নাৰী তোমাক প্ৰণাম ০২ | ধাৰাবাহিক উপন্যাস | হিমাংশু বৰা

Rinku Rajowar
0
বিচনাতে মূৰটো পেলাই কথাবোৰ ভাবি থাকোতেই  মানসীয়ে অনুভৱ কৰিলে যে কোনোবাই তাইৰ চুলিকোছাত ধৰি টানিছে, মূৰটো তুলি চাই দেখে যে তাইৰ শাহুৱেক মিনাক্ষী হাজৰিকা।

: অই কুলক্ষণী, এই সন্ধিয়াখনত মৰ টোপনি মাৰি আছ যে ভাত কোনে বনাব? মই বনাব লাগিব নেকি হা, ভাল জ্বলাই খাইছ' দে আৰু তই আমাক।

: মা--------

: চুপ একদম চুপ। নামাতিবি তই মোক "মা" বুলি। মোৰ ল'ৰাটোলৈ পলাই আহি তাৰ জীৱনটো খালি, এতিয়া মৰম চেলাবলৈ আহিছ হা --------
কি ভেবা লাগি চাই আছ ? চকু ঘোকটি আনিম চিনি পোৱা নাই? যা ভাত বনাগৈ।

         চাদৰৰ আঁচলখনেৰে মুখখন মুছি মানসী ভাত বনাবলৈ পাকঘৰলৈ আহিল। দালি বনাবলৈ প্ৰথমতে মানসীয়ে  দালিখিনি ধুই অলপ সময় কুমলিবলৈ দালিখিনি পানীত তিয়াই থ'লে আৰু ভাজিৰ বাবে পাচলি খিনি কাটিবলৈ ধৰিলে। পাচলি খিনি কাটি হোৱাৰ পিছত দালিখিনি গেছত বহাই দি মানসীৰ মনটো পুনৰ অতীতলৈ উৰা মাৰিলে। যিটোক তাই ধৰিবান্ধি ৰাখি থ'ব নোৱাৰিলে। 

        সদায় তাই পঢ়া কলেজখনৰ সন্মুখেৰে জোতা, চানগ্লাছ পিন্ধি বাইক লৈ যোৱা সুঠাম চেহেৰাৰ ল'ৰাজনে যেন মানসীৰ কোমল মনত প্ৰেমৰ এটি কোমল বীজৰ ৰোপণ কৰি তাইৰ মনত এক বিশেষ জোৱাৰৰ সঞ্চাৰ কৰিছিল। তাৰ বাহ‍্যিক ৰূপটোৱে মানসীক যেন ধীৰে ধীৰে তাৰফালে আকৰ্ষিত কৰিছিল। কিন্তু তেতিয়ালৈকে মানসীয়ে তাক চিনি পোৱাটো দূৰৰে কথা তাৰ নামটোকে গম পোৱা নাছিল। আৰু এদিন -----
          সেইদিনা আছিল বুধবাৰ। প্ৰথম ক্লাছটো কৰি মানসী কলেজৰ বাহিৰলৈ ওলাই আহিছিল। আনদিনাৰ দৰে সেইদিনাও মানসীৰ সপোণৰ কোঁৱৰজন ক'লা জিনচ্, হালধীয়া চাৰ্ট, চানগ্লাছ, আৰু জোতা পিন্ধি বাইক লৈ আহি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা মানসীয়ে তাক দেখা পোৱা নাছিল। কাণত হেডফোনডাল লগাই হাতেৰে মোবাইল টিপি টিপি আহি থাকোঁতে কেতিয়ানো তাই তেওঁৰ বাইকৰ সন্মুখত পৰি গৈছিল তাই টলকিবই নোৱাৰিলে। ভাগ‍্য ভাল আছিল তেওঁ সঠিক সময়ত বাইকখনৰ ব্ৰেক মাৰি দিয়াৰ বাবে কাৰো যেনিবা একো ক্ষতি নহ'ল। তেওঁ বাইকৰপৰা নামি আহিল ।

: আপুনি ঠিকে আছেনে? বেছিকৈ দুখ পালে নেকি? I am extremely sorry. মই আপোনাক দেখা পোৱা নাছিলোঁ।

: নাই নাই মই দুখ পোৱা নাই, আপুনি চিন্তা কৰিব নালাগে। আৰু আপুনি কিয় sorry কৈছে? দোষ মোৰহে আপোনাৰ নহয়। মইহে মোবাইল টীপি টিপি গান শুনি শুনি অন‍্যমনস্ক হৈ ৰাস্তাত খোজ কাঢ়ি আহি আছিলোঁ। 

: বাৰু ঠিকে আছে দিয়ক। আধা ভুল আপোনাৰ আৰু আধা ভুল মোৰ।

: নহয় নহয় আপোনাৰ গাত অকণো ভুল নাই। সম্পূৰ্ণ দোষ মোৰ।

: হ'ব দিয়ক, আপোনাৰ যে একো ক্ষতি নহ'ল সেয়ে বহুত।
        মানসী পৰি যোৱাৰ বাবে তাইৰ কাপোৰত অলপ ধূলি লাগিল, সেইখিনি গুচাই থাকোতেই তেওঁ পুনৰ ক'লে

: আপোনাৰ যদি সময় আছে আৰু যদিহে আপুনি বেয়া নাপায় তেন্তে কফি একাপ খাই আহো ব'লক। যদিহে আপুনি বিচাৰে তেতিয়াহে যাম।

             তেওঁৰ কথা শুনি মানসীয়ে এক সন্তুষ্টিৰ হাঁহি মাৰি "হ'ব" বুলি কৈ তেওঁৰ বাইকখনত উঠি দুয়ো ওচৰৰে কেন্টিনখনলৈ গ'ল। বাইকত যাওঁতে তাৰ দেহৰ এটি বিশেষ সুবাসে মানসীক যেন প্ৰাণচঞ্চলা কৰি তাৰ আৰু কাষলৈ চপাই আনিছিল। তাইৰ মনত প্ৰেমৰ ঐনিতমে সুৰ তুলিবলৈ আৰম্ভ কৰিছিল,  প্ৰথম প্ৰেমৰ আকাশীগংগাখন তাৰ বাইকৰ পিছত বহাৰ পৰা যেন বেছি খৰস্ৰোতা হৈ পৰিছিল, প্ৰেমৰ বতাহজাক আৰু বেছি জোৰকৈ ব'বলৈ ধৰিছিল। আৰু কেন্টিনৰ সন্মুখত সি বাইকখন ব্ৰেক মাৰি ৰখাই দিওঁতে যেতিয়া তাৰ দুবাহুত তাইৰ হাতখন লাগি গৈছিল তেতিয়া নাম নথকা এটি স্বৰ্গীয় সুখানুভূতিয়ে তাইক বেৰি ধৰিছিল।

: আকৌ এবাৰ sorry দেই, বেয়া নাপাবা ।

: নাই নাই, It's ok.

: আহা, ভিতৰলৈ যাওঁ।
    
        ভিতৰলৈ সোমাই গৈ দুয়োৱে এখন টেবুল পছন্দ কৰি বহিলে আৰু সি দুকাপ কফি আৰু কেক্‌ অৰ্ডাৰ দিলে।

: পিছে তোমাৰ নামটো কি?

: মোৰ নাম মানসী বৰা আৰু আপোনাৰ?

: "মানসী" বৰ ধুনীয়া নাম দেই। মোৰ নাম ৰক্তিম বিকাশ হাজৰিকা।
    মানসীয়ে প্ৰথমবাৰৰ বাবে তাৰ নামটো শুনি বৰ ভাল পালে। আকৌ তাই তাৰ প্ৰেম মানসত ডুবু ডুবু হ'ল। কেনেবাকৈ নিজকে ৰখালে আৰু তাই। এটা অচিন অনুভূতি মানসীৰ মনত ৰক্তিমক লগ পোৱাৰ পৰা জাগিছে।

: Wow. আপোনাৰ নামটোও বৰ ধুনীয়া দেই।

: হা হা Thank you thank you. 

        এনেতে হোটেলৰ ল'ৰা এজনে আহি দুয়োকে কফি আৰু কেক দিলেহি। কফিকাপ হাতত লৈ পুনৰ ৰক্তিমে মানসীক সুধিলে---

: পিছে তুমি এতিয়া কি পঢ়ি আছা?

: মই এইবাৰ বি.এ.ৰ লাষ্ট চেমিষ্টাৰ।

: মেজৰ আছে?

: উমম।

: কিহত?

: ইংৰাজীত।

: অ' আটছা।

: আৰু আপুনি কি কৰি আছে?

: মই ইঞ্জিনিয়াৰিং পাছ কৰি এজন ইঞ্জিনিয়াৰ হিচাপে এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰি আছো।

: অহ হয় নেকি! বৰ ভাল কথা।

: ধন্যবাদ। হাঁহি মাৰি ৰক্তিমে ক'লে।

        কফিকাপ শেষ কৰি এইবাৰ মানসীয়ে ক'লে--

: মই যাওঁ দিয়ক। লগৰ কেইজনী 
চাগে ৰৈ আছে, ক্লাছ আছে মানে মোৰ।

: অহ হয় নেকি? বাৰু যোৱা তেন্তে, পিছত আকৌ লগ পাম তেতিয়া ভালকৈ কথা পাতিম।

: নিশ্চয়।
       
      তাৰপিছত মানসী সেই ঠাইত আৰু এক ছেকেণ্ডো নৰখি হাঁহি মাৰি বাহিৰলৈ গুছি আহিল। বাহিৰলৈ আহি তাই আৰু ক্লাছ নকৰোঁ বুলি ভাবিলে আৰু ৰিক্সা এখনত উঠি তাই ঘৰলৈকে গুছি আহিল। ৰিক্সাত আহি থাকোঁতেও তাই গোটেই ৰাস্তাটো কেৱল তাৰ কথাকে ভাবি আহিল। "এহ কিহে পাইছিল মোক তাৰ কাষৰ পৰা গুছি আহিবলৈ! ইমান ধুনীয়াকৈ সি মোৰ লগত কথা পাতি আছিল আৰু অলপ সময় কথা পাতিব পাৰিলোঁ হয়। নাই নাই বেছি কথা পাতিলে সি কি বুলি ভাবিব! নাই নাই দেই যি কৰিলোঁ ভালেই কৰিলোঁ। কিন্তু মই তাৰ ফোন নম্বৰটো লৈ আনিব লাগিছিল, অন্ততঃ ঘৰলৈ গৈ ফোন এটাকে কৰিব পাৰিলোঁ হয়। এহ যা তেৱেঁই মোৰ ফোন নম্বৰটো বিচৰা নাই, মইনো কিয় বিচাৰিম? মোৰ কিবা ইগ' নাই নেকি? মোৰো লেবেল আছে। তেওঁ দেখিবলৈ ধুনীয়া হ'ল বুলি মই কিবা বেয়া নেকি? ময়োতো কম ধুনীয়া নহয়?" এনেকৈ ভাবি ভাবি আহি থাকোঁতে কেতিয়ানো তাই ঘৰ পালেহি গমকে নাপালে। ৰিক্সাৱালাজনক পইছাটো দি তাই গেটখন খুলি ভিতৰলৈ সোমাই গ'ল। 

     ৰুমত সোমাই কাপোৰ কানি সলাই হাত মুখ ধুই  গাৰুটোকে বুকুৰ মাজত লৈ তাই বিচনাতে পৰি আকৌ তাৰ কথাকে ভাবি ভাবি টোপনি গ'ল। মাকে আহি জগাই দিয়াতহে তাই সাৰ পালে। 

: কি হ'ল মাজনী? আজি ইমান সোনকালে কলেজৰ পৰা আহিলা যে? ক্লাছ নহ'ল নেকি নে তোমাৰ গা ভাল নহয়?

: নহয় মা ক্লাছ হৈছে আৰু মোৰ ক্লাছো আছিল এটাহে কৰিলোঁ। মোৰ গাটোও ভাল কিন্তু মোৰ আজি ক্লাছ কৰিবলৈ মন নগ'ল সেইবাবে ঘৰলৈকে গুছি আহিলোঁ।

: ভালেই কৰিলা। সদায় সদায় নো কিমান পঢ়ি থাকিবা একেসোপাকে? মাজে মাজে অলপ ৰেষ্টো ল'ব লাগে। বাৰু তুমি কিবা খাবা নেকি?

: নাই মা এতিয়া আৰু একো নাখাওঁ, ভোক নাই। একেবাৰে তোমালোকৰ লগত ভাতকে খাম। আৰু দেউতা নাই নেকি?

: নাই তোমাৰ দেউতা শইকীয়া খুড়াহঁতৰ ঘৰত গৈছে। হ'ব বাৰু তুমি এতিয়া ৰেষ্ট লোৱা। মই পাকঘৰলৈ যাওঁ। 

: উমম। ভাত হ'লে মোক জগাই দিবা।

: ঠিক আছে। শোৱা এতিয়া। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)