- ৬২২ - বৰ্ষৰ আজিৰ দিনটোত হজৰত মহম্মদৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে।
- ১৮৫৬ - হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। [1]
- ১৮৮৩ - বৰ্ষৰ আজিৰ দিনটোৰ পৰাই ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।
- ১৯৪৫ - বৰ্ষৰ আজিৰ দিনটোতে নিউ মেক্সিক’ৰ এলম’গ’ৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল।
- ১৯৬৯ - বৰ্ষৰ আজিৰ দিনটোতে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান ‘‘এপল’—১১’’ আমেৰিকাৰ দ্বাৰা উৎক্ষেপন কৰা হৈছিল।
- ১৯৮৯ - বৰ্ষৰ আজিৰ দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
- ২০০৪ - বৰ্ষৰ আজিৰ দিনটোতে আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাক মৃত্যুক কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱ ভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে।
১৬ জুলাই- ইতিহাসত আজিৰ দিনটো
July 16, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ