটৰ ঠায়লৈ পৰিণত হয়। পিছদিনা পুৱা উঠি সমনিয়াৰ লগত খেলিবলৈ যাওঁতে আগদিনা  মুৰৰ চুলি কোচাক জ্বলন্ত চাকিৰ শিখাই  চেলেকি দিয়া বিষয়টোকলৈ জোকৰা আৰম্ভ হয়। সেই বিষয়টোকে লৈ সমনিয়াই আনন্দ অনুভৱ কৰি দিনটো পাৰ কৰে। এনে অভিজ্ঞতা মোৰ দৰে হয়তো সেই সময়ৰ সমনীয়াৰ জীৱনত নঘটা নহয়। শৈশৱৰ সেই সোণালি দিনবোৰে মোক আজিও ৰিঙিয়াই মাতি আমনি কৰে।


বাল্মীকিৰ বনলৈ বসন্তৰ আগমণ ঘটাৰ দৰে মইয়ো এদেও-দুদেওঁকৈ ডাঙৰ হৈ কিছু কথা বুজি পোৱা হ'লো। জীৱনৰ এই তেত্ৰা যুগৰ পবিত্ৰ সময় ছোৱাত  মোৰ লগৰীয়া বুলিবলৈ তিনি গৰাকী ছোৱালী আছিল। এজনী বাইদেউ মঞ্জুলা হাজৰিকা, আন দুজনী ভন্টি ৰুবি হাজৰিকা আৰু পলি হাজৰিকা। তেওঁলোকৰ লগতে মোৰ সেই সময়ছোৱাৰ বেছিভাগ সময় পাৰ হৈছিল। কোৰোকাত ভাত ৰান্ধি ধেমালি কৰাৰ পৰা আবেলি স্কুলৰ পৰা আহি সেই একে স্থানত গছৰ তলত গৃহকাৰ্য্য কৰালৈকে এইবোৰৰ সংগী এই তিনিগৰাকীয়েই আছিল। দ্বিতীয় শ্ৰেণীত পঢ়াৰ পাছৰ পৰা প্ৰাঞ্জল হাজৰিকা, নিতুল ৰাজখোৱাৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল। সিঁহত দুটাৰ লগতে কাষৰ পিটনিত খেপিয়াই মাছ ধৰা, নদীৰ পাৰৰ গাতত হাত সুমুৱাই মাছৰোকা চৰাই ধৰা, দলনিত শৰালি চৰাইৰ ডিম বিচৰা, মৰনৈত হাত খেপিয়াই মাছ ধৰি কাষৰ ঝাৰণীত প্ৰত্যেক সপ্তাহত এটাকৈ খানাখোৱা আদিবোৰ অভিজ্ঞতাই পুষ্ট কৰি তুলিছিল।

শৈশৱ কালতে কৃষকৰ পুত্ৰ হোৱাৰ গৌৰৱৰ বাবে ভূইৰোৱা, কঠিয়া তোলা, কেঁকোৰা নাঙল ধৰা, ডাঙৰি ভাৰবোৱা, গৰু চৰোৱা, ঘাঁহ কটা আদিবোৰ কামত পাৰ্গত হৈ পৰিছিলোঁ। উল্লেখযোগ্য যে নৱম মানত পঢ়া বছৰত এই অভাজন আমাৰ ঘৰৰ হালোৱা হ'ব লগাত পৰিছিল। পুৱা চাৰে তিনি বজাতে হাললৈ  গৈ নাঙলজুৰি গৰুহালৰ পাছে পাছে পুৱা বেলাটো বোকাত লুতুৰি-পুতুৰি হৈ খোজকাঢ়িব লাগিছিল। অৱশ্যে ইয়াৰো কাৰণ নথকা নহয়। সেই বছৰ আমাৰ ঘৰৰ স্থায়ী হালোৱা জনৰ পৰিবাৰ বতাহ-ধুমুহাত ঘৰৰ কাষৰ শিমলু গছ পৰি মৃত্যু হোৱাৰ বাবে তেওঁ এই বৃত্তিৰ পৰা অব্যাহতি লোৱাতহে তেনে কৰিবলৈ বাধ্য হৈছিলোঁ। কাৰণ সেই সময়ত আমাৰ জীৱিকাৰ প্ৰধান আৰু একমাত্ৰ সমলেই খেতি আছিল।

আনহাতে স্কুলৰ গৰম বন্ধত আজিকালি মানুহে ফুৰিবলৈ যোৱাৰ পৰিৱৰ্তে আমি শৈশৱ কালত পৰিকল্পনা কৰিছিলোঁ কেনেকৈ বন্ধৰ এই এমাহ দিনত শালি খেতিৰ কৃষি কৰ্ম সামৰি ভৱিষ্যতে বছৰটোৰ বাবে ধানেৰে ভঁৰাল ভৰাই তুলিব পাৰি। শৈশৱটো বাদেই মই ছয়দুৱাৰ কলেজত পঢ়িবলৈ যোৱাৰ বৰ্ষলৈ অৰ্থাৎ ২০০৩ চনলৈকে এই ধাৰা অব্যাহত ৰাখিছিলোঁ।

আনহাতে মাহত এবাৰ পাকঘৰত সোমোৱাটোও এটা নৈমিত্ৰিক কৰ্মৰে অংশ আছিল। কিয়নো মাক বাদদি ঘৰত মহিলা বুলিবলৈ কোনো নাছিল। সেয়ে মা কুসুমকাল পৰিলে ময়েই সেই দায়িত্ব ভাৰ পালন কৰিব লগীয়া হৈছিল। এই দায়িত্বভাৰ মই দ্বিতীয় শ্ৰেণীত পঢ়াৰ পৰা বাহিৰলৈ পঢ়িবলৈ নোযোৱালৈকে পালন কৰিছিলোঁ। এই কামটো আজিৰ দিন সহজ কাম যেন হ'লেও আমাৰ দিনত ইমান সহজ নাছিল।  খৰি জ্বলাই বটোৱাত ভাত ৰান্ধি, কেৰাহিত দালি সিজাই তেল মৰাৰ অন্তত বেলেগ বাচনলৈ বাকি পুনৰ ভাজি বনোৱাটো দ্বিতীয় শ্ৰেণীত পঢ়া বয়সত যথেষ্ট টান কামেই আছিল। সেয়েহে শৈশৱ কালৰ স্মৃতিত এই বিষয়ে পাঠকে জানিবৰ বাবে উল্লেখ কৰিছোঁ।

শৈশৱৰ আন এটা স্মৃতি মোৰ বাবে বৰ ভয়াবহ আছিল। তেতিয়া মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। সেই সময়ত স্থানীয় প্ৰকৃতিৰ ডোবা-পুখুৰীবোৰত সকলোৱে মিলি মাছ ধৰাটো এটা পৰম্পৰা আছিল। মইয়ো সেইদিনা ৰাইজৰ লগতে গাঁৱৰে নামঘৰৰ কাষৰ ডোবাত মাছ ধৰি ঘৰলৈ ওভতাৰ পথত মৰনৈৰ ঘাটতে সমনীয়া নিতুল শইকীয়াৰ লগত জাপ দিছিলোঁ। নিতুলে পানীত ওপঙি থকা দেখি মই বাম বুলি ভাবি তাৰ লগতে জাপ দিলোঁ হয় কিন্তু নদীৰ সোঁত ইমান বেছি আছিল যে মোক কম সময়তে উতাই লৈ গৈ অছিল। তেনেতে নিতুলৰ মাকে দেখা পাই মোৰ চুলিত ধৰি বামলৈ তানি আনি উদ্ধাৰ কৰিছিল। কেইবা ঢোকো পানী খাইছিলোঁ। সেই দিনা বৰ ভয় খাইছিলোঁ। হয়তো তেখেতে মোক উদ্ধাৰ নকৰা হ'লে মই ইহ সংসাৰ এৰি যাবলগাত পৰিলেহেতেন। এই কথা পিছে মই ঘৰৰ মা-দেউতাক কোনো দিন কোৱা নাছিলোঁ। কাৰণ মা-দেউতাই যদি কিবা কাৰণত ঘুণাক্ষয়ো গম পায় তেন্তে এই অপৰাধৰ বাবে শাস্তি পোৱাটো খাটাং আছিল।

মোৰ ভিন্নৰঙী প্ৰেৰণাৰ উৎস, প্ৰাণৰ আপোন  ঠাইখনলৈ জনবিস্ফোৰণ আৰু যান্ত্ৰিকতাৰ ধুমখুমিয়াৰ আগমন ঘটি ইয়াৰ ৰূপৰ কিছু লৰচৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু গাঁৱৰ কেঁচা মাটিৰ গোন্ধ সেই একেই সুবাস হৈ আজিও বিয়পি আছে।

যৌৱন কালতে হিল্লোল তুুলি প্ৰকৃতিয়ে অমিয়াৰ সুৰ বোঁৱাই মোক অকৃত্ৰিম অফুৰন্ত প্ৰেৰণা যোগাইছিল।  ভাদমহিয়া নামঘৰত ধ্বনিত হোৱা শংকৰী কলা-কৃষ্টিৰ উৎসৱমুখৰ পৰিৱেশত, কেতিয়াবা কৃষকে ভূই-ৰুই সেউজীয়া কৰি ভৰাই থোৱা পৰিৱেশত, কেতিয়াবা বসন্তৰ আগমনত কুলি-কেতেকীয়ে বিননিজোৰা সময়ত আৰু  কেতিয়াবা জেঠমহীয়া জনশূণ্য নিৰ্জনতাৰ আনন্দত ভৰদুপৰীয়া ৰাগীলগা তপত ৰ'দত মৌনভাৱে প্ৰকৃতিৰ কোলাত ভাবুক হৈ উমলি থাকোগৈ। জেঠ মাহৰ দিনমণিৰ তপত উম লাগি মই অজান পৰশ অনুভৱ কৰিছিলোঁ ! এনে যৌৱনৰ উমলগা সুৰুযৰ ৰ'দচাতিয়ে মনটো স্থিৰ কৰোতেই কাণত পৰেহি এটি মধুৰ গুঞ্জন ধ্বনি।  উদয় হয় নানা প্ৰশ্নৰ। কোনে এনে সুন্দৰ ভাৱে বীণা বজাইছে? এই চিনাকি ধৰাৰ মাজত ক'ৰপৰা এনে মধুৰ ধ্বনি গুঞ্জৰিত হৈছে? নিমিষ  নেপেলাই ইফালে-সিফালে উৎসুকতাই চকুযুৰি ঘুৰাই দেখো কাষৰ আমগছত ওলমি থকা পৰজীৱি ভাটৌ ফুলৰ পুস্পাদ্যানত মৌ-মাখিয়ে গুণগুণাই আছে। নিমাত নিস্তব্ধ হৈ বীণাপাণিৰ গুঞ্জনত তন্ময় হৈ দেখো- এই প্ৰাকৃতিক নান্দনিক সৌন্দৰ্য সমূহ গাওঁৰ সকলোৰে বাবে প্ৰেৰণাময় প্ৰশান্তি।

জন্মভূমিৰ বুকুৰ কাষেৰে বৈ অহা মৰনৈৰ দিগন্ত স্পৰ্শীয় শোভাৰাশিৰ চেনেহৰ স্মৃতি, বৰনামঘৰৰ মাংগলিক অনুষ্ঠান, সৰল-সহজ গাঁৱলীয়া জীৱনৰ প্ৰাণ ভৰা সাদৰ-সম্ভাষণ আদিয়ে মোৰ এটা অনাবিল পৰিৱেশ বৰ্দ্ধন কৰাৰ লগতে গাওঁবাসীৰ সামগ্ৰিক মাহাত্ম্য প্ৰকাশত বহুল অৰিহণা যোগাইছে। গৰুৰ খুৰাৰ ক্ষুদ্ৰ জলস্তম্ভত ভূমণ্ডল পৰিব্যক্ত হোৱাৰ দৰে  মোৰো জন্মভূমিৰ আশ্ৰম সদৃশ পৰম পবিত্ৰ সমলেৰে নিৰিহ-নিপালিকৈ আজিও আলোকিত কৰি আহিছে।এনেবোৰ সমলে আলোকিত হোৱাৰ পাছত স্থানীয় গ্ৰাম্য জীৱন ধাৰাৰ সোঁততে সোঁত মিলাই  শৈশৱ কাল লালিত-পালিত হৈ সম বয়সীয়া সকলৰ বয়সতে জীৱন গঢ়াৰ মানসেৰে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আগত ৰাখি পৰৱৰ্তী সময়ত ময়ো গাঁৱৰে উত্তৰ পহুকটা প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰ দলিত উপস্থিত হৈছিলোঁ।

                 (অন্ত)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)