বেগম-জান-উৎপল মৰাং | খণ্ড-৪

পংখী মৰাণ
0
অৰ্পনাৰ মাক-দেউতাকে এখন সম্পূৰ্ণ বেলেগ পৃথিৱীত বাস কৰিছিল।য'ত তেওঁলোকক অন্ধকাৰে আৱৰি ৰাখিছিল।তেওঁলোকে নিজৰ ধৰ্মৰে বহুতো জাতিক ঘিণ কৰে,অন্য হাতৰ বস্তু খালে পাপ লাগে বুলি ভাবে।কিন্তু মাক-দেউতাকতকৈ জীয়েক সম্পূৰ্ণ পৃথক।কিন্তু আজাদৰ মাক-দেউতাক আকৌ সমাজপ্ৰেমী।মানুহক বহুত ভাল পায়।তেওঁলোকৰ কোনো ধৰ্মৰ বিভেদ নাই।হ'ব পাৰে তেওঁলোকৰ নীতি-নিয়ম বেলেগ কিন্তু তেওঁলোকে মানুহৰ লগত কোনো চিক-চাক নকৰে।তথাপিওঁ বহুতো মানুহে তেওঁলোকক মুছলমান বুলি ঘিণ কৰে।
কিছু সময়ৰ পাছত--
অৰ্পনাৰ দেউতাক কামৰ পৰা আহি ঘৰ ওলালেহি।
:মালতী!(দেউতাকে মাত লগালে)
:অ' আহি পালেহি।
ভিতৰলৈ গৈ--
:মাজনী ক'ত?
:তাই কলেজ গ'ল।
:কলেজ গ'ল,শুনা আমি অন্য ঠাইলৈ যাম তুমি বস্তু সামৰা।
-ঘৈনীয়েকে আচৰিত হৈ গিৰীয়েকক সুধিলে-
:কিয়?
:সেই কিয় চিয় তুমি বাদ দিয়া যিটো কৈছো কৰা।
:কিন্তু হঠাৎ!কিয়?
:কিয় মানে তুমি নাজানা।মই কি মাজনীক সেই মুছলিমতোৰ লগত চি...।
:কি কৈছে ভালকৈ নকৈ কিয়।
--মাকে গ'ম পাইছিল যে আজাদৰ কথা কৈ আছে কিন্তু দেউতাকে কেনেকৈ জানিলে  বা কিবা হ'ল নেকি জানিবলৈ নজনাৰ ভাও ধৰি সুধি আছে।
:কি ক'ম মই।তোমাৰ ছোৱালীক সুধিবা,আমাৰ নাক কান কাটিলে তাই। তাইক কি আমি এইবাবেই জন্ম দিলো।তাইক এটা বেলেগ ধৰ্মৰ ল'ৰাৰ লগত কেনেকৈ বিয়া দিম।মই বেলেগত ঘৰ ঠিক কৰিছো।
:কিন্তু!
:কোনো কিন্তু নাই।তাই আহিলেই আমি যাম।
:কিন্তু তাইৰ কলেজ?
:বাদ দিয়া কলেজ।কলেজলৈ গৈ কি কৰিছে গ'ম পাইছাই।নেলাগে পঢ়িব।পঢ়ে নপঢ়ে পিছৰ কথা মুঠতে এইক মুছলমান ল'ৰাতোৰ পৰা আতঁৰাই ৰাখিব লাগিব।
:এবাৰ তাইক বুজাবচোন।
:একো বুজাবলৈ নাই তুমি বস্তু সামৰা।এনেও পঢ়াৰ নামত এইবোৰ কৰি বাপেকৰ টকাবোৰহে খৰচ কৰিছে।তাতকৈ তাইক মই নিজৰ জাতিৰ এটালৈ বিয়া দি দিম।
--ঘৈনীয়েকেও একো ক'ব নোৱাৰিলে।
অৰ্পনাই আজি ক্লাছ নকৰাকৈ ন বজাতেই কলেজৰ পৰা ওলাই গ'ল।কেৱল লগৰ ৰাণীকহে কৈ গ'ল-
:ৰাণী!
:অৰ্পো ক'।
:মই আজি ক্লাছ নকৰো। তই মোক নোট খিনি দি দিবি দেই।
:কি হৈছে অৰ্পো তোৰ?
:একো হোৱা নাই মই ঘৰ যাওঁ।
--এইবুলি কৈ অৰ্পনা গুচি গ'ল।ক্লাছ শেষত আজাদে তাইক বিছাৰি আছে কিন্তু পোৱা নাই।লগৰবোৰকো সুধিছে পোৱা নাই।লাইব্ৰেৰী,কেণ্টিন,ক্লাছৰুম,ডিপাৰ্টমেণ্ট ৰুম সকলোতে বিচাৰিলে কিন্তু নেপালে।লগৰজনীয়ে আহি ক'লে-
:দাদা,তাই ঘৰলৈ গ'ল।
:তুমি কেনেকৈ জানা? 
:তাই মোক কৈ থৈ গৈছিলে।
:অ তুমি তাইলে প্লিজ ফোন এটা লগোৱা।
:ৰ'বা কৰিছো।
ৰাণীয়ে ফোনতো উলিয়াই অৰ্পনালৈ ফোন কৰিলে।ফোনতো ৰিচিভ হ'ল।
:হেল্ল,খুড়া মই ৰাণীয়ে কলো অৰ্পনাৰ বান্ধৱী।
:মই অৰ্পনাৰ মায়ে কৈছো।
:খুড়ী অৰ্পনাক দিয়ক চোন ফোনতো।
:অৰ্পনাতো কলেজ গ'ল আহি পোৱাই নাই।
:খুড়ী কিন্তু তাই আজি কলেজ আহি এটাও ক্লাছ নকৰাকৈ ঘৰলৈ যাওঁ বুলি কৈ গৈছিল।
:কি! ক'ত গ'ল তেন্তে তাই।
:নাজানো আমি গোটেই কলেজখনেই বিছাৰিলো।
--মাকে কান্দিবলৈ ধৰিলে।আৰু ৰাণীয়েও ফোন কাটি দিলে।
:ৰাণী।
:অৰ্পনাই কিবা কৈছে নে?
:দাদা,তাই হেনো ঘৰত নাই।
:কি!(আচৰিত হয়)কিয় ধেমালি কৰিছা ৰাণী।
:নাই দাদা,তাই ঘৰত নাই হেনো।
--বহুত সময় আজাদ মৌন হৈ থাকিলে।মাকে বাপেকক কোৱাত বাপেকে ক'লে-
:ক'ত থাকিব।আছে চাগে সেইটোৰ লগত।তাইক আজি আহিবলৈ দিয়া।
--কিন্তু অৰ্পনা আজাদৰ লগত নাই।বহুত সময় ধৰি আজাদে তাইক বিচাৰি নেপালে।সন্ধিয়া সাত মান বজাত অৰ্পনা নিজৰ ঘৰ পালেগৈ।
কলেজৰ পৰা ক্লাছ নকৰাকৈ গুছি যোৱা ছোৱালীজনী সন্ধিয়া সাত-আঠ বজালৈকে ক'ত আছিল বা তাইৰ লগত এনেকুৱা কি হ'ল যাৰ বাবে সাত-আঠ বজাত তাই ঘৰ সোমাইছে।জানিবলৈ আগলৈ অপেক্ষা কৰক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)