এতিয়াও জীয়াই
মানৱীয়তা বুলিলে
কিনো বুজায়?
নকওঁ চৰকাৰ
প্ৰশাসনৰ কথা
কাৰো ওচৰতেই
বিচাৰি নাপাওঁ
মানৱীয়তা।
কিয় বাৰে বাৰে
কোৱা হয় ধৰ্মৰ কথা
ধৰ্মই শিকায় নে বাৰু
অমানৱীয়তা?
হিন্দু মুছলমান বুলি
নাহে কোনো কথা
সকলো ধৰ্মতেই
দেখো মই মানৱীয়তা।
তেন্তে কিয় আমি
চিন্তা কৰিব নোৱাৰো
হিন্দু - মুছলমান
এক হওঁ বুলি?
ধৰ্মৰ সংঘাতত
হিংসাৰ বাদে
আন একো জানো
আমি পাওঁ।
মন্দিৰ দেখিলে
প্ৰণাম কৰোঁ
মছজিদ দেখিলে
ছালাম কৰোঁ
কাৰণ সকলোতে মই
সম্প্ৰীতিৰ
বতৰা পাওঁ।
হেৰৌ সাম্প্ৰদায়িকতাৰ দল
অমানৱীয়তাই
তহঁতৰ সম্বল।
ধৰ্মৰ ৰাজনীতি
তহঁতৰ
কোনো দিনেই
নহয় সফল।
এদিন বিফল হ'ব
তহঁতৰ ৰণ কৌশল
শূণ্য হ'ব সকলো
কু-চক্ৰান্তৰ ফল।
সময়ে একত্ৰিত কৰিব
হিন্দু - মুছলমানক
দেখুৱাই দিব
সম্প্ৰীতিৰ বল।
মৰহি যাব
সাম্প্ৰদায়িকতা
দেখা পাম
মানৱীয়তাৰ ফল।