শিয়ৰি উঠে গা
বাঢ়নী পানীত হাবু - ডুবু
ভাগৰুৱা দেহা
চামে চামে বালি পৰি
ওফন্দি উঠিছে
বাৰিষাৰ নদীৰ বুকু
আগচোতালত উদং ভঁড়াল
ঘৰে বাহিৰে ছেদেলি - ভেদেলি সপোন
পানীৰ তলত সজল ধৰা ৰোৱা
মানুহেই নুবুজে মানুহৰ বেদনা
ৰজাইও নুবুজে প্ৰজাৰ বেথা
নদীয়েনো কি বুজিব
লঘোণীয়া পেটৰ কথা ।
পাৰা যদি খান্দি দিয়া
লুইতৰ বহল বুকু
তুলি আনা সোণ ৰূপৰ বিশাল ভাণ্ডাৰ
ৰ'দে চেলেকক মোৰ চোতাল
ৰান্ধনী ঘৰত চৌকা জ্বলক
দূৰ হওক নিষ্ঠুৰ আকাল।