গৈ আছে উভতি নোচোৱাকৈ
ৰুষ্ট হৈ পৰিছে আজি প্ৰকৃতি
কেউফালে আকৌ মহামাৰী
লৈ গৈছে চাৰিওকাষৰ সেউজীখিনি।
আজি শংকিত হৈ পৰিছে জীৱন
ক'ত হেৰাল এই সেউজীখিনি?
কোনে হেৰালে?
প্ৰকৃতিৰ ক্রোধাগ্নিত জাহ যাবৰ হ'ল
নোযোৱা কোনেও সাৰি।
মানৱৰ বাবেই হৈছে প্ৰকৃতিৰ
নিঃশেষ মূল্যবোধ
সেয়েহে আমিয়ে জগৰীয়া নহয় জানো
আজিৰ এই পৰিস্থিতিৰ বাবে।
গৃহবন্দী আজি বিশ্ব মানৱ
আজি উত্তপ্ত প্ৰকৃতি
থৰহৰি কম্পমান আজি
ৰুষ্ট হ'ল প্ৰকৃতি
হেৰৌ জীবশ্রেষ্ঠ মানৱ জাতি।।
✍️ৰাজুল তালুকদাৰ
মোৰাঝাৰ হোজাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ