অন্ধবিশ্বাস-পম্পী দুৱৰা

©Admin
0
বাইক দুৰ্ঘটনা হৈ হস্পিতেলত ভৰ্তি হৈ থকা বিজ্ঞানৰ শিক্ষক বৰুৱাক তেওঁৰ খবৰ লবলৈ অহা সহকৰ্মীসকলৰ এজনে সুধিলে -"বৰুৱা, ঘটনাটো কেনেকৈ ঘটিল ?আপুনিটো অন্যমনস্ক হৈ গাড়ী নচলাই ?"লগে লগে বৰুৱাৰ উত্তৰ -"ওলাই আহোঁতে মেকুৰীয়ে ৰাস্তা কাটিলে।তাৰ পিছতে ক'ৰ জানো গিৰিয়েকৰ মূৰ চোবোৱা  এজনী সন্মুখেৰে পাৰ হৈ গ'ল ।এইবোৰ  দেখিয়ে গা -চেবাইছিল কিবা যে অঘটন হ'ব ।"বৰুৱাৰ উত্তৰ শুনি সহকৰ্মীকেইজনৰ মুখৰ মাত হৰিল ।হে ভগৱান ,এই বিজ্ঞানৰ দিনটো ইমান অন্ধবিশ্বাস !তাকো এজন বিজ্ঞানৰ শিক্ষকৰ এই মানসিকতা যি হাজাৰ জন ছাত্ৰ -ছাত্ৰী ক অন্ধবিশ্বাস,কু-সংস্কাৰ যে সমাজৰ ব্যাধি তাৰ জ্ঞান দিয়ে ।


পম্পী দুৱৰা , নামতি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)