শাওণৰ চিপচিপীয়া বৰষুণতহে তিয়াব খোজোঁ নিজক
জীপাল কৰিব খোজোঁ মোৰ সেউজ সত্ত্বাক ৷
শাওণৰ দোপালপিটা বৰষুণ জাকত তিতি
মোৰ কোমল বুকুত সিঁচি দিব বিচাৰোঁ সোণগুটিৰ সপোন
সেউজীয়া কৰিব বিচাৰোঁ মোৰ উৰ্বৰা বুকু৷
বৰষুণৰ কোমল আঘাতত
যৌৱন মতী হ’ব মোৰ ক্লীৱ পথাৰৰ
ক্ৰমে লহপহকৈ বাঢ়িব সেউজীয়া সপোনবোৰ
দবাপিটা বৰষুণত জুৰ পৰিব হৃদয়ৰ বাসনা৷
ভদীয়া ঢল মই ভাল নাপাওঁ,
যি তচনচ কৰে মোৰ অস্তিত্বক
উটুৱাই লৈ যায় মোৰ সমস্ত সৃষ্টিক;
সেয়ে মই সপোন সপোন লগা চিপচিপীয়া
বৰষুণহে ভাল পাওঁ,
যাৰ পৰশত সৃষ্টি হয় সঞ্জীৱনী ধৰা।
অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই-আলোচনী ৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালোঁ৷
ReplyDelete