কথোপকথন- প্ৰণৱ চক্ৰৱৰ্তী

Aditi Tanti
0
তেওঁ কৈছিল
সপোনবোৰৰ এটা নাম দিয়া ,
মই কৈছিলোঁ
নামৰ বিনিময়ত বদনাম হ’ব সপোন ৷
তেওঁ সুধিছিল
পলায়নবাদী নেকি তুমি ?
মই কৈছিলোঁ
মই সপোনবিলাসী ৷
তেওঁ দাবী কৰিছিল
বাস্তৱক বিচাৰি যাওঁ ব'লা ,
মই বিৰক্তিৰে কৈছিলোঁ
বাস্তৱৰ বাবে এনে অহেতুক
সপোন দেখাৰ প্ৰয়োজনেই বা কি ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)