এক মিনিটৰ গল্প-বিড়ম্বনা -ৰীতা গোৱালা

Aditi Tanti
0


ডায়েৰীৰ পৃষ্ঠা লুটিয়াই -( ১ )
চাৰিওফালে সেউজীয়া চাহ গছ । মাজে মাজে মালাত মণি গুঁঠাৰ দৰে শ্ৰমিকৰ ঘৰবোৰ । বাগিচাখনৰ সোঁ-মাজতে শ্ৰমিকৰ সন্তান পঢ়িবলৈ প্ৰাথমিক বিদ্যালয়খন । এইকেইদিন বিদ্যালয়খনত বছৰেকীয়া পৰীক্ষা চলি আছে । আজি ফুলমনি বাইদেৱে পাঁচোটা শ্ৰেণীত অকলে পাছবেলাৰ প্ৰশ্ন কাকতবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিলাই দিলে । বিদ্যালয়খনত ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মাত্ৰ দুজনহে শিক্ষক-শিক্ষয়িত্ৰী আছে । তাতে আকৌ আজি বাগিচাত দৰমহা আৰু ৰেচনৰ দিন । সেয়ে ৰমেন চাৰ আজি বিদ্যালয়লৈ আহিছে যদিও পুৱাৰে পৰা শ্ৰমিকৰ ৰেচন কাৰ্ড লিখাত ব্যস্ত হৈ আছে । বাইদেৱে অকলেই সকলো শ্ৰেণীৰ পৰীক্ষা ল'বলগীয়া হৈছে । তেখেতে পঞ্চম শ্ৰেণীৰ শেষৰ বেঞ্চ দুখনলৈ চাই ক'লে-"তোমালোকে বৰ লাহে-লাহে লিখিছা । অলপ সোনকালে লিখিবলৈ চেষ্টা কৰা ।" ঠিক সেই সময়তে ক্ৰিং ক্ৰিং চাইকেলৰ বেল বজোৱা শুনিবলৈ পালে । বাইদেৱে খিৰিকিৰে জুমি চাই দেখে যে বাগান অফিচৰ চকীদাৰ বিৰবলে তেওঁক মাতিছে । বাইদেউ আগবাঢ়ি গ'ল -
: বাইদেউ ৰমেন চাৰেৰ ৰেচন কাৰ্ড লিখা হলেক ন ? বড় চাহেব পুছতে ৰহে । জলদি কৰতে বলছে । ৰেচনটা জলদা-জলদি দিতে বলছে । আইজ তলপেৰ দিন ত । আৰ বাইদেউ তদেৰকেও তলপ দিতেলে আইজ জলদি হাঁকাছে । আইজ বলে বহুত কেজলী কাম কৰা মানুষ আছে ।
: কিন্তু বিৰবল আইজ ত ছানাদেৰ বছৰেকীয়া পৰীক্ষা হছে । কি ৰকম ন জলদি যাতে পাৰব ! ঐ যে লাচ দিগে বঠে আছে ছানাৰা । অৰা ত বহুত লাহে লাহে লিখে । স্কূলেই নাই আচে । অকল পৰীক্ষা দিতেলে হে আচে । 
: হঁ বাইদেউ । হামি জানি অদেৰ বাত । অৰা ত ছানা খেলাতে যায় বাগানে । এদেৰ ন কি দষ । মাই-বাপৰাই নাই চচে ।
: ছানা খেলা ঘৰটামেও ভাল ব্যৱস্থা থাকলে কন' একটা হতলে । বাগানেৰ ইউনিয়নটাতো অলপ মন দিতে লাগে এই সবে ।
: কাকে কি বলবি বাইদেউ । সব ত বড় চাহাবেৰ চখ দেখলেই কাঁপে । কখন কখন ইৰকম লাগে চাহাবদেৰ সুবিধাৰ খাতিৰেই যেন ইউনিয়নটা হামৰা বানাই ৰাখেছি । বেড়েই দুখ লাগে জানি ।
       ৰমেন চাৰে ৰেচন কাৰ্ডবোৰ সামৰি সামৰি ছাত্ৰ-ছাত্ৰীক ভাল ধৰণে পৰীক্ষাত লিখিবলৈ কৈ চকীদাৰক উদ্দেশ্যি ক'লে -
: চল চল বিৰবল দা । নহ'লে ৰাচন দিতেলে হামাৰ বহুত দেৰি হৈ যাবেক ।
: বাইদেউ তুই ভী জলদি আচবি । না হ'লে যাৱা তলপেৰ দিনটাৰ বাত মনে আছে ন । তলপ দিতেলে তুই যে অলপ দেৰিলে অফিচ পঁহচে ৰহি । বড় চাহাবে অফিচেৰ দুৱাৰ মুখেই তকে ছেকেকৰে কি ৰকম কঠুৱাল কঠুৱাল বাত বলতে ৰহে । হামাকে বহুত দুখ লাগতে ৰহে বাইদেউ । বেটি ছানাটাকেও নাই ছাড়ে অৰা । 
      চকীদাৰজনৰ চাইকেলত উঠি ৰমেন চাৰ অফিচমুখে ৰাওনা হ'ল । ফুলমনি বাইদেউ একে ঠাইতে শিলৰ মূৰ্তিৰ দৰে থিয় হৈ ভাৱিবলৈ ধৰিলে - হয় , যোৱাটো দৰমহাৰ দিনটোত তেওঁৰ সামান্য পলম হওঁতে চাহাবে বৰ ককৰ্থনা কৰিছিল । অফিচৰ দুৱাৰ মুখতে যমৰ দৰে ৰৈ আছিল তেওঁৰ বাবে । "কোম্পানীয়ে দৰমহা দিয়ে যেতিয়া এদিন হ'লেও কোম্পানীৰ কাম কৰিবই লাগিব" বুলি ডিঙিৰ সিৰ ছিঙি যোৱাকে চিয়ঁৰি চিয়ঁৰি তেওঁক এক প্ৰকাৰৰ গালিয়েই পাৰিছিল । বাইদেউ অবাক হৈছিল । তাৰ মানে তেওঁ অতদিনে কোম্পানীৰ কাম কৰা নাছিল নেকি ? তেওঁ ভাৱি একো পাৰাপাৰ পোৱা নাছিল । তেওঁ চলচলীয়া চকুৰে চাহাবৰ ফালে চাইছিল । চাহাবৰ অঙঠাৰ দৰে ৰঙা চকু দুটিৰে অগ্নি বৰষি তেওঁক যেন জ্বলাই হে মাৰিব । বাইদেউৰো খং উঠি আহিছিল । এই যেন চিলনীৰ দৰে উৰি গৈ চাহাবৰ চকু দুটি কাঢ়ি আনি গুটি খেলিলেহে মনটোৱে শান্তি পাব । তেনে অনুভৱ হৈছিল তেওঁৰ । কিন্তু তাকো যে কৰিব নোৱাৰে । এক অজান শিকলিৰে তেওঁৰ হাত-ভৰিবোৰ কটকটীয়াকৈ বান্ধি থোৱা যেন অনুভৱ হৈছিল । তেওঁ চাহাবৰ খং উঠাৰ কাৰণটো ভালদৰেই বুজি পাইছিল । কাৰণ বাইদেৱে বিদ্যালয় আধাতে এৰি ৰেচন বা দৰমহা দিব নোৱাৰো বুলি আপত্তি কৰিছিল । তাৰেই পৰিণাম যে এই আজিৰ ধুমুহাজাক । 
            ঠিক সেই সময়তে বিকট হৰ্ণ বজাই বিলাসী গাড়ী এখন বিদ্যালয়ৰ সন্মুখেদি পাৰ হ'বলৈ ধৰিছিল । তেওঁ হৰ্ণৰ শব্দত বাস্তৱলৈ ঘূৰি দেখে যে শীত-তাপ নিয়ন্ত্ৰিত বিলাসী গাড়ীখনত চাহাবৰ সন্তান দুটি স্কুলৰ পৰা ঘৰলৈ উভতি আহি আছে । তাই নিজ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মুখলৈ চাই পঠিয়ালে । অতিপাত গৰমত কৃষ্ণ বৰণৰ মুখবোৰ যেন লাহে লাহে পীত বৰণৰ হ'বলৈ ধৰিছে । বাইদেৱে ভাৱিলে সিহঁত কোনটো শাৰীত পৰে বাৰু - শিক্ষক নে মহৰী ? তেওঁ বহু দিনৰ পৰা যুঁজি যুঁজিও নিজৰ মাজত এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱা নাই । কি যে বিড়ম্বনা...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)