প্ৰেমৰ সুৱাস- দিপশিখা ৰাজকোঁৱৰ

নিশাৰ তৰাৰ দৰে তিৰবিৰাই থকা
তোমাৰ দুচকুত মই প্ৰেৰণাৰ
আকুল আহ্বান দেখা পাওঁ
তোমাৰ এচেৰেঙা সোণোৱালী পোহৰে
মোৰ দুচকুত প্ৰেমৰ আবিৰ সানে ।
তোমাৰ প্ৰেমৰ মাদকতাত
মই অকুণ্ঠ হৈ ডুবি যাব খোজো
তোমাৰ প্ৰেমৰ সাগৰখনিত
আজীৱন সাঁতোৰিব বিচাৰোঁ।
তোমাৰ সুৱাসতেই মই 
মাতাল হ'ব খোজো
তোমাৰ অফুৰন্ত আৱেগত
বাৰে বাৰে দোঁ খাই পৰে
মোৰ জীৱনৰ প্ৰতিটো স্বপ্ন।
তোমাৰ প্ৰেমৰ জোৱাৰে
মোৰ মন সতেজ কৰি তোলে
তোমাৰ বাবেই ৰচিছো
মোৰ হৃদয়ত
নিভাঁজ প্ৰেমৰ সোপান।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send