নীলা খামৰ চিঠি-ঊষামণি শইকীয়া

Rinku Rajowar
0
মৰমৰ  
         অনি ( অনিৰ্বান বৰুৱা ) 
         

আজি বহু দিনেই হ'ল তোমাৰ একো খবৰ নোপোৱাৰ । কেনে আছা বাৰু ? কি কৰি আছা ? বহু দিনেই হ'ল  তোমাৰ এটাও শব্দ মোৰ নামত নহাৰ । ইমান অভিমানী নে তুমি ? নে কামৰ ব্যস্ততাই পাহৰাই ৰাখিছে আপোন (?) মানুহবোৰৰ পৰা । নাজানো আৰু ! কাৰণ ভালে আছা নে বুলি সুধিবলৈও  চোন মোৰো অভিমান জাগে ! যিজন মানুহৰ এটা মেছেজ মই খুলি চোৱা দহ মিনিট দেৰি হ'লেই খঙতে মচি দিয়ে সেইজন মানুহৰ পৰা যদি ... ! এই অভিমান বোৰেই তোমালৈ আগ্ৰহ বঢ়াই দিয়ে জানা । মোৰ কথা কিনো কম তোমাক যন্ত্ৰণাময় জীৱনৰ পৰা পলাই ফুৰিবলৈকে কেতিয়াবা শব্দৰ আশ্ৰয় লৈছিলোঁ‌ । আৰু আজি সেই শব্দই মোক ন কৈ জীৱন  দিলে । এগৰাকী নাৰীয়ে এটা জনমতেই কেইবাটিও জীৱন জীয়ে । মই কেতিয়াও ভবা নাছিলো  দেউতাৰ ঘৰতে এৰি অহা জীৱনটো যে আটাইতকৈ সুখৰ  আছিল বুলি । যেতিয়া এগৰাকী নাৰী হ'লো ,  পত্নী হ'লো , বোৱাৰী হ'লো , জা হ'লো , বৌ হ'লো ,  মা হ'লো এই সকলোবোৰেই একো একোটা পৰীক্ষাতকৈ কোনো গুণেই কম নাছিল মোৰ বাবে । দেউতাৰ ঘৰৰ নুমলীয়া আদৰৰ আলসুৱা ছোৱালীজনী কেতিয়া যে মৌন হৈ গ'লো ততকেই নাপালোঁ । বতৰৰ পৰিৱৰ্তনৰ দৰেই মনৰ দেহৰ চিন্তাৰ আশাৰ পৰিবৰ্তন হৈ গৈ থাকিল । ধেৎ ময়ো কি আৰু কিবোৰ  যে লৈ বহি গ'লো । জীৱনটো পোৱা নোপোৱাৰ হিচাপ কৰোঁতেই চোন শেষ হ'বৰ হ'ল । আচলতে কি জানা জীৱনত কিবা এটা কৰাৰ খুব হেঁপাহ আছিল কিন্তু ভাগ্যই লগ নিদিলে নে নিজৰ মূৰ্খামিৰ বাবেই পায়ো হেৰুৱালোঁ‌ সকলো আজিও সেই কথা সাঁ‌থৰ হৈ থাকিল । তোমাক লগ পোৱাৰ পিছতেই মোৰ স্থবিৰ জীৱনলৈ সক্ৰিয়তা ঘূৰি আহিল । সময়ে অসময়ে তোমাৰ কথাবোৰ শব্দবোৰে গীতহৈ গুণ গুণাই থাকিল । কেতিয়াবা তোমাৰ মাজত মোৰ ছবিখন বিচাৰি মনটোৱে হাহাকাৰ কৰি উঠে । সপোন দেখিবলৈ পাহৰি যোৱা চকুহালেও উচুপি উঠে । পিতায়ে চকুত আঁ‌কি দিয়া ছবিখনৰো অনাদৰ হয় বুলি  এক বোবা বেদনাই চেপি খুন্দি থাকে বুকুখন । তথাপিও কিয় জানো তোমাৰ আদৰ যত্নত ভৰুণ হোৱা হিয়াখনত সেই অচিনাকি ছবিখন আঁ‌কি সুখী হওঁ‌ । 
              মোলৈ পঠোৱা তোমাৰ সেই আৱেগভৰা শব্দবোৰত বাৰে বাৰে আঙুলি বুলাও অনুভৱ কৰোঁ তোমাৰ বুকুৰ শব্দৰ ঘনত্ব , প্ৰেমৰ গভীৰতা । কিন্তু আজি তুমি মোৰ কাষত নাই । কি দোষ আছিল বাৰু মোৰ ??  তুমি দূৰে দূৰে থাকা বাবে মই আশ্ৰয় লৈছিলোঁ‌ কলমটোৰ । মনৰ কথাবোৰ খু-দুৱনিবোৰ লিখি পেলাইছিলোঁ‌ ফেচবুকৰ পৃষ্ঠাত আৰু সেইবাবেই তোমাৰ হাজাৰ আপত্তি । মাইকী মানুহে ঘৰুৱা কাম বন এৰি এনেকৈ যদি সময় খেদোৱা কবিতা কবিতা কৰি সংসাৰ দায়িত্ব পাহৰি যোৱা তেনেহ'লে এইখন ঘৰ নহয় কৱাৰখানা হ'ব ।  ল'ৰা-ছোৱালী হাল বিপথে যাব । নে কোনোবা লিখকৰ ...। এইবোৰ শুনি শুনি ময়ো মানসিক ভাবে ভাগি পৰিছিলোঁ । তুমি কোনো দিন মোৰ কথা নুবুজিলা বুলি অভিযোগ কৰিছিলোঁ । দুটা আখৰ পঢ়িছিলোঁ শিকিছিলোঁ‌ বাবেই জীৱনত কিবা এটা কৰিব খুজিছিলোঁ‌ । চাকৰিটো পাইয়ো হেৰুৱালোঁ‌ । জীৱন মানেই যে কেৱল খোৱা আৰু শুৱা নহয় অ’ । সৰুতে দেউতাই শিকাইছিল "'মাজনী তোক শিক্ষা দিয়াৰ উদ্দেশ্য এই যে কাৰোঁ‌ অনুগ্ৰহৰ পাত্ৰী নহ'বি তোৰ সপোনক নিজাকৈ নিৰ্বাচন কৰিবি জীৱনৰ যিকোনো পৰিস্থিতিতে যুঁজ দিবি  হাৰি নাহিবি । নহ'লে তোৰ শিক্ষাই তোকেই হাঁহিব ।" সেয়ে তোমাৰ কথাবোৰত প্ৰতিবাদবোৰত  মোৰ সপোনৰ মৃত্যু দেখি আঁ‌তৰি আহিম বুলি কৈছিলোঁ । আৰু তুমিও যেতিয়া কঠোৰ ভাষাৰে নানান কথাকৈ গুছি যোৱা বুলি কৈছিলা সেইদিনা যেন মোৰ মৃত্যু ঘটিছিল । ভৰিৰ তলৰ মাটিকণো যেন ভূমিকম্পৰ গতিৰে কঁ‌পিছিল । তোমাৰ সেই কঠুৱা শব্দই মোৰ স্বাভিমানক কুঁ‌হিয়াৰ শালত কুঁ‌হিয়াৰ পেৰা দি পেৰিছিল আৰু সেয়ে অসুখী হৈ থকাতকৈ তোমাৰ সুখ হওক বুলিয়ে আঁ‌তৰি আহিছিলোঁ । অৱশ্যে দোষ আমাৰ দুয়োৰেই । আমি অত বছৰেও এজনে আনজনৰ মনক আৰু চিন্তাক সন্মান কৰিবলৈ নিশিকিলোঁ‌ । অকলে অকলে থাকি সুখী হ'ম বুলি ভাবিও ভুল কৰিলোঁ । আজি আমি তাৰেই শাস্তি ভুগিছোঁ‌ ন । দুপৰ নিশা যেতিয়া দুয়ো দুঠাইত  ইকাতি-সিকাতি কৈ থাকো তেতিয়া যেন  ঘৰৰ বেৰবোৰেই অট্টহাস্য কৰে , জোনজনীয়েও খিৰিকীৰে ভূমুকিয়াই থাকে ।  সংগী হেৰুৱাৰ বেদনা কি তাই হে যেন আমাতকৈও ভালকৈ জানে । সঁ‌চা অৰ্থত অভাৱ কি আজিহে জানিছোঁ‌ । সকলো থকাৰ পিছতো যে কিবা এটা নাই মনৰ শূন্যতাখিনিত যেতিয়া অচিনা বতাহে কোবাই  তেতিয়া তোমালৈ বৰকৈ মনত পৰি যায় । 

অহ , তুমি চাগৈ আজি আকৌ মোৰ অসংলগ্ন কথাবোৰ শুনি আমনি পাইছা । সেয়ে ৰাখো দিয়া । এই দুঃসময়ত নিজৰ লগতে ইহঁত দুটাৰ যত্ন ল'বা , মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰ কৰিবা । ইহঁতক একেখন মাস্ককে বহু দিনলৈ ব্যৱহাৰ কৰিব নিদিবা । সময়ে সময়ে স্বাস্থ্যৰ পৰীক্ষা কৰাবা  আৰু এটা কথা আমাৰ অভিমান অভিযোগবোৰৰ  প্ৰভাৱ কিন্তু সিহঁতৰ গাত পৰিব নিদিবা । কুশলে থাকা । আজিলৈ আহো তেনে ...।

ইতি
তোমাৰ লতা , ( তোমাৰ বুলি কোৱাৰো অধিকাৰ চাগৈ হেৰুৱাইছোঁ‌ ) 
আকাশীলতা দত্ত (বৰুৱা)


✍️ঊষামণি শইকীয়া 
জালুকবাৰী-১৪ , গুৱাহাটী  
ভ্ৰাম্যভাষ - ৯৮৬৪৪৭০৬৯৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)