মোৰ আদিপাঠৰ বিদ্যালয়খন | খণ্ড ২ | মিন্টু হাজৰিকা

পংখী মৰাণ
0

সৰুৰে পৰাই মই বৰ জেদী আছিলো। কিবা এটা কৰাৰ আগতে ভিতৰি আনে গম নোপোৱাকৈ সন্তপৰ্ণে জেদ এটা পুহি ৰাখিছিলোঁ । পুৱা সোনকালে উঠা আৰু ৰাতি সোনকালে শোৱা এই দুটা কাম মই সদায় কৰিছিলোঁ । সেই অভ্যাসৰ বাবেই নেকি আজিও মই একে ধাৰাতে চলি আছোঁ।

স্কুলত বাৰ্ষিক অধিৱেশন পতা মনত নপৰে। তাৰ অভাৱ অৱশ্যে গাঁৱৰ অনুষ্ঠান বোৰে পুৰাই তুলিছিল। সেই সময়ত গাঁৱৰ যুৱক সংঘ, মহিলা সমিতি, মইনা পাৰিজাত আদিবোৰ বৰ সক্ৰিয় আছিল। বছৰি বাৰ্ষিক অধিৱেশন পাতিছিল। তাত অংশগ্ৰহণৰ বাবে পথাৰৰ পৰা আহি জিৰণি লোৱা সময় চোৱাত মা-দেউতা আৰু সৰু মাহী (অঞ্জনা বৰা) য়ে ঘৰতে আখৰা কৰাইছিল।তেওঁলোকৰ আৰ্শীবাদতে মই সংগীত আৰু সাহিত্য চৰ্চাত একপ্ৰকাৰ পাকৈত হৈ পৰিছিলোঁ । অৱশ্যে বুজন হোৱাৰ পৰা মোৰ ডাঙৰ দাদা (হেমন্ত হাজৰিকা) ই এই গধুৰ ভাৰ মূৰ পাতি লৈছিল। বৰ সুন্দৰ ভাৱে মই বুজি পোৱাকৈ সংগীত সমূহৰ তাল-মান বুজাই শিকাই দিছিল। সংগীত পৰিৱেশন কৰাৰ সময়ত দাদাই মেন্দুলিন বজাই সংগত কৰি দিছিল। মামা প্ৰদীপ বৰাই চাইকেলৰ আগত মোক আৰু পাছত দাদাক উঠাই স্থানীয় অঞ্চলৰ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ লৈ যোৱাৰ লগতে অংশ গ্ৰহণ কৰি সন্মান স্বৰূপে ব'ব নোৱাৰা পুৰস্কাৰো পাইছিলো । আনহাতে ৰচনাৰ বিষয় সমূহো ডাঙৰ দাদায়েই লিখি তৈয়াৰ কৰি দিছিল। তেওঁ লিখি দিয়া ৰচনাৰ আৰম্ভণিৰ উচ্চমান সম্পন্ন শব্দবোৰে মোক ক্ৰিয়া কৰিছিল। তেতিয়াই মানসপটত ক্ৰিয়া কৰা এশাৰী বাক্য যেনে - "অসমৰ সাহিত্যৰ আকাশত ক'লা ডাৱৰ আঁতৰাই নতুনত্বৰ উন্মেষ জগোৱা মহাপুৰুষ দুজনাৰ কলাত্মক সাধনাৰ নৱতম সৃষ্টিয়ে হ'ল- বৰগীত " মোৰ আজিও মনত আছে। সেই মুহূৰ্তৰ পৰাই মই সাহিত্যৰ প্ৰেমত পৰিছিলোঁ ।অৱশ্যে তেতিয়া মই নৱম  শ্ৰেণীৰ ছাত্ৰ আছিলো। গাঁৱৰ ৰচনা প্ৰতিযোগিতাত সেই বাৰো বহুতৰ আশাত চেঁচা পানী পেলাই মই প্ৰথম স্থান দখল কৰিলোঁ । 

অৱশ্যে সৰুৰ পৰাই খেল-ধেমালীত একেবাৰেই কেচা আছিলো আৰু এই বিষয়ক লৈ মোৰ একেবাৰে ইচ্ছা নাছিল। তাৰ বিপৰীতে সাংস্কৃতিক ক্ষেত্ৰ খনত যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিলো । বিশেষকৈ গান গাই আৰু সাহিত্য প্ৰতিযোগিতাত ৰচনা লিখি প্ৰায়ে প্ৰথম হৈছিলোঁ। কেতিয়াবাহে দ্বিতীয়  আসন খন ল'ব লগা হৈছিল। দ্বিতীয় আসন খনত উপবিষ্ট হ'ব লগা হ'লে মনৰ ভিতৰত কিযে জেদ এটাই গোজৰণী তুলিছিল সেয়া হয়তো শব্দৰে প্ৰকাশ কৰিলে পূৰ্ণাঙ্গ হৈ নুঠিব। যাৰ জীৱনত এনে দশা হৈছে, তেনে  ভূক্তভুগীয়েহে ইয়াক অনুভৱ কৰিব পাৰিব।

শ্ৰদ্ধাৰ বিমান শইকীয়া আৰু  অনু বৰা এই দুগৰাকী ছাৰ-বাইদেউৰ  অনুপস্থিত হোৱা সময় ছোৱাত অৱশ্যে মাজে মাজে পৰিভ্ৰমি চৰাই সদৃশ আলহী শিক্ষকৰো আগমন ঘটিছিল। তাৰে ভিতৰত যজ্ঞেশ্বৰ বৰকটকী আৰু অতুল ভাগৱতী চাৰ বিশেষ ভাৱে অন্যতম। কেইদিনমানৰ বাবে প্ৰৱজন হৈ অহা দুয়োগৰাকী ছাৰেও পাঠদানত কোনো দিন হেলা কৰা নাছিল। পূৰ্ণ কৰ্মোদ্যমে শিক্ষা দান কৰিছিল।

মোৰ সহপাঠী সকল সকলোবোৰ প্ৰায় বাই-ভনী, দাদা-ভাইয়ে আছিল। কাৰণ গাঁৱৰ সকলোবোৰ ল'ৰা-ছোৱালী শিক্ষাগ্ৰহণৰ বাবে এই একমাত্ৰ অনুষ্ঠানটো লৈকে ঢাপলি মেলিছিল। আনহাতে গাঁওখনৰ বেছি সংখ্যক মানুহৰ ঘৰ আমাৰ পৰিয়ালে আগুৰি থকাটোও আন এটা কাৰণ। এই আদিপাঠৰ ৰণভূমিত লগ পোৱা সহপাঠী সকল- বিনিতা ৰাজখোৱা, ৰিজু শইকীয়া, ৰাতুল ভৰালী, কুঞ্জ ৰাজখোৱা, মঞ্জুলা হাজৰিকা, ৰুবী হাজৰিকা, পলি হাজৰিকা ইত্যাদি।

আমি পঢ়া স্কুলৰ পঢ়াকালত শিক্ষাগুৰু সকলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আৰু আমাৰ শিক্ষাগুৰু সকলৰ প্ৰতি যি প্ৰগাঢ় শ্ৰদ্ধা-স্নেহ আছিল, তেনে উদাহৰণ আজিকালি পাবলৈ নাই। ১৯৯৩ খ্ৰীঃত এই বিদ্যালয়ৰ পৰা প্ৰাথমিকৰ দেওনা পাৰ কৰোঁ।

ঊনৈশ শতিকাৰ মাজ ভাগৰ পৰাই পহুকটীয়া ৰাইজে নিজৰ বুদ্ধি দিপ্তীৰে শিক্ষিত হোৱাৰ সপোন দেখা এইখন বিদ্যালয়ে কলাবাৰী বৃহৎ অঞ্চলটোৰ ভিতৰতে প্ৰতিষ্ঠিত হোৱা তৃতীয়খন বিদ্যালয়ৰ স্থান অধিকাৰ কৰিছে। এই অন্যতম পুৰণি শিক্ষানুষ্ঠান খনে প্ৰায় শতাব্দীজোৰা অৱলীলাৰ বিৱৰ্তনৰ বুৰঞ্জী বুকুত সাৱটি লৈ আছে। প্ৰায় ১৯৭০ দশকলৈকে এই বিদ্যালয়তে এই অঞ্চলৰ সকলো ল'ৰা- ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছিল।পৰৱৰ্তী সময়ত  কেইবাখনো বিদ্যালয় নকৈ প্ৰতিষ্ঠা হোৱাত এই বিদ্যালয়ৰ বোজা অলপ কম হ'বলৈ ধৰে।  ইয়াতেই এই অঞ্চলৰ ডেকা-বুঢ়া সকলোৱে এসময়ত আদিপাঠ গ্ৰহণ কৰি জীৱন যুদ্ধৰ বাবে আখৰা কৰি নিজক প্ৰতিষ্ঠা কৰাৰ সৌভাগ্য বুটলিছিল। অৱশ্যে সেই সময়ত শিক্ষা অনুষ্ঠান খনৰ ঘৰৰ বাহিৰা অৱয়ব বাহ -বেটৰ আছিল যদিও শিক্ষা গ্ৰহণ কৰা ল'ৰা-ছোৱালীৰ অভাৱ নাছিল। কিন্তু বৰ্তমান ইয়াৰ বেৰ সমূহৰ গাত ইটা-চিমেন্টেৰে গাঠি পকী কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে কেইবাটাও আটোম-টোকাৰিকৈ ঘৰৰ সুবিধা কৰি দিয়া হৈছে যদিও ছাত্ৰ-ছাত্ৰীৰ অভাৱত মৃত্যু মুখলৈ ধাৱমান হৈছে। এনেকৈ মৃত্যুৰ সৈতে যুঁজি থকা আপোন স্কুল খনৰ অৱস্থা দেখি কেতিয়াবা অলেখ প্ৰশ্নৰ উদয় হৈ উত্তৰ বিচাৰি নেপাই ভাবি মনটো শোকেৰে ভৰি পৰে। শেষত প্ৰশ্নৰ পাছত পুনৰ অলেখ প্ৰশ্নৰ উদয় হয়- যদি স্কুল খন নিঃশেষ হৈ যায়? পুৰণি স্মৃতি ৰোমন্থৰ বাহিৰে হৃদয়ত, মগজুত কি জীয়াই থাকিব? ঊনৈশ শতিকাতে স্থানীয় ব্যক্তিয়ে যি যুগজয়ী সিদ্ধান্ত লৈ এই অনুষ্ঠানৰ অভাৱ পুৰাইছিল, বৰ্তমান স্থানীয়  মানুহৰ মনত বাসকৰা বিজতৰীয়া পশ্চিমীয়া সংস্কৃতিৰে নকৈ গঢ় লৈ উঠা স্কুল সমূহৰ ৰোষত পৰি প্ৰায় চৌৰানব্বৈ বছৰ গৰকা পুৰণি এই স্কুল খনৰ  আদৰ বৰ্তমান মদাৰ ফুলত পৰিণত হৈছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)