অকস্মাৎ-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

অসমীয়া সাহিত্যৰ চানেকি
0
অকস্মাতে চহৰৰ এটা ব্যস্ত গলিত 
তেওঁক লগ পাই গৈছিলোঁ 
অজস্ৰ ভিৰৰ মাজতো
বহুজনৰ গাৰ ফাঁকেৰে 
আমি এজনে আনজনক দেখিছিলোঁ
ফুটপাথৰ এফালে তেওঁ আৰু
আনটো ফালে মই আছিলোঁ ....
কথা পতাৰ সৌভাগ্য নহ’ল
তেওঁৰ মিচিকিয়া হাঁহিটিয়ে
মোক মোৰ পৰা পাহৰাই থৈ গ’ল
ৰাজপথৰ  ভিৰৰ মাজতো
বাৰে বাৰে ঘূৰি চাইছিলোঁ মই
 তেওঁ ও চাগে ঘূৰি চাইছিল ...
এনেদৰে এটা সময়ত আমি 
এজনে আনজনক নেদেখা হৈ গ’লোঁ
বিৰহৰ বেদনাত চটফটাই ৰ’লোঁ
তেওঁৰ পৰিচয় হ’লে 
কাহানিও নাজানিলোঁ কিম্বা 
কোনোদিনে জনাৰ চেষ্টাও নকৰিলোঁ
অথচ আজিও তেওঁৰ প্ৰেমতেই
আপোন পাহৰা হওঁ মই....
চহৰৰ সেই ব্যস্ত গলিটোৱেদি গ’লেই
আজিও সেই ফুটপাথটোলৈ চাওঁ
কিজনিবা পাওঁৱেই দেখা 
অকস্মাতে দেখা দিয়া তেওঁৰ
মিচিকিয়া হাঁহিটিতে 
মই হেৰাই গ’লোঁ চিৰদিনলৈ
 আজি মোৰ নিজস্ব বুলিবলৈ 
একোৱেইচোন  নাই ....
মাথোঁ কেতিয়াবা অকস্মাৎ 
তেওঁৰ ভাৱনাই মনপ্ৰাণ চুই যায় ....

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)