ফুলশয্যাৰ নিশা ০২ - তীৰ্থ পিণ্টু বৰা

Aditi Tanti
0
..... বন শালিকা আৰু কাউৰীৰ মাতত মনাই শোৱা পাতি এৰিলে, আউল বাউল চুলিটাৰী খোপা বান্ধি দুৱাৰখন খুলি বাহিৰলৈ ওলাই গ'ল, মূৰত দীঘল ওৰণী খন লৈ, হাতত বাঢ়নীটাৰে পদূলিটো সাৰিলে। পদূলিৰ শেৱালী জোপাতে এহাল কপৌ চৰাইয়ে প্ৰেমালাপ কৰি আছে। মৃদু মৃদু বতাহত গছৰ ডাল কঁপিছে যদিও বৰ সুন্দৰকৈ কপৌজুৰিয়ে খোপনি ধৰি আছে, সেইয়া কপৌহালৰ বিশ্বাস। এই সুন্দৰ দৃশ্যটো দেখাৰ পাছত মনাৰ মনটো আকৌ অস্থিৰ হৈ পৰিল যদিও নিজকে সংযত কৰি নিজৰ কৰ্তব্যত মনোনিবেশ কৰিলে। মাকে ঘৰত শিকাই পঠিওৱাৰ দৰে গাটো তিয়াই তিতা চুলিকোচাত গামোচাখন মেৰিয়াই সেন্দুৰৰ দগমগীয়া ফোঁটটো কঁপালত বুলাই গোসাঁইঘৰত বন্তিগছ জ্বলাই ৰক্তিমক মাত লগালে.., পাতল কাপোৰ খনে মূৰটো ঢাকি ৰক্তিম সুন্দৰকৈ শুই আছিল, 

: ৰক্তিম...., উঠা ! ৰাতিপুৱাল , দেউতা উঠিল, মই চাহ কৰোগৈ...,

        চকুহাল মেলি মনাৰ হাতখন খামুচি ধৰিলে,
 : এইফালে আহাচোন...,
: ধেৎ.... মোৰ লাজ লাগে দেই...
: মনা..., প্লিজ... , 
: এনেকৈয়ে কোৱা, কি ক'ব লগা আছে, 
: না.. ! এনেকৈ নকওঁ..! কাণখন দিয়া মনে মনে কম...

      মনাই কাণখন আগবঢ়াই দিলে, ৰক্তিমে তাইৰ সতেজ ওঁঠযুৰিত এটি চুমা আঁকি দিলে...

: ৰাতিপুৱাই, ৰাতিপুৱাই মই এইবোৰ ভাল নাপাওঁ ৰক্তিম..
: কিন্তু...! মই যে ভাল পাওঁ মনা, 
: হ'ব দিয়া, এতিয়া উঠি ফ্ৰেচ হৈ লোৱা, মই চাহ কৰোগৈ....., 

         ৰক্তিমৰ দেউতাকে বাৰাণ্ডাত বহি বাতৰি কাকত খনত চকু ফুৰাই আছিল, তেনেতে ভয় ভয়কৈ মনাই চাহৰ কাপটো আগবঢ়াই দিলে

: good morning দেউতা...., চাহ লওঁক..., 
: মৰ্নিং, বোপা উঠিল নে নাই ? ই অলপ দেৰিকৈ উঠে, মই তাক শুবলৈ দিওঁ, ঘৰত থকা দিনকেইটাত অন্তত ভালকৈ টোপনি যাওঁক, কৰ্মস্থলীলৈ যোৱাৰ পাছত ক'ত দেৰিলৈকে শুবলৈ পাব, বৰ মৰম আকলুৱা সি, সৰুতেই মাকক হেৰুৱাইছে, তেতিয়াৰ পৰা মইয়ে ইহঁত দুয়োটাকে ডাঙৰ দীঘল কৰিছোঁ, সৰু সৰু কথাত তাৰ জগৰ লাগে, পিছে এতিয়াৰ পৰা ঘৰখনৰ সমস্ত দায়িত্ব তোমাৰ, মই এতিয়া অলপ আৰাম কৰিম, নে কি কোৱা বোৱাৰী..! 
: হয় দেউতা.! আপুনি চিন্তা নকৰিব, সকলো দায়িত্ব মই নিয়াৰিকৈ পালন কৰিবলৈ চেষ্টা কৰিম, 
: মাজনী উঠিল চাগৈ, তাই আকৌ নিজৰ চাহকাপ নিজেই কৰি খায়..., অ' তুমি দেখোন ঠিয় হৈ আছা, বহা আকৌ...! 
: একো নাই দেউতা , মোৰ অসুবিধা হোৱা নাই
: বুজি পাইছোঁ, মাৰাই চাগৈ ঘৰত শিকাই পঠিয়াইছে শহুৰৰ আগত চকীত হঠাৎ বহি নিদিবি, আঁচলতে কি জানা, শ্ৰদ্ধা ভক্তি, মৰম স্নেহ অন্তৰত থাকিব লাগে, তুমিটো মোৰ ছোৱালীৰ দৰেই, এদিন মাজনীকো উলিয়াই দিব লাগিব, এয়া সংসাৰৰ নিয়ম, গতিকে মোৰ লগত কিবা কথা পাতিলে থিয়ৈ থিয়ৈ নহয় ভালকৈ বহি কথা পাতিবা........ মনা... অ' মনা..! মোৰ চাহ ক'ত ?..... যোৱা আইজনী বোপা উঠিলে চাহ দিয়াগৈ...লৰালৰিকৈ মনা ভিতৰলৈ সোমাই গ'ল, পাকঘৰত তেতিয়া ৰক্তিমৰ ভনীয়েক মানে নূপুৰে চাহ বনাই আছিল,

: বৌ..! তুমি বহা, মই চাহ লৈ গৈছোঁ, অ' দা চাহ খাই ল হি ....
: নূপুৰ এতিয়াৰ পৰা আৰু তুমি চাহ কৰিব নালাগে, মই কৰিম..., আজি বাৰু তুমি কৰা চাহেই খাম.., ৰক্তিম নাহা কিয়..? 
: বৌ চাহ লোৱা, তুমি বাৰু আমাৰ দাদাক কেনেকুৱা পাইছা, 
: বৰ্তমানলৈকে ভালেই পাইছোঁ..., ভৱিষ্যত কি হয় নাজানো......, হা:..., হা:...., মন প্ৰাণ খুলি হাঁহিলে মনাই , লগতে নূপুৰেও.., পলম হোৱা দেখি চাহ কাপ মনাই ৰক্তিমক ৰূমতে দি থৈ আহিলগৈ, ৰক্তিমে বিছনাত পৰি কিবা ভাবি আছিল, 
: চাহ খাবলৈ কিয় ওলাই নগ'লা..! মোৰ ওপৰত খং উঠি আছে..
: কিবা এটা ভাবি আছিলোঁ, শুনাই নাপালোঁ, 
: ঠিক আছে তুমি চাহ খোৱা, মই ব্ৰেক ফাষ্ট ৰেডী কৰোগৈ.....

               নূপুৰে পাকঘৰত সোমাই ৰুটি বনোৱাৰ প্ৰস্তুতি চলাইছিল, ভালকৈ আতাখিনি মথি সৰু সৰু লাডু কৰিলে, মনাই ৰুটি বেলি ঢৌ উঠাই উঠাই সুন্দৰকৈ খোৱাৰ যোগাৰ কৰিলে, আৰু গৰমে গৰমে পৰিবেশন কৰিবৰ বাবে ডাইনিং টেবুললৈ উলিয়াই নিলে.., সকলোৱে নিজৰ নিজৰ চকীত বহিল, ৰক্তিমেও সাজপাৰ কৰি ৰূমৰ পৰা আহি দেউতাকৰ কাষতে বহিল, মনাই সকলোকে বিলাই দিলে, খাবলৈ আৰম্ভ কৰোতেই ৰক্তিমৰ ফোনটো বাজি উঠিল, সিমানতে খোৱা সামৰি হাত ধুই ৰক্তিম খৰখেদাকৈ ওলাই গল...

.....ক্ৰমশঃ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)