আজিৰ পৰিৱেশত আগৰ চিঠি লিখা ব্যৱস্থাটো অপ্ৰাসংগিকতাৰ মূল কাৰণ ম’বাইল ফোনটো নেকি ?-‌পূৰ্ণিমা বৰঠাকুৰ বেজবৰা‌

Unknown
0
আমাৰ মনবোৰ স্থিৰ হৈ থাকিবই নিবিচাৰে দেখোন ...উলটপালট ভাৱবোৰে অনবৰতে আমনি কৰি থাকে !  এই ভাৱবোৰৰ মাজৰে কিছুমান বৰ দৰকাৰী আৰু চিন্তনীয় বিষয় বুলি ভাৱোঁ ৷  উদাহৰণ স্বৰূপে আমাৰ প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন ম’বাইল ফোনৰ কথাকে ক’ব বিচাৰিছোঁ ,...
‌      মই প্ৰায়ে চিন্তা কৰোঁ --- বিজ্ঞানে  আমাক যিমান  সা --- সুবিধাবোৰ দি উন্নতিৰ জখলাত আগুৱাই দিছে সিমানেই মানুহ হিচাপে মানৱীয়তাৰ ক্ষেত্ৰখনৰ পৰা আঁতৰাই আনিছে বুলি অনুভৱ কৰোঁ ৷ প্ৰাচীন কালৰ হাতে লিখা এখন চিঠিৰ ভাষাৰ মাজত মানৱ হৃদয়খনৰ সুন্দৰ প্ৰতিচ্ছবি এখনে প্ৰকাশ পাই উঠে ৷ লিখাজনৰ হৃদয়ৰ তানে পঢ়োঁতাজনৰ হৃদয়খনো আলোড়িত কৰি তাত আৱেগৰ ঝংকাৰেৰে ঝংকাৰিত কৰি তোলে বিনিময়ত হৃদয়ৰ কোমল ভাৱবোৰ শব্দৰ মাধ্যমেৰে পোনৰ আনজনৰ হৃদয়লৈ চিঠিৰ মাজেৰেই নৈ জানজুৰি হৈ ব’বলৈ ধৰে ৷ সেয়ে প্ৰাচীন কালত চিঠিখনৰ প্ৰাসংগিকতা বৰ গুৰুত্বপূৰ্ণ আছিল ৷ দূৰ দূৰণিত থকা বন্ধু বান্ধব কিম্বা আপোন পৰিজনৰ খা - খবৰ পোৱাৰ একমাত্ৰ উপায় আছিল চিঠিখন  ৷ চিঠিৰ ভাষাৰ মাজত প্ৰতিফলিত হৈছিল মানৱদৰদী হৃদয়খনত কিমান মৰম কিমান শ্ৰদ্ধা আৰু কিমান হেঁপাহে যে হাবুডুবু কৰি থাকে ! আপোনজনক বা মনৰ হেঁপাহৰ কোনোবা অচিনাকি অথচ হৃদয়ৰ নিভৃত কোনত অজানিতে ঠাই পোৱা প্ৰাণপ্ৰিয়জনৰ খবৰো চিঠিখনেই কঢ়িয়াই আনিছিলে ৷ সেই সময়ত ডাকঘৰ ( Post office ) টো আৰু  ডাকোৱাল ( peon ) জনৰ কিমান গুৰুত্ব আছিল ! সেই কথা আৰু বেলেগকৈ ক’ব লগা নহৈছিল ৷ সময়ত চিঠিখন পাবলৈ তেওঁ অহালৈ কিমান আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছিল সকলো , ৰৈছিলোঁ আমিবোৰ ৷ আৰু তেওঁ আহি আশা কৰামতে হেঁপাহৰ চিঠিখন দি গ’লে কিমান যে আনন্দ পাইছিলোঁ ৷ উৰাইঘুৰাই কিমানবাৰ যে চিঠিখন পঢ়ি মনৰ হেঁপাহবোৰ উটি উঠিছিল ! আৰু যিদিনা অপেক্ষাৰ অন্তত পিয়নজনৰ পৰা ভৱামতে একো পোৱা নাছিলোঁ তেতিয়া  কিমান যে হতাশ হৈ পৰিছিলোঁ .....ভাৱৰ জোৱাৰে কিমান যে ব্যাকুল কৰি তুলিছিলে ....আজিৰ পৰিৱেশত এইবোৰ কাহিনীত পৰিণত হ’ল ৷ সৰু ল’ৰাছোৱালীৰ বাবে সাধুকথা হৈ ৰ’ল ৷ বিনিময়ত  পিয়নজনৰো বিশেষ গুৰুত্ব নোহোৱা হ’ল , ডাকঘৰটোৰো যেন কংকালসাৰ অৱস্থা .... ৷ দুই চাৰিবছৰৰ পিছত হয়তো পিয়নৰ পষ্টটোৱেই নোহোৱা হৈ পৰিব  , ডাকঘৰটোৰো বিশেষ কামেই নাথাকিব ! 
‌  আজিৰ পৰিৱেশত চিঠিৰ প্ৰাসংগিকতা কমি যোৱাৰ মূলতে আমাৰ হাতত থকা ম’বাইল ফোনটোৱেই নহয়নে বাৰু ! মনলৈ কাৰোবাৰ কিবা ভাৱ আহিলেই বা কাৰোবালৈ মনত পৰিলেই ম’বাইলত নম্বৰ ডায়েল কৰি কথা পাতি বা --- বাতৰি লৈ ল’লো , আৰু পাহৰি গ’লোঁ ৷ চেকেণ্ডত হোৱা কামতো সপ্তাহ মাহৰ বাবে কিয় অপেক্ষা কৰোঁ ! গতিকেই চিঠি লিখাৰ অভ্যাস আমি পাহৰি গ’লোঁ ৷ কিন্তু এটা কথা ভাৱি চাইছেনে কেতিয়াবা .... চিঠ এখনে সপ্তাহ মাহ পৰ্যন্ত আমাৰ মনবোৰত আপোনজনৰ ,  প্ৰিয়জনৰ ভাৱনাই দোলা দি আছিল ফলত আমাৰ মনবোৰ কোমল আৱেগ এটাই সততে আৱৰি ৰাখিছিল , যাৰবাবে খং ভাৱ মনলৈ অহাৰ সুৰুঙাই নাছিল ৷ কিন্তু ম’বাইল ফোনৰ বাৰ্তালাপত সেই আলোড়ন ক’ত  ! ক’ত সেই ভাৱৰ গভীৰতা .... ৷ খং কৰিবলৈকো সহজ ৷ আই লাভ ইউ বুলি ক’বলৈও সহজ আৰু সেই একেজন ব্যক্তিকে ব্ৰেক আপ দিবলৈও নাই কোনো সংকোচ কিম্বা নিমিষৰ প্ৰয়োজন ৷ মন গলেই কৈ দিলোঁ আই লাভ ইউ  আৰু মন বেয় লাগিলেই কৈ দিলোঁ আই হেট্ ইউ , চ’ গ’ আউট ....ইত্যাদি ইত্যাদি নহয় নে ..., ৷
‌     আজি আমাৰ সকলোৰে হৃদয় বোলা বস্তুটোৱেই যেন নোহোৱা হ’ল , মন মগজু ম’বাইলৰ ভিতৰত থকা ফেচবুক , হোৱাটচ্এপ , মেচেণ্জাৰ , লাইক কমেণ্ট অহ্ আৰু যে কত কি .... তাত মানৱ দৰদী হৃদয়খনৰ ঠাই ক’ত ? ইয়াত আছে আমাৰ খং মান অভিমান থগ প্ৰবঞ্চনা প্ৰতাৰণা ব্লেকমেইলিং চাইবাৰক্ৰাইম ইত্যাদি ইত্যাদি ৷ 
‌    ল’ৰাছোৱালীবোৰ খিংখিঙীয়া হ’ল ৷ ধৈৰ্য্য বোলা বস্তু নোহোৱা হ’ল ৷ সম্বন্ধৰ মাদকতা বুজিয়েই নোপোৱাৰ দৰে  হ’ল ... ৷ আমাৰ দিনত মাহী পেহী বুলিলে মাক নালাগেই ... ৷ কিন্তু আজিকালি ক’তদিনৰ পিছত মাহী জনী পেহী জনী আহিলেও ভাগীনবোৰ ভতিজাবোৰৰ  সময়েই নাই ৷ “ হাই মাহী , অলপ ৰ’বা দেই , দৰকাৰী কিবা এটা চাই আছোঁ ....” বচ্  মাহীৰ লগত কথা পতা হৈ গ’ল আৰু আপোনপাহৰা হৈ গ’ল ম’বাইলৰ প্ৰাসংগিকবোৰৰ স’তে ....৷ চিঠি লিখা হৃদয়িক  কলাটোৰো  এইদৰেই মৃত্যু হ’ল .....
‌    কিমাননো ক’ম কিমাননো শুনিম ....৷ যুগৰ পৰিবৰ্তনত এনে লাগে এই আইতাৰ সাধুকথাৰ আমেজ , চিঠিৰ ভাষাই কঢ়িয়াই অনা হৃদয়ৰ আলোড়নবোৰ অপ্ৰাসংগিক হৈ পৰাৰ দৰেই এদিন আমাৰ হাত ভৰি আনকি শৰীৰটোও অপ্ৰাসংগিক হৈ পৰিব ৷ ইবোৰৰ কোনো  কাম নোহোৱা হ’ব যিদিনা গোটেই পৃথিৱীখনত ৰবট নামৰ যন্ত্ৰটোৱে বিৰাজ কৰিবলৈ আৰম্ভ কৰিব ...অফিচ , স্কুল কাছাৰী কিম্বা বাৰি ঘৰ ক’তোৱেই মানুহৰ প্ৰয়োজন নহ’ব ..... , সেইদিনটো আহিলে আমাৰ কাম কি হ’ব .....৷
‌ম’বাইল ফোনটোৱে চিঠিৰ প্ৰাসংগিকতা নোহোৱা কৰাৰ দৰেই বিজ্ঞান প্ৰযুক্তিয়ে এদিন মানুহৰে প্ৰাসংগিকতা নোহোৱা কৰিব হয়তো ... 
‌     
✍️‌পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
‌নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)