স্তৱক-তন্ময়ী দাস

              (১)
এন্ধাৰৰ আঁচল ফালি উৰিছে জোনাকী পৰুৱা,
বুকুত উশাহ বান্ধি নাৰীয়ে জ্বলাইছে প্ৰেমৰ শলিতা।

             (২)
নৈৰ উত্তাল তৰংগই খহাইছে ভেটি,
বাঘৰ গৰ্জনত কঁপিছে মাটি।

                (৩)
নাই কোনো অভিযোগ,নাই কোনো অভিমান,
আছে মাথোঁ জীয়াবলৈ আপ্ৰাণ হাবিয়াস।

               (৪)
দিনে দিনে বাঢ়িছোঁ,দিনে দিনে কৰিছোঁ,
সপোন মৰহি, ক'লা হোৱা দেখিছোঁ ।

               (৫)
 উৰুখা পঁজাত বাজে ভেকুলীৰ টোৰটোৰনি,
নিতাল ৰাতি শুনো কুকুৰৰ ভোকভোকনি।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send