বাটত এটা হাঁহিয়ে সেউজীয়াৰ গৰ্ভত ওলট পালট কৰি দিয়ে
নৈখনৰ ওপৰত ৰ'দে হাঁহিটো
কাঢ়ি লৈ যায়
কেৱল ঢৌ-বোৰে মুখত খুচি লয় হাঁহিটো
মোৰ সোণালী টোপনিৰ জোনাক হয় সেই হাঁহি
মোৰ প্ৰেমৰ কবিতাৰ শব্দবোৰত
ওপঙি থাকে সেই হাঁহি
মোৰ কিতাপৰ পৃষ্ঠাবোৰত
বিয়পি থাকে সেই হাঁহি
আৰু মই পৃষ্ঠাবোৰ লুটিয়ালে মোৰ ভিতৰলৈ সোমাই আহে সেই হাঁহি
মই হাঁহিৰ চহৰত যাব খোজো
যিয়ে মোক হহুয়াব পাৰে
ভাটৌ চৰাইটোৰ খোপাত হাঁহিটো গুজি দি
মই অন্যমনষ্ক হৈ উভতিলো হাঁহিৰ চহৰৰ পৰা
এটা হাঁহিয়ে সকলো ওলট পালট কৰি দিয়ে
যেতিয়া হাঁহিটো ওঁঠত জিলিকে।।
বহুত বহুত সুন্দৰ । আপোনাৰ কলমে দিগন্তক পৰশক । শুভ কামনা নিবেদিছোঁ।
ReplyDelete