শৈশৱ ৰোমন্থন-আৰম্ভণিৰ সেই দিনবোৰ | খণ্ড- ২ | জ্ঞানকমল

Unknown
1
এই পৰিৱেশতে গাওঁবাসীৰ শিশুগণে প্ৰথম জীৱনৰ ৰং বিচাৰি পাইছিল। সেই ৰঙেই  খেলা কৰি পাছলৈ ভিন্ন অনুভৱে ক্ৰিয়া কৰি আবিৰৰ ৰঙৰ দৰে ভিন্নৰঙী মন এটা গঢ় লয়। সেই ভিন্নৰঙী মনৰ  মাজতে  আপোন ঠাইখনৰ প্ৰতি তানৰ ওন্দোলনী পৰিস্ফুত হয়। উত্তৰ পহুকটা গাঁৱৰ এনে পৰিৱেশৰ  ৰং বোৰে মোৰো জীৱনত শৈশৱতে চেকা লগাইছিল আৰু ভিন্নৰঙী মন এটাৰ সৃষ্টি কৰিছিল। এই ৰং বিৰঙৰ স্মৃতিৰ মাজত ডুব যোৱাৰ আগতে মোৰ জন্মৰ এটা সাম্যক ধাৰণা আপোনাসৱক দি লওঁ আঁহক।


সোঁৱৰণী মতে ১৯৮৪ খ্ৰীঃৰ মাৰ্চ মাহৰ ১৫ তাৰিখ। ফাগুণ  মাহত প্ৰকৃতিয়ে ন-ন সপোন দেখুৱাই অকল কলগছৰ ন-পাতেৰে লাৱনী- ধুনীয়া হোৱাৰ সপোনক বঞ্চনা কৰি ফাগুণৰ মলয়া চাতিয়ে চিৰিলি-চিৰিলি ফালি পেলোৱাৰ বিপৰীতে বাকী ধৰণীক গছৰ পুৰণি পাতবোৰ সৰাই ঘূৰ্ণন সৃষ্টি কৰি বৃত্তাকাৰে তলসৰা পাতবোৰ চাফা কৰি ন-কুঁহিপাতে সজোৱাৰ পৰিকল্পনা কৰিছে। যেন তলসৰা পাতৰ হালধীয়া হুমুনিয়াহবোৰ পুনৰ প্ৰকৃতিৰ বুকুত কুঁহিপাতৰ সেউজীয়া হেঁপাহ হৈ গজিছে। বছৰজোৰা হেঁপাহ ভৰা আনন্দৰে ঠন ধৰা প্ৰকৃতিৰ বিনন্দীয়া ৰূপত প্ৰস্ফুলিত  সিঁচৰিত পুষ্পই সাতোৰঙে ৰঙীন কৰি ৰামধেনু আঁকিছে। ৰঙালীক আদৰাৰ হেঁপাহত চ'ত বিহুৰ আখৰাৰ যো-যা চলিছে। তেনে এক প্ৰকৃতিয়ে ৰূপ সলোৱা সময়ত সেউজীয়া ধৰিত্ৰীৰ ৰং-ৰূপ চোৱাৰ অপেক্ষাত থকা তৃতীয় সন্তান মই আৰু মোৰ লগতে দেউতা- মাৰ পৰিয়াল বৰ্গ উৎকণ্ঠাত ব্যস্ত আছিল। তেনেতে দুয়োটা পৰিয়ালৰ  অপেক্ষাৰ  অন্ত পেলাই মুঠ চাৰি জন সন্তানৰ গৰাকী পিতৃ ফণীধৰ হাজৰিকা আৰু মাতৃ তুলুমনি হাজৰিকাৰ ঔৰসত কোনোৱা এটা শুভ ক্ষণত থিতাপি লোৱা সন্তান মই ফাগুণৰ শেষপৰ্বক বিদায় জনাই চ'ত মাহৰ ১ তাৰিখ, সিংহ ৰাশি, কোনোৱা এটা বৃহস্পতিবাৰে আবেলি ২ বাজি ৮ মিনিতত অৰ্থাৎ  ১৫/০৩/১৯৮৪ খ্ৰীঃত মাৰ  প্ৰসৱ বেদনা অন্ত পেলাই পৃথিৱীত ভূমিস্থ হৈছিলোঁ। কিন্তু এই সঠিক সময়ৰ বিপৰীতে মোৰ চৰকাৰী নথিত জন্মৰ তাৰিখটো ১৯৮৪ চনৰ ০১ এপ্ৰিল  বুলিহে উল্লেখ আছে। কাৰণ সেই অন্ধকাৰ যুগত মানুহে  সময়, তাৰিখ যে লিখি ৰাখি সঠিক সময় নিৰূপন কৰিব পাৰি তাৰ প্ৰতি ইমান সজাগতা নাছিল, তাৰ পৰিৱৰ্তে স্কুললৈ যোৱাৰ পাছত এটা সময় নিৰ্ধাৰণ কৰি বয়সটো মিলাই দিয়াৰহে ব্যৱস্থা গঢ়ি উঠিছিল। সেয়ে স্কুলে দিয়া তথ্যকে পৰৱৰ্তী সময়ত মান্যতা প্ৰদান কৰা হৈছিল। অৱশ্যে মোৰ জন্মৰ ক্ষণটো মা-দেউতাই লিখি ৰাখিছিল যদিও মোৰো জন্মৰ চন- তাৰিখটো পুৰণি  পৰম্পৰাই চলি থাকিল। মইয়ো তাৰ বিৰুদ্ধাচৰণ নকৰি সঠিক সময় নিৰূপনৰ বাবে চৰকাৰী নথিৰ আধাৰতে বাকী জীৱন কালৰ বৰ্ণনা আগবঢ়াইছোঁ।

মোৰ জন্মদিনটো শৈশৱ কালৰ পৰা জাক-জমকতা পৰিহাৰ কৰি বুট আৰু ভোগেৰে আয়োজন কৰি ঘৰৰ থাপনাৰ আগত আগকৰি ওচৰ চুবুৰীয়াৰ সমনীয়া ল'ৰা-ছোৱালীক আপ্যায়ন কৰা হৈছিল। অৱশ্যে ইয়াৰ উদ্দেশ্য আছিল যাতে আমি আমাৰ  নিজৰ জন্ম তিথিটো মনত ৰাখিব পাৰোঁ। সেই কামটো মা-দেউতাই এতিয়াও একে ধাৰাতে ঘৰত পালন কৰি আহিছে।

দিন বাগৰিল। মুখবেকা কৰি ফেলেক-ফালাককৈ হহাঁৰ পৰা প্ৰথমে গাৰুৰ সহায়ত ভৰ দি বহি তাৰ পাছত মা-দেউতাৰ হাতত ধৰি কণাৰ লাখুতিৰ দৰে সহায়লৈ এখুজি দুখুজি কৈ খোজ কঢ়াৰ বহু আখৰা কৰাৰ পাছত নিজে নিজৰ ভাৰসাম্য ল'ব পৰা হ'লোঁ।

আৰম্ভ হয় শৈশৱৰ লিলা-খেলাৰ।শোৱা পাতিৰ পৰা উঠাৰ অন্তত দিনটোৰ আৰম্ভনিতে মোৰ শৈশৱৰ লিলা আৰু খেলাৰ যাত্ৰা আৰম্ভ হয়। এই যাত্ৰা আমাৰ চুবুৰীৰ ঘৰৰ বাৰীৰ পৰাই হয়। অৱশ্যে গাঁওখন আৰু পথাৰৰ সৰু সৰু টিলাবোৰত (আমি টিকা বুলিহে কওঁ) লাগি থকা উভৈনদী ফলবোৰো আমাৰ খকুৱা ৰাক্ষক স্বভাৱৰ বাবে কোনোকালে সাৰি যোৱা নাছিল। ঋতু অনুসৰি লগা আম, অমৰা, কল, বগৰী, হেলচ, জামু (সৰু বৰ দুইবিধ), কৰ্দৈ, লেতেকু, আমলখি, বেতগুটি, বঁহৎ, পকমৌ, জলফাই,  টেপুৰ, পনিয়ল, কঁঠাল আদিবোৰ হেঁপাহ পলুৱাই খাবলৈ পাইছিলোঁ। এতিয়া অনুভৱ কৰোঁ ঠেটুৱই লগা জাৰত খালি ভৰিৰে পুৱা কোনো নুঠাৰ আগতে সোনকালে উঠি তলসৰা পকা জলফাই বুটলি খালি পেটতে খোৱাৰ পাছতো  কোনো ধৰণৰ শৰীৰত পাৰ্শ্বক্ৰিয়া হোৱা নাছিল। কিন্তু আজিকালি সৰু ল'ৰা-ছোৱালী বিলাকক ইমান যতনলৈ  আমুক-নাখাবি, তামুক -নাখাবি আদি তদাৰক কৰাৰ পাছতো মাহেকত এবাৰ হ'লেও জ্বৰ, কাহ হয়। হয়তো আমি বিলাকে প্ৰকৃতিৰ কোলাৰ লগত সহাৱস্থান কৰাৰ বাবে প্ৰকৃতিয়েও মৰম কৰি আমাক এই ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ পৰা দূৰত ৰাখিছিল। এনেদৰে শৈশৱতে জন্ম ভূমিত কেঁচা মাটিৰ গোন্ধেৰে লুতুৰি-পুতুৰি হৈ খেলিব পোৱাৰ সৌভাগ্য লাভ কৰাৰ বাবে নেদেখা জনক কৰযোৰে সেৱা কৰিছোঁ আৰু পুনৰ জনম ল'লেও এই ভূমিতে জন্ম লভাৰ হাবিয়াস পুহি ৰাখিছো।


ডাৱৰীয়া বতৰত চেংগুটি, লুডু খেলাৰ বিপৰীতে ফৰকাল বতৰত ৰবাব টেঙাৰ বল, বৌগুডু, কাবাদি আদিবোৰ সমনীয়াৰ লগত খেলা দিনবোৰ কেনেকৈ ইমান সোনকালে পাৰ হৈ গ'ল গমকে নাপালোঁ। অৱশ্যে বিনগুটি খেলিবিধৰ পৰা দূৰত আছিলোঁ। সেই খেলবিধ খেলিবলৈ দেউতাই দিয়া নাছিল। খেলিলেও চুৰি-চাপাচি কৰিহে খেলিছিলোঁ। কিন্তু কিয় এইবিধ খেল খেলিব দিয়া নাছিল সেইটো আজিও সাঁথৰ হৈয়ে আছে।

সেই সময় ছোৱাত খেলা এটা খেলৰ এফাঁকি কথা মনত আছে।

"ইৰিকতি-মিৰিকটি বাঁহৰ শলা। মোমাইদেউ পদুলিত বান্ধিছে ঘোঁৰা। ৰজাৰ জীয়েকে সৌছ্‌ কৰিবলৈ যাওঁতে ল'ৰা এটা পালে।"

কিন্তু কেনেকৈ খেলিছিলো মোৰ মানসপটৰ পৰা হেৰাই গ'ল।

     "জ্ঞানকমল" 
  (মিন্টু হাজৰিকা)
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।
জিলা:- বিশ্বনাথ (অসম)।
ভ্ৰাম্যভাষঃ- ৯৪৩৫২০৮৮৪৪
/৭০০২৫৪৯২৫১

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment