গছ-গছনি আৰু নৱ প্ৰজন্ম-শ্রী কুমাৰ পানতাঁতী

নতুন প্ৰজন্মৰ যাত্রী আমি
মনে প্রাণে আধুনিকতাৰ ভাৱ 
সদায় নিজকে আনৰ লগত তুলনা কৰি 
আনৰ বুকুত ভৰি দি আগুৱাই যোৱাৰ মনোভাৱ। 

আধুনিকতা আৰু উন্নয়ন কৰিবলৈ 
এবাৰো কুন্ঠাবোধ নকৰো  এজোপা গছ কাটিবলৈ, 
কুন্ঠাবোধ নকৰো আধুনিকতাৰ নামত ৪জি ৰ পৰা ৫ জি লৈ আগমন কৰিবলৈ। 
ই কেৱল ডিজিটেল মাধ্যমৰ উন্নয়ন হে মাথোন, 
ইয়াক ব্যৱহাৰ কৰিবলৈ শেষ কৰি পেলাইছো  প্ৰাকৃতিক সৌন্দৰ্য্য। 

 প্ৰকৃতি আৰু জীৱ জন্তুৰ মাজত এক এৰাব নোৱাৰা সম্পর্ক অতীজৰ পৰাই আছে। 
আমিনো ক'ত বুজিম এই দুয়োৰে মাজত থকা মধুৰ সম্পর্কৰ কথা। 
আমি নৱ প্ৰজন্ম 
আমাক লাগে কেৱল নিজৰ উন্নয়ন আৰু আধুনিকতা। 
আমাৰ উদ্দেশ্যৰ আগত থিয় দিয়া সকলো গছ গছনিক  কাটি ধ্বংস কৰাৰ ভাৱ।

গছ গছনিয়ে মানৱ জাতিক  মৌলিক প্ৰয়োজন সকলোখিনিই দিছে। 
কিন্তু নৱ প্ৰজন্মই গছ গছনিক কাটি নাইকিয়া কৰিছে৷
নাইকিয়া কৰিছে, ভৱিষ্যতৰ সোণ ৰূপৰ আহিলা।
হ্ৰাস কৰিছে ভৱিষ্যতৰ অক্সিজেনৰ পৰিমাণ।

আহক আমি নৱ প্ৰজন্মই
আমাৰ চাৰিওফালে সেউজীয়া পৰিৱেশ গঢ়ো।
এজোপা গছ কাটিলে তাৰ বিপৰীতে দুইজোপা ৰুও। 
আমি জীয়াই থকা দিনত এদিন হলেওঁ যাদব পায়েঙৰ দৰে ভাবো। 
আহক প্ৰকৃতিৰ লগত বন্ধুত্ব গঢ়ি তোলো।


✍️শ্রী কুমাৰ পানতাঁতী

Post a Comment

Previous Post Next Post