গাঁৱত আজি এটাই কথা অঞ্জনাৰ বিষয়ে । অঞ্জনাৰ অশ্লীল ভিডিঅʼ ওলাইছে ইন্টাৰনেটত। তাৰ পিছৰে পৰা সিহঁতৰ ঘৰখনক কথা শুনাই আছে সকলোৱে। আনকি গাঁৱৰ গাওঁবুঢ়াই মেল পাতি সিহঁতক এঘৰীয়া কৰাৰ সিদ্ধান্ত লয়। তেনেতে প্ৰবীণে মাত মাতে - অঞ্জনাৰ অশ্লীল ভিডিঅʼ ওলাইছে বুলি কোৱা মানুহজন কোন আছিল ৰাইজ? আমি তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ। কিন্তু কোনেও ক'ব নোৱাৰিলে। কোনেও নাজানিছিল সেই খবৰটো যে ভুৱা আছিল। প্ৰবীণে শেষত ক'লে ৰাইজ এই খবৰটো ভুৱা। সামাজিক মাধ্যমত কেতিয়াবা মিছা কথাও খুউব ভাইৰেল হয়। যাক আমি চকু মুদি বিশ্বাস কৰোঁ। শেষত নিৰ্দোষী ব্যক্তিয়ে শাস্তি পাব লগা হয়।
✍️অলকেশ খাটনিয়াৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ