বেগম-জান-০২ | উৎপল মৰাং

পংখী মৰাণ
0
--অৰ্পনাই যিটো নহওঁক বুলি ভাবি আছিল সেইটোৱে হ'ল।কিন্তু অৰ্পনাই একোৱেই গম পোৱা নাছিল কি হৈ আছে।
নুমলীগড়ত থকা দেউতাকলৈ হঠাতে ফোন আহিল-
:হেল্ল'।
:হেল্ল' কোনে ক'লে?
:আপুনি অৰ্পনাৰ দেউতাক নেকি?
:হয় কওকচোন। 
:খুড়া অৰ্পনা আছে নে?তাইক দিয়ক চোন।
:বাবা মই ঘৰত নাই।তুমি কোনে ক'লা?
:খুড়া মই অৰ্পনাৰ লগৰ আজাদ।তাইৰ লগত কথা এটা আছিল।আপুনি ঘৰলৈ গ'লে তাইক ক'ব চোন মোলৈ ক'ল এটা কৰিবলৈ।
:ঠিক আছে দিয়া।
আজাদে ফোনটো কাটি দিলে,আৰু অৰ্পনাৰ ফোনলৈ অপেক্ষা কৰি থাকিল।

ইফালে অৰ্পনাই আজাদে যদি বাপেকলৈ ফোন কৰিছে,আৰু যদি সি সকলো কৈছে তেতিয়াটো বাপেকে তাক গালি পাৰিব।তাক গালি পাৰিলেও একো নহয় যদি সিহঁত দুটাক লগ কৰিবলৈ নিদিয়ে,যদি তাৰ লগ এৰিবলৈ কয় তেতিয়া কি হ'ব?ময়ো এজনী তাক নাম্বাৰটো দিওঁতে কিয় নক'লো বুলি ভাবি তাইৰ চকুপানী ওলাই গ'ল।
মাকে তাইৰ চকুত চকুপানী দেখি কি হৈছে বুলি সুধিলে-
:মাজনী!
:অ মা।
:কি হৈছে তোৰ?
:একো নাই হোৱা মা।
:ক'ছোন!
:নাই হোৱা অ' তই যা ইয়াৰ পৰা।
:হৈছে!ক'ছোন ক' কি হৈছে।মাৰক হে ক'বি।
:তইনো কি বোৰ শুধি থাক'।একো নাই হোৱা মোৰ তই যাচোন যা।
:চা মাজনী,মই তোৰ ম।মুখ মেলিলেই গ'ম পাওঁ।ক' কি হৈছে।
--জীয়েকে কান্দি কান্দি মাকৰ কোলাতে মূৰটো থৈ সকলোবোৰ কথা প্ৰথমৰ পৰা কৈ দিলে।তাই মাকক এইটোও ক'লে যে তাই হয়তো আজাদক ভালপাই পেলাইছে।
:মা!
:তই এইবোৰ কি কৈছ মাজনী।এটা মুছলিম ল'ৰাৰ ল'গত তই ইমানবোৰ চিন্তা কেনেকৈ কৰিছ'।তোৰ বাপেৰে গম পালে তোক আৰু মোক কি কৰিব ভাবি চাইছ'।তই তাক নিবিচাৰিবি অ' মাজনী।তোৰ দেউতাৰাৰ খং চোন তই জানই।
:মই যদি তাৰ নহওঁ তেনে মই কাৰোৰে লগত বিয়া নাপাতো।
:তই কথাতো নুবুজ' কিয়!
:মই একো নুবুজো,মোক নুবুজাবি।
:যি কৰ' কৰ তহঁতক কেলেই জন্ম দিছিলো জানোঁ ।আজি আমাৰ নিজৰ বুলিবলৈ ঘৰ এটা নাই।দেখিছ' তোৰ বাপেৰে ক'ত ক'ত কাম কৰি মাহেলী ৭০০-৮০০ টকা ভাড়া দি আছে,আকৌ খোৱা-লোৱাবোৰ আছেই।তোৰ কলেজৰ ফিছ আছেই।তহঁতি ক'ত বুজিবি এইবোৰ।তহঁতিও এদিন মাক-বাপেক হ'বি তেতিয়া আমাৰ কষ্টবোৰ বুজিবি।(এইবুলি কৈ কৈ মাক তাইৰ ৰূমৰ পৰা ওলাই গুচি গ'ল।অৰ্পনাই বিছনাতে পৰি কান্দি থাকিল।)
--ৰাতি ৯ মান বজাত মাকে জীয়েকক ভাত খাবলৈ মাতিলে-
:মাজনী আহ ভাত বাঢ়িছো।
:নেখাওঁ মই ভাত-চাত।
:এনেকুৱা খন নকৰিবিচোন।ভাত নেখালে তোৰ কি হ'ব।আহ বাঢ়িলো খোৱাহি।
--মাকে ভাত বাঢ়ি অৰ্পনাৰ বাবে ৰৈ ৰৈ আমনি পাই তাইক মাতিবলৈ আহিলে।আহি দেখে তাই শুই আছে।মাকে কাষতে বহি বেৰখনত ভেজা দি তাইৰ মূৰটোত হাত ফুৰাই ক'লে-
:মাজনী,তোৰ দেউতাৰাই যিমান কৰিছে তোৰ মোৰ বাবেই কৰিছে।তই এনেকুৱা কথাবোৰত জিদ ধৰি থাকিলে কেনেকৈ হ'ব ক'ছোন।তই নিজেই ভাবি চা আমি হিন্দু সিহঁত মুছলিম।জাতি নিমিলে আমাৰ।তোক যদি তালৈ বিয়া দিও আমাক মানুহে হাঁহিব যে আমি নিজৰ জীয়েকক অজাতিলৈ দিলে।আমি ইমান ধনী নহয় আমাৰ ইমানবোৰ সামৰ্থ নাই।তই এবাৰ নিজেই ভাবি চাচোন যদি আমি সিহঁতৰ লগত মিতিৰ কৰো কি ক'ব মানুহে।তই এতিয়া সৰু হৈ আছ' বাবে জিদ ধৰি আছ।তই মোৰ কথাবোৰ বুজ অ' মাজনী।
(এইবোৰ কৈ কৈ মাকে নিজৰ আঁচল খনেৰে নিজৰ পানীৰে পূৰ্ণ হৈ যোৱা চকুদুটা মুচি তাইৰ ওচৰতে বেৰখনতে ভেঁজা দি শুই থাকিল।

--ইপিনে আজাদে অৰ্পনাৰ ফোন কললৈ অপেক্ষা কৰি আছে।ৰাতি প্ৰায় ১১ বাজিল।সি ভাবিলে যে অৰ্পনাৰ দেউতাকে পাহৰিলে চাগে,সেইবাবে সি ফোনতো হাতত লৈ ঘৰৰ পৰা অলপ ওলাই গৈ ফোন কৰিলে-
--ফোনটো ৰিচিভ কৰিলে।
:হেল্ল' অৰ্পনা!
:নহয় মই তাইৰ বাবা।
:খুড়া তাইক ক'বলৈ পাহৰিলে নেকি?তাইক দিয়ক চোন।
:তোৰ এই ৰাতিখনত মাজনীৰ লগত কি কথা আছে।মোক ক' মই তাইক কৈ দিম।
:খুড়া বেয়া নেপাব।(বুলি কৈ আজাদে ফোনটো কাটি দিলে।)

--কোন এইটো আজাদ।এই ৰাতিখন তাৰ মাজনীৰ লগত কি কথা আছে।কেনেবাকৈ এই মাজনী এইটোৰ প্ৰেমত পৰা নাইটো।বাৰু ৰহ চাই লম মই।এইবোৰকে মনতে ভাবি ভাবি বাপেকেও টোপনি গ'ল।
--অৰ্পনাইতো ক'ব পাৰিলে হয় মোক যে আজি ক'ল নকৰিবা।তাই মোৰ নাম্বাৰটো কিয় নিনিলে।কেনেবাকৈ মোক গালি খোৱাবলৈকে তাই এনে কৰা নাইটো। হে...নহয় নহয়....তাই এনেকুৱা নকৰে।যদি তাই এনে কৰা নাই তেন্তে ফোনটো কিয় তাই লোৱা নাই?কিয় তাই মোক ফোন কৰা নাই।এইবোৰ কথাই আজাদৰ মনটো খেলি মেলি লগাই দিলে।ৰাতিপুৱাকৈ আকৌ ফোন কৰিম বুলি কৈ সি ঘৰৰ ভিতৰলৈ সোমাই  গ'ল।

     আগলৈ......

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)